ETV Bharat / bharat

২০২৮ চনতো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ছত্তীশগড়ৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী টি এছ সিংদেৱে

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 2:06 PM IST

ছত্তীশগড়ৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী বিধানসভা নিৰ্বাচন অৰ্থাৎ ২০২৮ চনত অনুষ্ঠিত হ'বলগীয়া ছত্তীশগড় বিধানসভা নিৰ্বাচনত পুনৰ ভাগ্য পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে । কিছুদিন পূৰ্বে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰিছিল ।

TS Singhdev to contest 2028 assembly election
২০২৮ চনতো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ছত্তীশগড়ৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী টি এছ সিংদেৱে

পুনৰ নিৰ্বাচন খেলিব ছত্তীশগড়ৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীয়ে

নিউজ ডেস্ক, ৫ ডিচেম্বৰ : ছত্তীশগড়ৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী টি এছ সিংদেৱে পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব । প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে ঘোষণা কৰিছিল যে তেওঁ ২০২৩ৰ ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ পিছত কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে । কিন্তু তেওঁ এতিয়া নিজৰ সিদ্ধান্ত সলনি কৰিছে । সিংদেৱে কয় যে যদি তেওঁ জয়ী হ'লহেঁতেন, তেন্তে তেওঁ নিজৰ ৰাজনীতি উত্তৰাধিকাৰীক হস্তান্তৰ কৰিলেহেঁতেন । কিন্তু পৰাজিত হোৱাৰ পিছত তেওঁ যুদ্ধক্ষেত্ৰ এৰি নোযোৱাৰ সিদ্ধান্ত লৈছে ।

উল্লেখ্য যে ২০২৩ চনৰ ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ পিছতে টি এছ সিংদেৱে ঘোষণা কৰিছিল যে এইটোৱেই হ'ব তেওঁৰ জীৱনৰ অন্তিম নিৰ্বাচন । নিৰ্বাচনত জয়ী হোৱাৰ পিছত তেওঁ পৰৱৰ্তী ৫ বছৰৰ বাবে জনসাধাৰণৰ সেৱা কৰিব আৰু তাৰ পিছত তেওঁ পৰৱৰ্তী প্ৰজন্মক উত্তৰাধিকাৰী হস্তান্তৰ কৰিব । কিন্তু তেওঁ এই নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হ'বলগা হয় । টি এছ সিংদেউ এই নিৰ্বাচনত জয়ী হ'ব বুলি প্ৰবল আত্মবিশ্বাসী আছিল । অৱশ্যে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে তেওঁ বিধানসভাত থাকিবলৈয়ে পছন্দ কৰিব ।

"মই এই কথা ভাবিহে কৈছিলোঁ যে মই নিৰ্বাচনত জয়ী হ'ম আৰু তাৰ পিছত আহিবলগীয়া প্ৰজন্মক দায়িত্ব হস্তান্তৰ কৰিম ।" ছত্তীশগড়ৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী টি এছ সিংদেৱে কয় ।

উল্লেখ্য যে অম্বিকাপুৰ বিধানসভা সমষ্টিৰ পৰা মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল । কংগ্ৰেছৰ টি এছ সিংদেৱে ৯০,৬৮৬টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ ৰাজেশ আগৰৱালে ৯০,৭৮০ টা ভোট লাভ কৰে । ২১ নম্বৰ তথা অন্তিম পৰ্যায় আৰু ডাক বেলট গণনাৰ পিছত উপ-মুখ্যমন্ত্ৰী টি এছ সিংদেউ ১৩৭ টা ভোটত পৰাজিত হৈছিল । কিন্তু পুনৰ গণনা কৰা হয় যদিও টিএছ সিংদেউ তাতো জয়লাভ কৰিব পৰা নাছিল । অৱশেষত তেওঁ ৰাজেশ আগৰৱালাৰ হাতত ৯৪ টা ভোটত পৰাস্ত হয় ।

"পৰাজিত হৈ মই যুদ্ধক্ষেত্ৰ এৰি নাযাওঁ । যিহেতু মই পৰাস্ত হৈছোঁ, সেয়ে মই পৰৱৰ্তী পাঁচ বছৰৰ বাবে যথাসাধ্য চেষ্টা কৰিম আৰু অঞ্চলটোৰ লোকসকলৰ সৈতে সম্পৰ্ক বৰ্তাই ৰাখিম । মই অম্বিকাপুৰৰ জনসাধাৰণৰ বাবে যিমান পাৰোঁ সকলো কৰিম ।" ছত্তীশগড়ৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী টি এছ সিংদেৱে কয় ।

লগতে পঢ়ক :অধিক শক্তিশালী ৰূপত ঘূৰ্ণীবতাহ মিচাউং, হাই এলাৰ্ট জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.