ETV Bharat / state

বন্যহস্তীৰ মুক্ত বিচৰণক লৈ শংকিত তাৰাজুলি চাহ বাগিছাবাসী

author img

By

Published : Aug 20, 2020, 11:21 AM IST

বন্যহস্তীৰ মুক্ত বিচৰণ
বন্যহস্তীৰ মুক্ত বিচৰণ

তাৰাজুলি চাহ বাগিছাৰ বাসিন্দাসকলক শংকিত কৰি তুলিছে জাক জাক বন্যহস্তীৰ মুক্ত বিচৰণে ৷ সোণাই-ৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা বৃহৎ হাতীৰ জাকে ত্ৰাসৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷

ৰঙাপৰা, 20 আগষ্ট: বন্যহস্তীৰ মুক্ত বিচৰণে সম্প্ৰতি শংকিত কৰি তুলিছে ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিছাৰ বাসিন্দাসকলক ৷ প্ৰতিদিনেই খাদ্যৰ সন্ধানত জিলাখনৰ সোণাই-ৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা জাক জাক হাতীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ এই বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে অঞ্চলটোৰ স্থানীয় বাসিন্দাসকলে ৷ নিশাটো বাদেই দিনৰ ভাগতো হাতীৰ জাকৰ বাবে ৰাইজ শংকিত হৈ থাকিব লাগে বুলি অভিযোগ উত্থাপন কৰিছে ৷

বন্যহস্তীৰ মুক্ত বিচৰণক লৈ শংকিত তাৰাজুলি চাহ বাগিছাবাসী

কেইবাটাও দলত বিভক্ত থকা হাতীৰ জাকে বৃহত্তৰ অঞ্চলটোত কৰিছ ব্যাপক ক্ষতিসাধন ৷ বাগিছাখনৰ ঘৰ-দুৱাৰ, দোকান-পোহাৰ আদি ভাঙিও ইতিমধ্য লণ্ড-ভণ্ড কৰিছে বৃহৎ হাতীৰ জাকটোৱে ৷ জনবসতিপূৰ্ণ অঞ্চলত বৰ্তমানে ৬০ তকৈয়ো অধিক হাতীৰ জাকে অৱস্থান কৰি আছে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷ বনৰীয়া হাতীৰ জাকটো আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ দলে আতচবাজীৰ লগতে শূন্যত গুলীচালনা কৰি অভয়াৰণ্যখনলৈ খেদি পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হ'ব পৰা নাই ৷ এই ক্ষেত্ৰত বনকৰ্মী সকলক যথেষ্ট সহায়ৰ হাত আগবঢ়াইছে স্থানীয় লোকেও ৷ কিন্তু তাৰ পাচতো ভিন্ন স্থানত বিভক্ত হৈ থকা হাতীৰ জাকটো খেদি পঠিওৱাত অপাৰগ ৰাইজে সম্প্ৰতি বিচাৰিছে চৰকাৰৰ সহায় ৷ অন্যথা বৃহত্তৰ জনবসতিপূৰ্ণ অঞ্চলটোত অনাগত দিনত হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ আশংকা প্ৰকট কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: পাঁচমাহৰ অন্তত খুলিল অসমৰ সৰ্ববৃহৎ খাৰুপেটীয়া বালুগাঁও সাপ্তাহিক বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.