ETV Bharat / state

দুই মহাৰথীৰ যুঁজত থৰক-বৰক শোণিতপুৰ বিজেপি : বিপৰীত মেৰুত সিংহল-পল্লৱ !

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 7:28 PM IST

Internal Conflict in Sonitpur District BJP
বিজেপিৰ দুই মহাৰথীৰ শীতল যুদ্ধ

শোণিতপুৰত দুই বিজেপি মহাৰথীৰ মাজত চলিছে শীতল যুদ্ধ ৷ তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস আৰু মন্ত্ৰী অশোক সিংহলৰ মাজত চলিছে শীতল যুঁজ ৷

তেজপুৰ, 8 ডিচেম্বৰ : সমাগত লোকসভা নিৰ্বাচন ৷ তাৰ পূৰ্বে আউল লাগিছে শোণিতপুৰ জিলা বিজেপিত ৷ জানিব পৰা মতে শেহতীয়াকৈ শোণিতপুৰ জিলা বিজেপিৰ মাজত দুটা পক্ষ গঢ় লৈ উঠিছে ৷ ক্ষমতা আৰু প্ৰতিপত্তিৰে ভৱিষ্যতে ব্যক্তিগত ৰাজনৈতিক অভিপ্সা সিদ্ধিত ব্যৱহাৰ কৰিবলৈ জিলা বিজেপিৰ নিয়ন্ত্ৰণ কাৰ হাতত থাকিব সেইলৈ জিলাখনত দুই বিজেপি মহাৰথীৰ মাজত চলিছে শীতল যুদ্ধ ৷

আকস্মিকভাবে ঢেকিয়াজুলিত খোপনি লৈ বিধায়ক আৰু পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰৰ এগৰাকী মন্ত্ৰী হৈ পৰা অশোক সিংহল আৰু নিৰ্দিষ্ট বিধানসভা সমষ্টিবিহীন হৈ পৰা তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসৰ মাজত এতিয়া চলিছে শীতল যুঁজ ৷ পৰিণতিত এতিয়া মন্ত্ৰী সিংহলৰ পক্ষত জিলা বিজেপিৰ অধিকাংশই স্থিতি গ্ৰহণ কৰিছে ৷

জানিব পৰা মতে শেহতীয়াকৈ শোণিতপুৰ বিজেপিৰ সভানেত্ৰীসহ একাধিক বিষয়ববীয়া আছে মন্ত্ৰী সিংহলৰ পক্ষত ৷ উল্লেখ্য যে, 2019 ৰ পৰাই সিংহল আৰু পল্লৱ লোচন দাসৰ মাজত আৰম্ভ হৈছিল এই ৰাজনৈতিক প্ৰতিযোগিতা ৷ 2019 ত লোকসভা নিৰ্বাচনৰ পূৰ্বে তেজপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে সিংহলক নিৰ্বাচনী মহাৰণত অৱতীৰ্ণ কৰাৰ বাবে দলৰ মজিয়াত আগভাগ লৈছিল বৰ্তমানৰ সাংসদ দাসে ৷ এনে কৰি ঢেকিয়াজুলি বিধানসভা সমষ্টিত খোপনি পোতাৰ লক্ষ্য আছিল পল্লৱৰ ৷ কিন্তু সেই প্ৰস্তাৱ সিংহলে মানি নল’লে আৰু পল্লৱ লোচন দাসেই সেইবাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ’বলগীয়া হ’ল ৷

ইয়াৰ পৰাই সূত্ৰপাত ঘটা এই সংঘাতৰ পাছত শেহতীয়াকৈ জিলা বিজেপিৰ সভাপতি সলনিৰ এক প্ৰক্ৰিয়া আৰম্ভ হয় আৰু দুৰ্গা পূজাৰ আগে আগে শোণিতপুৰৰ চাৰিজন বিজেপি বিধায়কৰ সৈতে আলোচনা নকৰাকৈয়ে দলীয় সাধাৰণ সম্পাদক পল্লৱ লোচন দাসৰ তৎপৰতাত তেজপুৰ পৌৰসভাৰ সদস্যা মৰমী শইকীয়াক জিলা বিজেপিৰ সভানেত্ৰী নিয়োগ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে ৷ উল্লেখযোগ্য যে জিলা বিজেপিৰ পূৰ্বৰ সভাপতি বাতাচ ওৰাঙো আছিল সাংসদ পল্লৱ লোচন দাসৰ ঘনিষ্ঠ ৷

এই সময়লৈকে নিৰপেক্ষ ভূমিকা পালন কৰে মন্ত্ৰী সিংহলে ৷ কিন্তু শইকীয়াই জিলা বিজেপিৰ সভানেত্ৰীৰ দায়িত্ব লোৱাৰ পাছতে সভানেত্ৰীসহ জিলা বিজেপিৰ ভালেসংখ্যক নেতা সিংহলৰ ঢেকিয়াজুলিস্থিত বাসগৃহত দুৰ্গোৎসৱৰ শুভেচ্ছা জনাবলৈ যায় আৰু ইয়াতে সিংহলৰ পৰা শাৰদীয় উপহাৰ লাভ কৰা বিজেপিৰ জিলা সভানেত্ৰীসহ অধিকাংশই সাংসদ দাসৰ সলনি মন্ত্ৰী সিংহলৰ পক্ষত অৱস্থান কৰে ৷ এতিয়া পৰিস্থিতি এনে হৈছে যে সাংসদৰ পক্ষত জিলা বিজেপিৰ সাধাৰণ সম্পাদক ধ্ৰুৱ কুৰ্মীসহ কেইজনমান নেতাহে থকাৰ বিপৰীতে পূৰ্বে সাংসদৰ কৃপাতে জিলা বিজেপিৰ বিষয়বাব পোৱা সকলেও মন্ত্ৰী সিংহলৰ পক্ষত স্থিতি লৈছে ৷

শেহতীয়াকৈ দুয়োৰে এই শীতল যুদ্ধৰ পৰিণতিতে তেজপুৰত জিলা বিজেপি কাৰ্যালয় থকা সত্বেও আন এটা বিজেপি কাৰ্যালয় মুকলি হোৱাৰ পথত ৷ এই কাৰ্যালয়টো তেজপুৰ সমষ্টি বিজেপি কাৰ্যালয় হিচাপে মুকলি কৰাৰো যো-জা চলিছে ৷ আনহাতে প্ৰথম অৱস্থাত সাংসদ পল্লৱ লোচন দাসৰ বাবেই জিলা সভাপতিৰ দায়িত্ব মৰমী শইকীয়াক দিয়াৰ বাবেও জিলা বিজেপিৰ ভালেসংখ্যক প্ৰবীন নেতা-কৰ্মীও অসন্তুষ্ট হৈ আছে সাংসদগৰাকীৰ ওপৰত ৷

লগতে পঢ়ক : বিজেপিৰ এজেন্ট এ আই ইউ ডি এফেৰে মিত্ৰতা অসম্ভৱ: প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.