ETV Bharat / state

Lok Sabha election 2024: শোণিতপুৰৰ বাগিচাত প্ৰভাৱ বিস্তাৰ কৰিব কোনে ?

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 5:08 PM IST

লোকসভা নিৰ্বাচনক লৈ ইতিমধ্যেই জল্পনা-কল্পনা আৰম্ভ হৈছে ৰাজনৈতিক মহলত ৷ অসমতো নিৰ্বাচনী বতাহ বলা আৰম্ভ হৈছে ৷ অসমৰ বাগিচাই নিৰ্বাচনত বিশেষ প্ৰভাৱ পেলায় ৷ বাগিচাৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে কেবাটাও সমষ্টিত ৷ এই সন্দৰ্ভত তেজপুৰৰ পৰা জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন...

Lok Sabha election 2024
Lok Sabha election 2024

শোণিতপুৰৰ বাগিচাত প্ৰভাৱ বিস্তাৰ কৰিব কোনে ?

তেজপুৰ, 31অক্টোবৰ: লোকসভা নিৰ্বাচন সমাগত । শাসক বিৰোধী সকলো ব্যস্ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ অংকক লৈ । আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নেতৃত্বত দেশৰ বহুকেইটা দল লগ হৈ গঠন কৰিছে মিত্ৰজোঁট I.N.D.I.A. । ইফালে বিজেপি নেতৃত্বাধীন NDA সাজু হৈছে পুনৰ এটা কাৰ্যকাল গাদী দখলৰ বাবে ৰাইজক আকৰ্ষিত কৰিবলৈ ৷ অসমতো দেখা গৈছে একেই পৰিৱেশ ৷

9 নং তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত শোণিতপুৰৰ জিলাত চাহ বাগিচাৰ সংখ্যা যথেষ্ট বেছি । উত্তৰ অসমৰ চাহ বাগিচাৰ ভোটাৰে সকলো নিৰ্বাচনতে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা দেখা যায় । বিগত লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী তথা বৰ্তমানৰ তেজপুৰ লোকসভাৰ বিজেপিৰ সাংসদ পল্লব লোচন দাসে 2,42,841 টা ভোটাৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুক পৰাস্ত কৰিছিল ৷ এইবাৰ পিচে কাক নিৰ্বাচিত কৰিব এইসকল শ্ৰমিক ভোটাৰে ?

শোণিতপুৰৰ প্ৰায় 50 খন প্ৰধান চাহ বাগিচাৰ ভিতৰত অধিকাংশ বাগিচাৰ শ্ৰমিকেই দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছে ৷ ইয়াৰোপৰি চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণ হৈছে তেওঁলোকৰ মূল দাবী ৷ এই দাবীক লৈ চাহ জনগোষ্ঠীয় সংগঠন সমূহে আজিও প্ৰতিবাদ কৰি আহিছে ৷

শোণিতপুৰৰ চাহ শ্ৰমিকৰ চৰকাৰ সন্দৰ্ভত মতামত আছিল মিশ্ৰিত ৷ কোনোবাই যদি চৰকাৰৰ কাম-কাজক ভাল পাইছে, আন একাংশই আকৌ অসন্তুষ্টি প্ৰকাশ কৰি আহিছে ৷ চৰকাৰে তেওঁলোকৰ প্ৰাপ্য মজুৰি 250 টকা নকৰাৰ অভিযোগ তুলি আক্ষেপ প্ৰকাশ কৰে শ্ৰমিকসকলে ৷

বিজেপিয়ে নিৰ্বাচনৰ প্ৰতি চকু ৰাখিয়েই হওক বা শ্ৰমিকক সন্তুষ্ট কৰিবৰ বাবেই হওক এইবাৰৰ দুৰ্গাপূজাত 20 শতাংশ বানচ দিয়াৰ লগতে কৰম পৰবত পেইড হ’লী ডে’ৰ বাবেও নিৰ্দেশ দিছে ৷ ইফালে বাগানে বাগানে শ্ৰমিকৰ কাষলৈ গৈছে কংগ্ৰেছ ৷ এতিয়া কংগ্ৰেছে গ্ৰহণ কৰা বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচীয়ে চাহ জনগোষ্ঠীয় ৰাইজ আকৰ্ষিত কৰিবলৈ সক্ষম হয় নে নহয় সেয়া লক্ষণীয় হ’ব ৷

লগত পঢ়ক: Loksabha election 2024: ডিব্ৰুগড়ত অসন্তুষ্ট চাহ শ্ৰমিকৰ বাবে বিপদত পৰিব নেকি কেন্দ্ৰীয় মন্ত্ৰী তেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.