ETV Bharat / state

তিনিমাহলৈ কাৰ্যকাল বাঢ়িল মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 4:21 PM IST

Updated : Nov 30, 2023, 5:39 PM IST

তিনিমাহলৈ কাৰ্যকাল বঢ়াই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ ৷ ৰাজ্য চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে এই সিদ্ধান্ত (Assam CS Paban Kumar Borthakur) ৷

Term extended of Assam CS Paban Kumar Borthakur
তিনিমাহলৈ কাৰ্যকাল বঢ়াই দিয়া হৈছে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ

নিউজ ডেস্ক, 30 নৱেম্বৰ : ৰাজ্য চৰকাৰে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ কাৰ্যকাল পুনৰ তিনি মাহলৈ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে ৷ সেই অনুসৰি, 2024 চনৰ 31 মাৰ্চতহে অৱসৰ গ্ৰহণ কৰিব বৰঠাকুৰে ৷

স্মৰ্তব্য যে, চলিত বৰ্ষৰ 31 ডিচেম্বৰত পৱন কুমাৰ বৰঠাকুৰৰ কাৰ্যকাল সমাপ্ত হ’ব লাগিছিল ৷ সেই অনুসৰি, দিছপুৰৰ আমোলা মহলতো সৰৱ চৰ্চা চলি আহিছিল ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব কোন হ’ব তাকে লৈ ৷ ইতিমধ্যে বৰঠাকুৰৰ উত্তৰসুৰী হিচাবে কেবাজনো জ্যেষ্ঠ আমোলাৰ নামো চৰ্চালৈ আহিছিল ৷ কিন্তু এই সকলোবিলাক চৰ্চাৰ ওৰ পেলায় আজি ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন সাপেক্ষে পৱন কুমাৰ বৰঠাকুৰৰ কাৰ্যকাল পুনৰ তিনি মাহলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ অতি শীঘ্ৰে এই সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হ'ব ৷

Paban Kumar Borthakur
কাৰ্যকাল বৃদ্ধিৰ পূৰ্বে পৱন কুমাৰ বৰঠাকুৰৰ ভিজিলেন্স ক্লিয়েৰেন্স বিচাৰি জাৰি কৰা নিৰ্দেশনা

1989 বেটচৰ অসম-মেঘালয় কেডাৰৰ আই এ এছ বিষয়া পৱন কুমাৰ বৰঠাকুৰে মুখ্য সচিবৰ পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগৰ প্ৰধান সচিব, আয়ুক্ত, আয়ুক্ত সচিব আদিৰ পদতো অধিষ্ঠিত হৈ নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে ৷

মন কৰিবলগীয়া যে তিনিমাহ কাৰ্যকাল বৃদ্ধিৰ লগে লগে পৱন কুমাৰ বৰঠাকুৰৰ কাৰ্যকাল অন্ত পৰিব অহা মাৰ্চ মাহৰ শেষত ৷ কিন্তু সমাগত লোকসভা নিৰ্বাচনৰ বাবে মাৰ্চ মাহত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পূৰ্ণ সম্ভাৱনা ৷ সেয়ে হয়তো পুনৰ তিনি মাহৰ বাবে কাৰ্যকাল বৃদ্ধি কৰাৰো পূৰ্ণ অৱকাশ আছে বুলি চৰ্চিত হৈছে ৷

Paban Kumar Borthakur
মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ

তথ্য অনুসৰি ১৯৮৯ বৰ্ষৰ আইএএছ বিষয়া পৱন বৰঠাকুৰৰ কাৰ্যকাল বৃদ্ধিৰ অন্যতম কাৰণ হিচাবে নিকা ভাৱমূর্তিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই তেওঁৰ কাৰ্যকাল বৃদ্ধিৰ বাবে কেন্দ্রীয় চৰকাৰলৈ প্রস্তাৱ প্ৰেৰণ কৰিছিল বুলি জানিব পৰা গৈছে ৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ প্ৰস্তাৱৰ প্ৰতি সহাৰি জনাই তিনিমাহলৈ বৃদ্ধি কৰিছে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ কাৰ্যকাল ৷

দিশপুৰৰ নিশ্চিত তথ্য মতে পৱন কুমাৰ বৰঠাকুৰৰ অৱসৰৰ পিছত ৰাজ্যৰ দুই শীৰ্ষ আমোলা ছৈয়দ উদ্দিন আব্বাছী আৰু ড° ৰবি কোটাৰ নাম ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিবৰ তালিকাত চৰ্চিত হৈছে ৷ দুয়ো গৰাকী জ্যেষ্ঠ আমোলা বৰ্তমান ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত আছে ৷ মন কৰিবলগীয়া জ্যেষ্ঠতা আৰু দক্ষতাৰ ভিত্তিত পৱন বৰঠাকুৰৰ অৱসৰৰ পিছত দীৰ্ঘদিনলৈ কোনো অসমীয়া আইএএছ বিষয়া ৰাজ্যৰ মুখ্য সচিবৰ আসনত বহাৰ সম্ভাৱনা ক্ষীণ ।

এতিয়া পৱন কুমাৰ বৰঠাকুৰৰ ক্ষেত্ৰত প্রথমতে তিনিমাহ কাৰ্যকাল বৃদ্ধি কৰাত অনুমোদন জনালে কেন্দ্ৰই ৷ মাৰ্চ মাহত লোকসভা নিৰ্বাচনৰ আচৰণ বিধি বলৱৎ কৰাৰ আগে-পিছে আন তিনিমাহ কার্যকাল বৃদ্ধি কৰাৰ কথা ভাবিছে অসম চৰকাৰে। অসমৰ বৰ্তমানৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰক লৈ কোনো ধৰণৰ বিতৰ্ক আজিলৈকে নাই ৷ আনহাতে অসমীয়া ভাষাত কাব্য চৰ্চা কৰা এগৰাকী কবি হিচাবে সুনাম আছে পৱন কুমাৰ বৰঠাকুৰ ৷

ছাত্ৰ জীৱনৰে পৰা এগৰাকী মেধাৱী ছাত্ৰ হিচাবে পৰিচয় দি অহা দক্ষ প্ৰশাসনিক বিষয়া কলিয়াবৰৰ সন্তান পৱন কুমাৰ বৰঠাকুৰে স্কুলীয়া শিক্ষা অসমীয়া মাধ্যমতে গ্ৰহণ কৰিছিল। মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰিছিল বৰঠাকুৰে ৷ একেদৰেই উচ্চতৰ মাধ্যমিকতো বিজ্ঞান শাখাত সপ্তম স্থান লাভ কৰি পৰৱৰ্তী সময়ত নতুন দিল্লীৰ চেইন্ট ষ্টিফেনছ কলেজৰ পৰা পদার্থ বিজ্ঞানত প্রথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্নাতক হৈছিল ।

দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ সপ্তম স্থান লাভ কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷ UPSCৰ প্ৰশাসনীয় সেৱাৰ পৰীক্ষাতো (আইএএছ) দেশৰ ভিতৰত সপ্তদশ স্থান লাভ কৰিছিল পৱন কুমাৰ বৰঠাকুৰে ৷ বিগত কেইবাটাও দশক ধৰি তেঁও দেশৰ লগতে অসমৰ বাবে সেৱা আগবঢ়াই আহিছে ৷

লগতে পঢ়ক : তেলেংগানা নিৰ্বাচনক লৈ চলিছে বৃহৎ জুৱা

Last Updated : Nov 30, 2023, 5:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.