ETV Bharat / state

CM in Tezpur: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ কোনো বিজেপি বিধায়কৰ আপত্তি নাই; মুখ্যমন্ত্ৰী

author img

By

Published : Jun 30, 2023, 6:34 PM IST

শোণিতপুৰ জিলাত 100 কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ কাম-কাজৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বিশ্ব অভিলেখ গঢ়া বিহুৱা-বিহুৱতীকো চেক প্ৰদান কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ ৷

CM in Tezpur
CM in Tezpur

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ কোনো বিজেপি বিধায়কৰ আপত্তি নাই; মুখ্যমন্ত্ৰী

তেজপুৰ, 30 জুন: কেইবাটাও কাৰ্যসূচী হাতত লৈ শুকুৰবাৰে তেজপুৰত উপস্থিত হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ তেজপুৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে বিশ্ব অভিলেখ গঢ়া শোণিপুৰ জিলাৰ মুঠ 11শ বিহুৱা-বিহুৱতীক চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেজপুৰত লিচু পুখুৰীৰ এখন পার্ক আৰু ৱাকিং জ’নো (Walking Zone) মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ শোণিতপুৰ জিলাত প্ৰায় 100 কোটি টকাৰ প্ৰকল্পৰ কাম শুভাৰম্ভ কৰে ড৹ শৰ্মাই ৷

সমষ্টি পুনৰ নিৰ্ধাৰণকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ একাংশ বিজেপি বিধায়কে খচৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰা বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিৰ কোনো এগৰাকী বিধায়কেও অসন্তুষ্টি প্ৰকাশ কৰা নাই ৷ কোনো বিজেপি বিধায়কে আপত্তি দৰ্শোৱা নাই বুলিও কয় ড৹ শৰ্মাই ৷

লগতে তেওঁ কয় যে যি সকল নেতাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক বিৰোধিতা কৰি ৰাজপথত আন্দোলনত নামিছে তেওঁলোকৰ যিকোনো সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ সাহস নাই ৷ জালুকবাৰী সমষ্টিৰ কিছু সাস-সলনি হোৱাৰ পাচতো মই চিন্তিত হোৱা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইফালে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰিব বুলি চৰ্চা হোৱা খবৰক উৰা বাতৰি বুলি কয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ উল্লেখ্য যে ইতিমধ্যেই মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে টুইটাৰযোগে পদত্যাগ নকৰাৰ কথা ঘোষণা কৰিছে ৷ মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে বিগত দিনকেইটাত কৈ এতিয়া মণিপুৰৰ পৰিস্থিতি যথেষ্ট উন্নত হৈছে ৷ লাহে লাহে স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলিও আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: Manipur Violence: সংকট বেলাত যুঁজি যোৱাৰ অংগীকাৰ; পদত্যাগ নকৰে বীৰেণ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.