ETV Bharat / state

Strange incident of ITI authorities: শিক্ষাৰ্থীৰ প্ৰমাণপত্ৰ ফলাৰ অভিযোগ ITI কৰ্তৃপক্ষৰ বিৰুদ্ধে

author img

By

Published : Dec 8, 2022, 10:38 AM IST

Updated : Dec 8, 2022, 1:40 PM IST

বামুনিমৈদামস্থিত ITI কৰ্তৃপক্ষৰ নাভূত নাশ্ৰুত কাণ্ড ! শিক্ষাৰ্থীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল প্ৰমাণপত্ৰ ফালিলে ITI কৰ্তৃপক্ষই, লগতে ৰঙা চিয়াঁহীৰে প্ৰমাণ পত্ৰত Cancel বুলিও লিখিলে কৰ্তৃপক্ষই । এই অভিযোগ প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ একাংশ ভুক্তভোগী শিক্ষাৰ্থীৰ ৷

iti-authorities-tore-up-original-certificates-of-hslc-examination
শিক্ষাৰ্থীৰ প্ৰমাণপত্ৰ ফলাৰ অভিযোগ ITI কৰ্তৃপক্ষৰ বিৰুদ্ধে

গুৱাহাটী, 8 ডিচেম্বৰ: বামুনিমৈদামস্থিত অসম ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (ITI) ৰ টোঘলকী কাণ্ড ! শিক্ষাৰ্থীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল প্ৰমাণপত্ৰ ফালিলে ITI কৰ্তৃপক্ষই, লগতে প্ৰমাণপত্ৰত ৰঙা চিয়াঁহীৰে Cancel বুলিও লিখিলে প্ৰশিক্ষণ প্ৰতিষ্ঠান কৰ্তৃপক্ষই । এই অভিযোগ একাংশ ভুক্তভোগী শিক্ষাৰ্থীৰ ৷

জানিব পৰা মতে, ৰাষ্ট্ৰীয় বৃত্তিমূলক প্ৰশিক্ষণ পৰিষদৰ (NCVT) পাঠ্যক্ৰমৰ বাবে উড়িশালৈ পঠিয়াবলৈ ITI কৰ্তৃপক্ষই প্ৰায় বিশজন শিক্ষাৰ্থীৰ পৰা সংগ্ৰহ কৰিছিল মূল প্ৰমাণ পত্ৰসমূহ । এইখিনিলৈকে সকলো ঠিকেই আছিল ৷ কিন্তু প্ৰমাণ পত্ৰসমূহ ঘূৰাই নিবলৈ আহি ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটোৰ কৰ্তৃপক্ষৰ কৰ্মকাণ্ড দেখি হতবাক হৈ পৰে শিক্ষাৰ্থীসকল ৷ প্ৰমাণ পত্ৰসমূহ ফলাৰ লগতে প্ৰমাণ পত্ৰসমূহত ৰঙা চিয়াঁহীৰে লিখিলে Cancel ।

ITI কৰ্তৃপক্ষৰ এনে নাভূত-নাশ্ৰুত কাণ্ড দেখি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত ৷ ইফালে কি কাৰণে ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটোৰ কৰ্তৃপক্ষই এনেদৰে শিক্ষাৰ্থীৰ প্ৰমাণ পত্ৰসমূহ ফালিলে আৰু ৰঙা চিয়াঁহীৰে লিখিলে সেই বিষয়ে প্ৰথম অৱস্থাত জানিব দিয়া নাছিল কৰ্তৃপক্ষই ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল প্ৰমাণ পত্ৰ ফলাৰ অভিযোগ IIT কৰ্তৃপক্ষৰ বিৰুদ্ধে

আনফালে ITI কৰ্তৃপক্ষৰ এনে কৰ্মকাণ্ডই বিপাঙত পেলাই শিক্ষাৰ্থীসকলক ৷ উপায়হীন হৈ ভুক্তভোগী শিক্ষাৰ্থীসকলে অৱশেষত কাষ চাপিল চান্দমাৰী আৰক্ষীৰ । শিক্ষাৰ্থীৰ অভিযোগৰ ভিত্তিত চান্দমাৰী আৰক্ষীৰ এটা দল প্ৰশিক্ষণ কেন্দ্ৰটোত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ।

আৰক্ষীৰ তদন্তৰ সময়ত প্ৰশিক্ষণ কেন্দ্ৰটোৰ সঞ্চালক তিলক দাস উপস্থিত নাছিল কাৰ্যালয়ত । কেন্দ্ৰটোৰ অন্য এজন কৰ্মচাৰীৰ সৈতে হোৱা আৰক্ষীৰ বাৰ্তালাপৰ পিছত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৰ্তৃপক্ষই । ITI কৰ্তৃপক্ষৰ মতে, NCVT পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে উড়িশালৈ পঠিওৱা হৈছিল শিক্ষাৰ্থীৰ প্ৰমাণ পত্ৰসমূহ আৰু তাৰ পৰাই ১৯ জন শিক্ষাৰ্থীৰ প্ৰমাণ পত্ৰসমূহ ফলাৰ লগতে ৰঙা চিয়াঁহীৰে Cancel বুলি লিখা অৱস্থাত ঘূৰাই পাইছিল প্ৰশিক্ষণ কেন্দ্ৰটোয়ে ।

কিন্তু কি কাৰণে এনে হ’ল সেয়া ITI কৰ্তৃপক্ষ অৱগত নহয় বুলি জানিবলৈ দিয়ে । এই বিষয়ে NCVT কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি থকা হৈছে বুলিও জানিবলৈ দিয়ে । প্ৰশিক্ষণ কেন্দ্ৰটোৰ কৰ্মচাৰীগৰাকীয়ে কোৱা ধৰণেই প্ৰকৃততে NCVT কৰ্তৃপক্ষৰ দ্বাৰা এনে কৰ্ম কৰা হৈছিল নে মহানগৰীৰ বামুনিমৈদামস্থিত অসম ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ কোনো কৰ্মচাৰীয়ে সংঘটিত কৰিছে সেয়া অৱশ্যে আৰক্ষীৰ সম্পূৰ্ণ তদন্ততৰ অন্ততহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক: Student assaulted at Dhing college: ছাত্ৰক আক্ৰমণক কেন্দ্ৰ কৰি উত্তপ্ত ধিং মহাবিদ্যালয়

Last Updated : Dec 8, 2022, 1:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.