তেজপুৰ পৰোৱাস্থিত শোণিতপুৰ বিদ্যা নিকেতনলৈ দুৰ্বৃত্তৰ গুলী !

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 6:04 PM IST

Updated : Nov 30, 2023, 6:31 PM IST

thumbnail

তেজপুৰ, ৩০ নৱেম্বৰ : হঠাৎ তেজপুৰৰ পৰোৱাস্থিত শোণিতপুৰ বিদ্যা নিকেতনত সৃষ্টি হৈছে হৈ-চৈ ৷ কিয়নো বিদ্যালয়ত পাঠদান চলি থকাৰ মাজতে শ্ৰেণীকোঠাৰ ভিতৰত পৰে এটা পিষ্টলৰ গুলী ৷ এই পিষ্টলৰ গুলীটোক কেন্দ্ৰ কৰি বিদ্যালয়খনত সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতি ৷ এই গুলীটো কোনফালেৰে শ্ৰেণীকোঠাৰ ভিতৰত পৰিল বা কোনে কি উদ্দেশ্যৰে বিদ্যালয়খনলৈ গুলী কৰিলে সেই সন্দৰ্ভত একোৱে তথ্য লাভ কৰা নাই বিদ্যালয় কৰ্তৃপক্ষই ৷

তেজপুৰ পৰোৱা শোণিতপুৰ বিদ্যা নিকেতনতৰ শিক্ষয়িত্ৰীয়ে উল্লেখ কৰা অনুসৰি, মাত্ৰ শেষ হৈছিল পঞ্চম পিৰিয়ডটো ৷ তেতিয়াই হঠাৎ এটা শব্দ শুনিবলৈ পোৱা গৈছিল বিদ্যালয়ত ৷ ইয়াৰ কিছু সময়ৰ পাচতে অষ্টম শ্ৰেণীৰ কোঠাত বন্দুকৰ গুলী এটা উদ্ধাৰ হয় ৷ পৰৱৰ্তী পৰ্যায়ত এই গুলীটো সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে বিদ্যালয় কৰ্তৃপক্ষই ৷ খবৰ পোৱাৰ মাত্ৰকে শোণিতপুৰৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষ ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ৷

লগতে পঢ়ক : তিনিমাহলৈ কাৰ্যকাল বাঢ়িল মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ

Last Updated : Nov 30, 2023, 6:31 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.