ETV Bharat / bharat

Manipur Violence: সংকট বেলাত যুঁজি যোৱাৰ অংগীকাৰ; পদত্যাগ নকৰে বীৰেণ সিঙে

author img

By

Published : Jun 30, 2023, 5:00 PM IST

Updated : Jun 30, 2023, 5:07 PM IST

অৱশেষত পদত্যাগ সন্দৰ্ভত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া ৷ টুইটযোগে জনালে, পদত্য়াগ নকৰে তেওঁ ৷ বহুতো সমৰ্থকে তেওঁক এই পদত্যাগৰ সিদ্ধান্ত বাতিলৰ বাবে দাবী জনাইছিল ৷

manipur cm n biren singh visits manipur governor anusuiya uikey
পদত্যাগ নকৰে বীৰেণ সিঙে

নিউজ ডেস্ক, 30 জুন: প্ৰায় দুমাহ ধৰি মণিপুৰত জ্বলি থকা হিংসাৰ জুইকুৰা আজিও নুমুৱা নাই ৷ প্ৰায় প্ৰতিদিনেই নতুন নতুন সংঘাতৰ সৈতে মোকাবিলা কৰিব লগীয়া হৈছে মণিপুৰৰ জনতাই ৷ তাৰ মাজতে শুকুৰবাৰে বিয়লি মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰিব বুলি বিয়পিছিল এক খবৰ ৷ বিয়লি 3 বজাত ৰাজ্যপাল অনুসূয়া উইকীক সাক্ষাৎ কৰি পদত্যাগ কৰাৰ সম্ভাৱনা আছিল মুখ্যমন্ত্ৰীৰ ৷ কিন্তু টুইটযোগে পদত্যাগ নকৰাৰ কথা স্বীকাৰ কৰে এন বীৰেণ সিঙে ৷

  • At this crucial juncture, I wish to clarify that I will not be resigning from the post of Chief Minister.

    — N.Biren Singh (@NBirenSingh) June 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এন বীৰেণ সিঙে পদত্যাগ কৰিব বুলি চৰ্চা হোৱাৰ পিচতে অসংখ্য সমৰ্থকে ইয়াৰ বিৰোধিতা কৰে ৷ মুখ্য়মন্ত্ৰী এন বীৰেণ সিঙৰ বাসগৃহৰ সমুখত আহি ভিৰ কৰেহি অসংখ্য লোকে ৷ হাতে হাতে প্লে’কাৰ্ড লৈ মুখ্যমন্ত্ৰীক পদত্যাগ নকৰিবৰ বাবে অনুৰোধ জনায় সমৰ্থক সকলে ৷

উল্লেখ্য যে, মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সূত্ৰপাত ঘটা গোষ্ঠী সংঘৰ্ষত শতাধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছে তিনি সহস্ৰাধিক লোক ৷ হিংসাৰ জুইত ঘৰ-দুৱাৰ জাহ যোৱাত শিবিৰত বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে পাহাৰীয়া ৰাজ্যখনৰ কেইবা লক্ষাধিক লোকে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মণিপুৰত ভাৰতীয় সেনাৰ অৰ্ধশতাধিক কোম্পেনী মোতায়ন কৰা হৈছে যদিও শান্ত হোৱা নাই মণিপুৰ ৷

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰত চাৰিদিন বাহৰ পাতি পৰিস্থিতি পৰ্যবেক্ষণ কৰে যদিও কোনো সমাধান সূত্ৰ নোলাল ৷ কেইবাজনো ৰাজনৈতিক নেতাৰো ঘৰ জ্বলাই দিলে উত্তেজিত প্ৰতিবাদকাৰীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিষয়ত মৌনতা অৱলম্বন কৰাত ক্ষোভ দুগুণে বৃদ্ধি পায় মণিপুৰী জনতাৰ ৷ প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান চলি থকাৰ মাজতে মণিপুৰত ৰেডিঅ’ ভাঙি জনতাই প্ৰতিবাদ সাব্যস্ত কৰাও দেখা গ’ল ৷

লগতে পঢ়ক: Rahul Gandhi Manipur visit : মণিপুৰ ভ্ৰমণৰ মাজতে ৰাহুল গান্ধীৰ আৱেগিক পোষ্ট

উল্লেখ্য যে, 2017 চনৰ পাচত 2022 চনত মণিপুৰত দ্বিতীয়বাৰৰ বাবে বিজেপিৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈছিল এন বীৰেণ সিং ৷ বিভিন্ন সময়ত মণিপুৰত চৰকাৰ ভংগ বা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধাচাৰণ কৰাৰ পৰিবেশ সৃষ্টি হ’লেও শাসনভাৰ চলাই নিছে বীৰেণ সিঙে ৷ কিন্তু প্ৰায় দুমাহে চলি থকা এই হিংসাৰ ফলত এন বীৰেণ সিং নেতৃত্বাধীন চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বান আহি পৰিছিল ৷ কিন্তু ধৈৰ্য নেহেৰুৱাই, সমস্যাৰে যুঁজ দিয়াৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীগৰাকীৰ ৷

Last Updated : Jun 30, 2023, 5:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.