ETV Bharat / state

পাঁচমাহৰ অন্তত খুলিল অসমৰ সৰ্ববৃহৎ খাৰুপেটীয়া বালুগাঁও সাপ্তাহিক বজাৰ

author img

By

Published : Aug 20, 2020, 2:16 AM IST

সুদীৰ্ঘ পাঁচ মাহ পিছত খুলিল দৰঙৰ সৰ্ববৃহৎ খাৰুপেটীয়া সাপ্তাহিক বালুগাঁও বজাৰ । ৰাইজৰ উপস্থিতি সেৰেঙা । নাই বাহিৰৰ বেপাৰী ।

পাঁচমাহৰ অন্তত খুলিল অসমৰ সৰ্ববৃহৎ খাৰুপেটীয়া বালুগাঁও সাপ্তাহিক বজাৰ
পাঁচমাহৰ অন্তত খুলিল অসমৰ সৰ্ববৃহৎ খাৰুপেটীয়া বালুগাঁও সাপ্তাহিক বজাৰ

দলগাঁও, 19 আগষ্ট : কোভিড-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰনৰ জীম,চিনেমা হল,বিউটি পাৰ্লাৰ,চেলুন,দোকান-পোহাৰ,শিক্ষানুষ্ঠানকে আদি কৰি সাপ্তাহিক হাট-বজাৰসমূহ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ ঘোষণা কৰিছিল । যাৰ বাবে বজাৰৰ অভাৱত ব্যাপকভাৱে লোকচানৰ সন্মুখীন হৈছিল ব্যৱসায়ী তথা কৃষকসকল ।

খাৰুপেটীয়াৰ সাপ্তাহিক বালুগাঁও বজাৰ
খাৰুপেটীয়াৰ সাপ্তাহিক বালুগাঁও বজাৰ

অৱশেষত সুদীৰ্ঘ পাঁচ মাহ পিছত আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাত ৰাজ্য চৰকাৰৰ নিৰ্দেশত দৰং জিলা প্ৰশাসনে দৰঙৰ সকলো সাপ্তাহিক হাট-বজাৰ খোলাৰ নিৰ্দেশনা জাৰি কৰে । প্ৰশাসনৰ নিৰ্দেশনা মতে দৰঙৰ সৰ্ববৃহৎ বুধবৰীয়া সাপ্তাহিক বালুগাঁও বজাৰখন আজি অনুষ্ঠিত হয় যদিও বজাৰত ক্ৰেতা বিক্ৰেতা ও ৰাইজৰ উপস্থিতি আছিল অতি সেৰেঙা । বজাৰখনৰ পশু বজাৰ,শাক-পাচলিৰ বজাৰ,মাছৰ বজাৰ আদিত দেখা গল কম সংখ্যক ক্ৰেতা বিক্ৰেতা । বজাৰত উপস্থিত থকা ক্ৰেতা বিক্ৰেতাৰ একাংশই মাস্ক পৰিধান কৰা দেখা গ'ল যদিও আন একাংশৰ মুখত দেখা নগ'ল কোনো ধৰণৰ মাস্ক ।

পাঁচমাহৰ অন্তত খুলিল অসমৰ সৰ্ববৃহৎ খাৰুপেটীয়া বালুগাঁও সাপ্তাহিক বজাৰ

উল্লেখযোগ্য যে দৰঙৰ সৰ্ববৃহৎ বজাৰখনত ৰাজ্যৰ বিভিন্ন চহৰ,নগৰৰ পৰা বেপাৰীৰ সমাগত হয় যদিও আজিৰ বজাৰত দেখা নগ'ল কোনো এজন বহিৰাগত বেপাৰীক ।

লগতে পঢ়কঃ বিটিচি নিৰ্বাচনত আসন সংৰক্ষণৰ ঘোষণা ইউপিপিএলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.