ETV Bharat / state

Bura Chapori Eviction: বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযানৰ আজি তৃতীয়টো দিন

author img

By

Published : Feb 16, 2023, 11:10 AM IST

শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত অব্যাহত আছে উচ্ছেদ অভিযান (Bura Chapori Eviction) ৷ দ্বিতীয় দিনা লাঠিমাৰী,গণেশ টাপু, বাঘে টাপু, গুলিৰপাৰ আৰু ছিয়ালিত উচ্ছেদ অভিযান চলোৱাৰ পিছত ছিয়ালিৰ পৰা আজি চলিব তৃতীয় দিনৰ উচ্ছেদ ৷

Eviction in Burha chapori wildlife sanctuary
বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য

তেজপুৰ, ১৬ফেব্ৰুৱাৰী: শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত মঙলবাৰৰ পৰা আৰম্ভ হোৱা (Bura Chapori Wildlife Sanctuary) উচ্ছেদ অভিযানে আজি তৃতীয় দিনত ভৰি দিলে (Eviction in Burha chapori wildlife sanctuary) ৷ বৃহস্পতিবাৰে অৰ্থাৎ আজিও সংৰক্ষিত বনাঞ্চলখনত জিলা প্ৰশাসনে বেদখলকাৰীৰ বিৰুদ্ধে চলাব উচ্ছেদ অভিযান । তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়া চাপৰি বন্য প্ৰাণী অভয়াৰণ্যত উচ্ছেদ অভিযান সন্দৰ্ভত যোৱা ২৫ জানুৱাৰীত শেষৰখন জাননী জাৰি কৰি সেই স্থান ত্যাগ কৰিবলৈ শোণিতপুৰ জিলা প্ৰশাসনে বেদখলকাৰীক দিছিল নিৰ্দেশ । ইয়াৰ পাছত বিগত দুদিনত চলোৱা উচ্ছেদ অভিযানত প্ৰশাসনে কেইবা শ বিঘা ভূমি বেদখলমুক্ত কৰিলে ।

উল্লেখ্য় যে প্ৰথম দিনা জিলা প্ৰশাসনৰ লগতে বন বিভাগৰ এই যৌথ অভিযানত ৬৬২ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হয় (Eviction in Burha chapori wildlife sanctuary in Tezpur) ৷ শান্তিপূৰ্ণভাৱে চলা এই উচ্ছেদ অভিযানত প্ৰথম দিনা লংকে টাপু ,বেটনি আৰু কমালাগড়ত ৬৮২ হেক্টৰ ভূমিত (৫১৩০ বিঘা) উচ্ছেদ চলোৱা হৈছিল । লংকে টাপুত ৬৩০ হেক্টৰ ভূমিত ৫৬৩ টা ঘৰ আৰু বেটনিত ৭৬ টা ঘৰ আৰু ৩০৪ টা পৰিয়াল আৰু কমলাগড়ত ৫২ ঘৰ উচ্ছেদ কৰা হয় বুলি প্ৰশাসনে সদৰি কৰিছে ।

ইপিনে, দ্বিতীয় দিনা গণেশ টাপু, বাঘে টাপু, গুলিৰপাৰত 530 হেক্টৰ ভূমিত 494 টা ঘৰ আৰু 1976 টা পৰিয়াল উচ্ছেদ কৰা হয় । তদুপৰি লাঠিমাৰীত 292 হেক্টৰ ভূমিত 446 টা ঘৰ আৰু 1526 টা পৰিয়াল উচ্ছেদ কৰে প্ৰশাসনে । সমান্তৰালভাৱে ছিয়ালিত 80 হেক্টৰ ভূমিত উচ্ছেদ কৰা হয় 255টা ঘৰ আৰু 1210 পৰিয়ালক । বিগত দুদিনত 902 হেক্টৰ বন ভূমি আৰু 1195 টা ঘৰ উচ্ছেদ কৰা হয় । ছিয়ালিত আজি তৃতীয় দিনাও উচ্ছেদ চলোৱা হৈছে । কাৰণ এই অঞ্চলটো সমগ্ৰ উচ্ছেদিত বুঢ়া চাপৰিৰ ভিতৰতে এক বিশাল এলেকা ।

এই অভয়াৰণ্যখন ১৯৭৪ চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল । তেতিয়াৰে পৰাই অভয়াৰণ্যখন শোণিতপুৰ জিলাৰ বন বিভাগৰ অন্তৰ্ভুক্ত হয় । ১৯৯৫ চনৰ ১১ জুলাইত ইয়াক বন্য প্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় । অৱশ্য়ে ২০১৩ চনৰ ১১ নৱেম্বৰত বন বিভাগে এই অভয়াৰণ্যখন নগাঁও জিলা বন্য প্ৰাণী মণ্ডলৰ অন্তৰ্ভুক্ত কৰে । এই সমগ্ৰ অঞ্চলটো পিছে শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ মহকুমাৰ অন্তৰ্গত তেজপুৰ ৰাজহ চক্ৰৰ অধীনতে থাকি যায় । সম্প্ৰতি এই অভয়াৰণ্যখন তেজপুৰ বিধানসভাৰ অন্তৰ্গত হোৱা বাবে শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ চলায় । প্ৰশাসনে উক্ত ঠাইত থকা বিদ্যালয়সমূহৰ উচ্ছেদ কৰা নাই । এই বিদ্যালয়সমূহ পৰৱৰ্তী সময়ত অন্য বিদ্যালয়লৈ স্থানান্তৰ কৰা হ'ব বুলি শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সদৰি কৰিছে ।

লগতে পঢ়ক:Labourers missing in Ledo coal mine: কি হ’ল প্ৰাঞ্জলৰ; প্ৰশাসনৰ ভূমিকাত সন্দেহ তিনিচুকীয়াৰ দল-সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.