ETV Bharat / bharat

কোন বহিব মধ্যপ্ৰদেশৰ সিংহাসনত; মুখ্যমন্ত্ৰীৰ দৌৰত ৫ বিজেপি নেতা

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 3:47 PM IST

MP Assembly Election result 2023
কোন বহিব মধ্যপ্ৰদেশৰ সিংহাসনত; মুখ্যমন্ত্ৰীৰ দৌৰত ৫ বিজেপি নেতা

মধ্যপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব ? এতিয়াও চূড়ান্ত কৰা নাই বিজেপিৰ থিংক টেংকে । কিন্তু তাৰ মাজতে অৱশ্যে চৰ্চালৈ আহিছে পাঁচটা নাম । বৰ্তমানৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপৰি চৰ্চাত আছে জ্যোতিৰাদিত্য সিন্ধিয়া, কৈলাস বিজয়বৰ্গীয়, নৰেন্দ্ৰ সিং তোমৰ আৰু প্ৰহ্লাদ পেটেলৰ নাম ।

নিউজ ডেস্ক, ৫ ডিচেম্বৰ : মধ্যপ্ৰদেশত বিজেপিৰ নিৰংকুশ বিজয়ৰ পিছত এতিয়া দেশৰ ৰাজনীতিত মুখ্যমন্ত্ৰীৰ পদ সন্দৰ্ভত চৰ্চা তীব্ৰতৰ হৈ পৰিছে । পৰিস্থিতি এনেকুৱা হৈছে যে ৰাজ্যখনত মুখ্যমন্ত্ৰী পদৰ সকলো দাবীদাৰে এতিয়া বিধায়িনী দলৰ বৈঠকত তেওঁলোকৰ নাম ঘোষণাৰ বাবে বিজেপিত আভ্যন্তৰীণভাৱে লবী ৰাজনীতি আৰম্ভ হৈছে । অৱশ্যে এইটো অন্য এটা বিষয় যে এই মুহূৰ্তত কোনেও বিষয়টো সন্দৰ্ভত মুকলিকৈ একো ক'ব খোজা নাই ।

আনহাতে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দাবীদাৰ সকলো প্ৰতিদ্বন্দ্বীয়ে কৈছে যিয়েই যিমুখ্যমন্ত্ৰী নহওক কিয়, তেওঁ কিন্তু দলৰ কৰ্মী হ'ব লাগিব । লগতে কোন মুখ্যমন্ত্ৰী হ'ব সেয়া দলটোৱে সিদ্ধান্ত ল'ব । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ তথা মালৱা-নিমাৰ সমষ্টিৰ বিধায়ক কৈলাস বিজয়বৰ্গীয়ই কয় যে বিধায়িনী দলৰ বৈঠকত মুখ্যমন্ত্ৰী বাছনি কৰা হ'ব । কিন্তু যিয়ে হ'ব, তেওঁ এগৰাকী দলীয় কৰ্মী হ'ব ।

উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে দুবাৰকৈ যেতিয়া মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তনক লৈ বিষয়টো উত্থাপন হৈছিল, তেতিয়া ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছিল । কিন্তু দলীয় সংগঠনে নিৰ্বাচনক অগ্ৰাধিকাৰ দি এই পৰিৱৰ্তন পিছুৱাই দিছিল । এই কাৰণেই এইবাৰ নিৰ্বাচনৰ সময়ত বিজেপিয়ে কাকো মুখ্যমন্ত্ৰীৰ মুখ হিচাপে প্ৰক্ষেপ কৰা নাছিল । এনে পৰিস্থিতিত এয়া স্পষ্ট যে মধ্যপ্ৰদেশৰ যিসকল দিগ্বজ নেতাই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছে, এতিয়া তেওঁলোক সকলোৱে মুখ্যমন্ত্ৰী পদৰ বাবে আশা কৰি আছে ।

আনহাতে, এইটোও অনুমান কৰা হৈছে যে সকলোৱে তেওঁলোকৰ নিজৰ স্তৰত ৰাজনৈতিক সমীকৰণ সৃষ্টিত নিয়োজিত হৈ আছে । অৱশ্যে দলটোৱে বিধায়িনী দলৰ নেতাৰ বাবে কাৰ নাম নিৰ্ধাৰণ কৰে সেয়া চাবলগীয়া বিষয় হ'ব । এই বিষয়টো সন্দৰ্ভত দিল্লীতো এক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

মুখ্যমন্ত্ৰীৰ দাবীদাৰ প্ৰাৰ্থী কোন কোন

কৈলাস বিজয়বৰ্গীয়

একেৰাহে ছয়বাৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত মেয়ৰ আৰু বিজেপিৰ সাধাৰণ সম্পাদকৰ দৰে দলৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত কৈলাস বিজয়বৰ্গীয় কেৱল মুখ্যমন্ত্ৰী পদৰ বাবে আগ্ৰহী । বিজয়বৰ্গীয়ই আশা কৰে যে ৰাজনৈতিক সংগ্ৰামৰ সময়ত যেতিয়া অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ দায়িত্ব গ্ৰহণ কৰিছিল, কৈলাস বিজয়বৰ্গীয়ই সেই সময়ৰ ঘনিষ্ঠতাৰ ভিত্তিত সুযোগ পাব । তেওঁ আশা কৰে যে গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁক যেতিয়াই যি দায়িত্ব দিছিল সেয়া সুন্দৰভাৱে পালন কৰাৰ পিছত দলটোৱে তেওঁক এইবাৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব পাৰে ।

জ্যোতিৰাদিত্য সিন্ধিয়া

কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰাৰ পিছত মধ্যপ্ৰদেশত বিজেপি চৰকাৰ গঠন কৰা জ্যোতিৰাদিত্য সিন্ধিয়ায়ো মুখ্যমন্ত্ৰী হোৱাৰ আকাংক্ষা কৰিছে । এইটোও বিশ্বাস কৰা হৈছে যে সিন্ধিয়াক দলটোৱে মুক্যমন্ত্ৰী হিচাপে দায়িত্ব দিব পাৰে । বহু ৰাজনৈতিক বিশ্লেষকৰ মতে, ভৱিষ্যতে যিহেতু সিন্ধিয়া মধ্যপ্ৰদেশত দলৰ প্ৰধান মুখ হ'ব পাৰে, সেয়ে বিজেপিয়ে তেওঁৰ ওপৰতো বাজি ধৰিব পাৰে ।

প্ৰহ্লাদ পেটেল

কেন্দ্ৰীয় কেবিনেটত থকাৰ পিছত শেহতীয়া বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰহ্লাদ পেটেলৰ নামো মুখ্যমন্ত্ৰী পদৰ বাবে আলোচনাত আছে । পেটেল এইক্ষেত্ৰত আগবাঢ়ি আহিব পাৰে, কাৰণ তেওঁ হৈছে অ'বিচিৰ মুখ আৰু তেওঁ এগৰাকী অভিজ্ঞ নেতা । ইয়াৰ বাবেও তেওঁৰ ক্ষেত্ৰত আশা আছে । আনহাতে, পেটেলে দিল্লীত অমিত শ্বাহ আৰু মোদীৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্কৰ পৰাও লাভান্বিত হ'ব পাৰে ।

শিৱৰাজ সিং চৌহান

বৰ্তমানৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান পুনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ থাকিবলৈ আভ্যন্তৰীণভাৱে সক্ৰিয় হৈ আছে । তেওঁ শেহতীয়া নিৰ্বাচনত তেওঁৰ 'লাডলি বেহেন' আঁচনিৰ গেম চেঞ্জাৰ হোৱাৰ সুবিধাও পাব পাৰে । ইয়াৰ উপৰি দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী হোৱাৰ বাবে দিল্লীত থকা তেওঁৰ সম্পৰ্কৰ জৰিয়তে পুনৰ এবাৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ সুযোগ পাব পাৰে ।

নৰেন্দ্ৰ সিং তোমৰ

নৰেন্দ্ৰ সিং তোমৰ অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এগৰাকী বিশ্বস্ত মন্ত্ৰী । মধ্যপ্ৰদেশ নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন সমিতিতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । তোমৰক নিৰ্বাচনলৈকে শিৱৰাজৰ বিকল্প হিচাপে গণ্য কৰা হৈছিল । কিন্তু তেওঁৰ পুত্ৰৰ ভিডিঅ' ভাইৰেল হোৱাৰ বাবে তেওঁ এতিয়া এই বিষয়ত ৰাজনৈতিক সমস্যাৰ সন্মুখীন হ'বলগা হ'ব পাৰে ।

লগতে পঢ়ক :২০২৮ চনতো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ছত্তীশগড়ৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী টি এছ সিংদেৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.