ETV Bharat / state

৮ ডিচেম্বৰত মিজোৰামৰ নতুন চৰকাৰৰ শপত গ্ৰহণ; গুৰুত্ব বাঢ়িছে ৩ মহিলা বিধায়কৰ

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 4:54 PM IST

ZPM wins Mizoram election 2023
মিজোৰামৰ নিৰ্বাচনত দৃষ্টি আকৰ্ষণ ৩ মহিলাৰ

মিজোৰামৰ শেহতীয়া নিৰ্বাচনী ফলাফলত তিনিগৰাকী মহিলাই শিৰোনাম দখল কৰিছে । এই তিনিগৰাকীৰ ভিতৰত সৌন্দৰ্যৰ ফালৰ পৰাও আকৰ্ষণৰ এক কেন্দ্ৰবিন্দু হৈ পৰিছে । এক কথাত ক'বলৈ গ'লে মিজোৰামৰ জোৰাম পিপ'লছ মুভমেণ্টৰ দলত দুগৰাকী মহিলাই সকলোকে আকৰ্ষিত কৰিছে ।

তেজপুৰ, ৫ ডিচেম্বৰ : অহা ৮ ডিচেম্বৰত শপত গ্ৰহণ কৰিব মিজোৰামৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে । জোৰাম পিপ'লছ মুভমেণ্ট দলে ৰাজ্যখনত শাসনৰ বাঘজৰী হাতত পোৱাৰ পিছত জেড পি এমৰ সভাপতি লালডুহুমাই ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । ৰাজ্যিক তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা এই কথা সদৰী কৰিছে । আনহাতে, মিজোৰামৰ নিৰ্বাচনী ফলাফলত সকলো ৰাজনৈতিক ৰথী-মহাৰথীৰ সমানে দৃষ্টি আকৰ্ষণ কৰিছে মহিলা নেত্ৰীয়ে ।

মিজোৰামৰ শেহতীয়া নিৰ্বাচনী ফলাফলত তিনিগৰাকী মহিলাই শিৰোনাম দখল কৰিছে । এই তিনিগৰাকীৰ ভিতৰত সৌন্দৰ্যৰ ফালৰ পৰাও আকৰ্ষণৰ এক কেন্দ্ৰবিন্দু হৈ পৰিছে । এক কথাত ক'বলৈ গ'লে মিজোৰামৰ জোৰাম পিপ'লছ মুভমেণ্টৰ দলত দুগৰাকী মহিলাই সকলোকে আকৰ্ষিত কৰিছে । ইয়াৰে ভিতৰত লালৰিনপুই আৰু বেৰিল ভান্নেইহছাংগী বিজয়ী জোৰাম পিপ'লছ মুভমেণ্টৰ (জেড পি এম) আৰু প্ৰাভো চাকমা বিদায়ী মিজো নেচনেল ফ্ৰণ্টৰ (এম এন এফ) ।

এই তিনিগৰাকী মহিলা নেত্ৰীয়ে এতিয়া সামাজিক মাধ্যমতো শিৰোনাম দখল কৰিছে । লুংলেই ইষ্টৰ পৰা লালৰিণপুয়ে, আইজল ছাউথ-৩ৰ পৰা ভান্নেইহছাংগী আৰু পশ্চিম টুইপুইৰ পৰা প্ৰাভোৱে জয়লাভ কৰে । ইয়াৰে ভিতৰত কনিষ্ঠ আৰু প্ৰথম বিজয়ী ভান্নেইহছাংগী মাত্ৰ ৩২ বছৰীয়া । ইয়াৰ বিপৰীতে প্ৰাভো চাকমাৰ বয়স ৪৮ আৰু লালৰিণপুই হৈছে এগৰাকী ৬১ বছৰীয়া নিৰ্বাচিত মহিলা বিধায়ক ।

১৯৭২ চনত মিজোৰামৰ বিধায়িনী দললৈ প্ৰথমগৰাকী মহিলা বিধায়ক নিৰ্বাচিত হয় । উল্লেখ্য যে ১৯৭২ চনতে মিজোৰামক ৩০ জনীয়া বিধানসভাৰে কেন্দ্ৰীয়শাসিত অঞ্চললৈ উন্নীত কৰা হয় । আনহাতে, ১৯৭৮ চনত তদানীন্তন মুখ্যমন্ত্ৰী টি চাইলোৰ নেতৃত্বত পিপ'লছ কনফাৰেন্সৰ (পি চি) মহিলা বিধায়ক আছিল এল থানমাৱি ।

ইয়াৰ পিছত পি চিৰে দ্বিতীয়গৰাকী মহিলা বিধায়ক হিচাপে ১৯৮৪ চনত নিৰ্বাচিত হয় থানচিয়ামী । তাৰ পৰৱৰ্তী সময়ত নিৰ্বাচিত হয় এম এন এফৰ লালহলিমপুই । লালহলিমপুয়ে ১৯৮৭ চনত মুখ্যমন্ত্ৰী লালডেংগাৰ নেতৃত্বত গঠিত চৰকাৰত ৰাজ্যৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছিল ।

লগতে পঢ়ক :কোন বহিব মধ্যপ্ৰদেশৰ সিংহাসনত; মুখ্যমন্ত্ৰীৰ দৌৰত ৫ বিজেপি নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.