ETV Bharat / state

Labourers missing in Ledo coal mine: কি হ’ল প্ৰাঞ্জলৰ; প্ৰশাসনৰ ভূমিকাত সন্দেহ তিনিচুকীয়াৰ দল-সংগঠনৰ

author img

By

Published : Feb 15, 2023, 10:12 PM IST

লিডু কয়লাখনিত কৰ্মৰত প্ৰাঞ্জল মৰাণৰ ৰহস্যজনক নিৰুদ্দেশক লৈ সদৌ মৰাণ ছাত্ৰ সন্থা আৰু টাই আহোম ছাত্ৰ সন্থাৰ যৌথ সংবাদমেল ৷ ২৪ ঘণ্টাৰ ভিতৰত প্ৰাঞ্জলৰ মৃতদেহ বিচাৰি দিয়াৰ লগতে পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী সংগঠন দুটাৰ ৷ আৰক্ষী অধীক্ষকক নহয় আৰক্ষী সঞ্চালক প্ৰধানক ব্যৱস্থা গ্ৰহণৰ আহ্বান (Labourers missing in Ledu coal mine) ৷

Labourers missing in Ledo coal mine
সদৌ মৰাণ ছাত্ৰ সন্থা আৰু টাই আহোম ছাত্ৰ সন্থাৰ যৌথ সংবাদমেল

সদৌ মৰাণ ছাত্ৰ সন্থা আৰু টাই আহোম ছাত্ৰ সন্থাৰ যৌথ সংবাদমেল

তিনিচুকীয়া, ১৫ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ অন্তৰ্গত শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণে লিডুৰ কয়লাখনিত (Ledu coal mine) কাম কৰিবলৈ গৈ ১২ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে (Labourers missing in Ledu coal mine) ৷ প্ৰাঞ্জলে কৰ্মৰত খনিটোৰ মালিকপক্ষৰ পৰা পৰিয়ালৰ লোকে তেওঁৰ সন্দৰ্ভত কোনো তথ্য লাভ কৰিবলৈ সক্ষম নোহোৱাত ৪ ফেব্ৰুৱাৰীত লিডু আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে । কিন্তু ইয়াৰ পাচতো প্ৰাঞ্জলৰ কোনো সম্ভেদ নোলোৱাত এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে টাই আহোম ছাত্ৰ সন্থাই ৷

তিনিচুকীয়াৰ প্ৰেছ ক্লাৱত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু টাই আহোম ছাত্ৰ সন্থাই যৌথভাৱে এখন সংবাদমেল সম্বোধন কৰি প্ৰশাসনৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে ৷ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণে আৰক্ষীয়ে কেইজনমানক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জনাইছে যদিও কাক কাক গ্ৰেপ্তাৰ কৰা হৈছে সেই বিষয়ে কোনো তথ্য জনোৱাৰ পৰা বিৰত থকাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ প্ৰাঞ্জলৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত জড়িতসকলক গ্ৰেপ্তাৰ কৰি পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ বাবে দাবী জনায় ৷

মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণে প্ৰশাসনক ২৪ ঘণ্টা সময়সীমা নিৰ্ধাৰণ কৰি, এই সময়চোৱাৰ ভিতৰত প্ৰাঞ্জলক বিচাৰি দিয়াৰ লগতে পৰিয়ালক ক্ষতিপূৰণ নিদিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷ ইফালে টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁই কয়, "প্ৰাঞ্জল মৰাণ মৃত নে জীৱিত এতিয়ালৈকে জনোৱা নাই ৷ জিলা প্ৰশাসনৰ এয়া দায়িত্ব আছে ৷ এজাহাৰ দাখিল কৰাৰ পিচতো কোনো গুৰুত্ব দিয়া নাই, দল-সংগঠনে মাত মতাৰ পিচতহে কিছু পদক্ষেপ লৈছে ৷"

টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁইয়ে আৰু কয় যে, কালি অৰ্থাৎ মঙলবাৰে আৰক্ষী-প্ৰশাসনে মৃতদেহ বিচাৰি খনন চলাইছিল ৷ কিন্তু প্ৰশাসনৰ লোকে খনন কৰা ঠাইত মানুহ যাবলৈ দিয়া নাই, কিন্তু তাত কয়লা খনন চলি আছে (Illegal coal mine) ৷ যদি সেই ঠাই মানুহ যোৱাৰ বাবে সুৰক্ষিত নহয় তেন্তে তাত কেনেকৈ কয়লা খনন কৰিব পাৰিছে বুলি প্ৰশাসনক উভতি ধৰে ৷ তেওঁ অবৈধ কয়লাখনিত সঘনাই শ্ৰমিকৰ মৃত্যু হৈ আছে যদিও মালিকপক্ষৰ একাংশ লোকে তেওঁলোকক মেনেজ কৰি থকাৰ বাবেই এই ঘটনাসমূহ পোহৰলৈ অহা নাই বুলি জানিবলৈ দিয়ে ৷ তেওঁ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক (Assam Police Chief GP Singh) এই বিষয়টোত হস্তক্ষেপ কৰাৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক: Labourers missing in Ledu coal mine: লিডুৰ কয়লাখনিত কাম কৰিবলৈ যোৱা প্ৰাঞ্জল আজিও ঘৰলৈ ঘূৰি নাহিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.