ETV Bharat / state

অৰুণাচল ভ্ৰমণলৈ প্ৰতিৰক্ষা উদ্যোগৰ প্ৰতিনিধি দল

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 8:01 PM IST

এই ভ্ৰমণৰ উদ্দেশ্য হৈছে সেনাৰ ক্ষেত্ৰীয় আন্তঃগাঁথনিসমূহে সন্মুখীন হোৱা সমস্যাবোৰ বুজিবলৈ প্ৰকৃত ক্ষেত্ৰৰ পৰিস্থিতিৰ বিষয়ে সুৰক্ষা উদ্যোগক প্ৰকৃত তথ্য প্ৰদান কৰা । ইয়াৰ উপৰি ৰাষ্ট্ৰক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁলোকক কেনে ধৰণৰ সঁজুলি আৰু প্ৰযুক্তি সমাধানৰ প্ৰয়োজন সেই বিষয়ে প্ৰত্যক্ষ জ্ঞান লাভ কৰাৰো এক সুযোগ প্ৰদান কৰা ।

Members of Defence Industry Field Tour to Arunachal
অৰুণাচল ভ্ৰমণলৈ প্ৰতিৰক্ষা উদ্যোগৰ প্ৰতিনিধি দল

তেজপুৰ, ৩০ নৱেম্বৰ : ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগৰ বিশিষ্ট সদস্যক লৈ গঠিত আইডিইএক্স আৰু ডিআইঅ'ৰ এটা প্ৰতিনিধি দলে অৰুণাচলত ক্ষেত্ৰভিত্তিক ভ্ৰমণ কৰিছে । ঘৰুৱা প্ৰতিৰক্ষা উদ্যোগৰ প্ৰচাৰ আৰু 'ভাৰতীয় পৰিস্থিতিৰ ভাৰতীয় সমাধান' লাভৰ বাবে চৰকাৰৰ পদক্ষেপৰ অংশ হিচাপে তেওঁলোকে এই ভ্ৰমণসূচী গ্ৰহণ কৰিছে ।

ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগৰ দলটোত এমএছএমই, ষ্টাৰ্ট-আপ আৰু শৈক্ষিক ক্ষেত্ৰৰ ব্যক্তিকে ধৰি বিশিষ্ট সদস্যসকলে চাৰিদিনীয়া ভ্ৰমণ সূচীৰে ২৮ নৱেম্বৰত অৰুণাচলত উপস্থিত হৈছে । প্ৰতিনিধি দলটোৱে অহা ১ ডিচেম্বৰলৈকে অৰুণাচলৰ ক্ষেত্ৰভিত্তিক ভ্ৰমণ কৰিব । উল্লেখ্য, আইডিইএক্স (IDEX) হৈছে প্ৰতিৰক্ষা উৎকৰ্ষৰ বাবে উদ্ভাৱন (Innovation for Defence Excellence) আৰু ডিআইঅ' (DIO) হৈছে প্ৰতিৰক্ষা উদ্ভাৱন সংস্থা (Defence Innovation Organisation) । প্ৰতিনিধি দলটোৱে ২৮ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈকে অৰুণাচল প্ৰদেশৰ কামেং ছেক্টৰ ভ্ৰমণ কৰিব ।

এই সন্দৰ্ভত প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে এক বিবৃতি জাৰি কৰিছে । বিবৃতিটোত কোৱা হৈছে যে এই ভ্ৰমণৰ উদ্দেশ্য হৈছে সেনাৰ ক্ষেত্ৰীয় আন্তঃগাঁথনিসমূহে সন্মুখীন হোৱা সমস্যাবোৰ বুজিবলৈ প্ৰকৃত ক্ষেত্ৰৰ পৰিস্থিতিৰ বিষয়ে সুৰক্ষা উদ্যোগক প্ৰকৃত তথ্য প্ৰদান কৰা । ইয়াৰ উপৰি ৰাষ্ট্ৰক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁলোকক কেনে ধৰণৰ সঁজুলি আৰু প্ৰযুক্তি সমাধানৰ প্ৰয়োজন সেই বিষয়ে প্ৰত্যক্ষ জ্ঞান লাভ কৰাৰো এক সুযোগ প্ৰদান কৰা ।

বিবৃতিটোত লগতে কোৱা হৈছে যে এই ভ্ৰমণটো আৰ্মি ডিজাইন ব্যুৰোৰ সমন্বয়ত কৰা হৈছে । ই কাৰিকৰী সমস্যা আৰু ইয়াৰ সমাধান অনুকূল কৰাৰ বাবে অসামৰিক প্ৰতিৰক্ষা উদ্যোগ, শৈক্ষিক ক্ষেত্ৰ আৰু সেনাৰ মাজত এক যোগসূত্ৰ হিচাপে কাম কৰে । সুৰক্ষা উদ্যোগৰ প্ৰতিনিধিসকলে কঠিন অতি উচ্চতাৰ ভূখণ্ডৰ বিভিন্ন ফৰৱাৰ্ড স্থানত থখা ইষ্টাৰ্ণ কমাণ্ডৰ গজৰাজ ক'ৰ্পছ পৰিদৰ্শন কৰিব ।

লগতে পঢ়ক :তেজপুৰ পৰোৱাস্থিত শোণিতপুৰ বিদ্যা নিকেতনলৈ দুৰ্বৃত্তৰ গুলী !

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.