ETV Bharat / state

Loksabha election 2024: ডিব্ৰুগড়ত অসন্তুষ্ট চাহ শ্ৰমিকৰ বাবে বিপদত পৰিব নেকি কেন্দ্ৰীয় মন্ত্ৰী তেলী

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 4:32 PM IST

Updated : Nov 2, 2023, 10:45 PM IST

সমাগত লোকসভা নিবাৰ্চন । ৰাজ্যৰ প্ৰতিটো লোকসভা সমষ্টিৰ দৰে ডিব্ৰুগড় লোকসভা সমষ্টিত শাসক বিৰোধী সকলো দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুছকাৱাজ । শাসক দল বিজেপিয়ে চাহ বাগিচাৰ উন্নয়নৰ কথা কৈ বাগিচাৰ শ্ৰমিক ৰাইজে বিজেপিক আদৰি লৈছে বুলি দাবী কৰিলেও একাংশ চাহ বাগিচাৰ শ্ৰমিক ক্ষোভিত শাসক দল বিজেপিৰ কাম-কাজক লৈ । এই সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিক উমাকান্ত বৰুৱাৰ এক প্ৰতিবেদন...

Loksabha election 2024
TEA GARDEN VOTERS OF DIBRUGARH

লোকসভা নিবাৰ্চন সন্দৰ্ভত ডিব্ৰুগড়ৰ চাহ শ্ৰমিকৰ মতামত

ডিব্ৰুগড়, 2 নৱেম্বৰ: 2024 ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন ৷ ইতিমধ্যে ৰাজনৈতিক দলসমূহে টঙালি বান্ধিছেই ৷ শাসক দলে ৰাইজক কেনেকৈ সন্তুষ্ট কৰি পুনৰ এবাৰ ৰাজপাটত বহিব পাৰি তাৰ চিন্তা-চৰ্চা কৰাৰ বিপৰীতে বিৰোধী একগোট হৈছে গেৰুৱা বাহিনীক শাসনৰ পৰা ওফৰাবলৈ ৷ ব্যতিক্ৰম নহয় অসম ৷ নিৰ্বাচনী বতাহ লাহে লাহে বলিবলৈ আৰম্ভ কৰিছে অসমতো ৷ এফালে বিজেপিয়ে বিভিন্ন আঁচনি ঘোষণা কৰি ৰাইজক নিজৰ ফালে আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে ৷ আনফালে বিৰোধীয়ে ঐক্য মঞ্চ স্থাপন কৰি বিজেপিক ৰুধিবলৈ কৌশল ৰচিছে ৷

অসমৰ বিভিন্ন সমষ্টিত বিভিন্ন সম্প্ৰদায়ৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰে ৷ উজনিৰ চাহ বাগানেৰে ভৰপূৰ সমষ্টি কেইটাৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰে চাহ শ্ৰমিকৰ ভোটৰ ওপৰত ৷ চাহ শ্ৰমিক অধ্যুষিত ডিব্ৰুগড় সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে ৰামেশ্বৰ তেলীয়ে ৷ তেওঁ বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰীও ৷ কিন্তু তেলীক লৈ কিমান সুখী ডিব্ৰুগড়ৰ চাহ শ্ৰমিক ? এই সন্দৰ্ভত কথা পাতিবলৈ ইটিভি ভাৰত কাষ চাপিছিল শ্ৰমিক ৰাইজৰ ৷ তেওঁলোকে আগবঢ়াইছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷

ডিব্ৰুগড় লোকসভা সমষ্টিৰ অতি গুৰুত্বপূৰ্ণ চাহ বাগিচা খোৱাং চাহ বাগিচাত একাংশ শ্ৰমিকে ETV ভাৰতৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰিলে বিজেপি চৰকাৰৰ বিৰুদ্ধে । চাহ জনগোষ্ঠীৰ নেতা তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে চাহ শ্ৰমিকৰ বাবে একো নাম নকৰাৰ অভিযোগ ।

নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে পূৰণ কৰাত ব্যৰ্থ হোৱা বুলি কয় চাহ বাগিচাৰ একাংশ শ্ৰমিকে । চাহ বাগিচাৰ শ্ৰমিকৰ মূল দাবী আছিল জনগোষ্ঠীটোৰ জনজাতিকৰণ, দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি, চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান আদি ৷ এই সমূহৰ এটা দাবীও বিজেপি চৰকাৰে পূৰণ কৰিব নোৱাৰিলে বুলি কয় চাহ শ্ৰমিক সকলে ।

লগতে তেওঁলোকে কয় যে বিজেপি চৰকাৰৰ দিনত বিদ্যুৎ মাচুল বৃদ্ধিয়ে সমস্যাত পেলাইছে শ্ৰমিকসকলক ৷ শ্ৰমিকৰ নামত যি বিলাক আঁচনি ৰূপায়ণ কৰাৰ কথা চৰকাৰে কৈ আছে সেই আঁচনি চাহ বাগিচাৰ বেছি সংখ্যক শ্ৰমিকেই লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলিও কয় । এনেবোৰ কাৰণতে শাসক দল বিজেপিৰ বিৰুদ্ধে ক্ষোভিত হৈ উঠা পৰিলক্ষিত হৈছে বহু লোক ।

বিজেপিয়ে ইতিমধ্যে প্ৰায়খিনি বাগিচাত নিজৰ স্থিতি মজবুত কৰিবলৈ চেষ্টা কৰিলেও একাংশ শ্ৰমিকে বিজেপিৰ ৰাজনৈতিক হিচাপত আউল লগোৱাৰ সম্ভাৱনা আছে । আনহতে কংগ্ৰেছৰ নেতৃত্বত যদি বিৰোধী ঐক্য গঠন হয় তেতিয়া ডিব্ৰুগড় লোকসভা সমষ্টিত চাহ বাগিচাৰ ভোটাৰে শাসক দল বিজেপিক বিপাঙত পেলোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: Loksabha election 2024: যিয়েই সহায় কৰিব তাকেই ভোট দিব যোৰহাটৰ চাহ শ্ৰমিক ভোটাৰে

Last Updated : Nov 2, 2023, 10:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.