ETV Bharat / state

COVID-19 Vaccine Boosters: সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মীক ক’ভিডৰ বুষ্টাৰ ড'জ প্ৰদান

author img

By

Published : Jul 27, 2022, 4:42 PM IST

মিছামাৰীৰ সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ নিৰাপত্তাৰ দায়িত্বত থকা বনকৰ্মীসকলক প্ৰদান কৰা হয় ক’ভিডৰ বুষ্টাৰ ড'জ (COVID-19 Vaccine Boosters) ৷ এই পৰ্যন্ত শিবিৰটোত বনকৰ্মীৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ শতাধিক লোককো প্ৰদান কৰা হয় ক’ভিডৰ বুষ্টাৰ ড'জ ৷

COVID-19 Vaccine Boosters
COVID-19 Vaccine Boosters

ৰঙাপৰা,27 জুলাই: সমগ্ৰ দেশতে ক'ভিড মহামাৰীয়ে মাৰাত্মক ৰূপ ধাৰণ কৰাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে দেশৰ নাগৰিকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছিল ক'ভিডৰ দুটাকৈ পালি (Covid vaccination in India)৷ শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে মহামাৰী ক'ভিড-১৯ ৰ বুষ্টাৰ ড'জ মুকলি কৰিছে ৷ দেশৰ প্ৰতিজন প্ৰাপ্তবয়স্ক আৰু চৰকাৰী কৰ্মচাৰীলৈ বিনামূলীয়াকৈ প্ৰদান কৰা হৈ আহিছে এই বুষ্টাৰ ড'জবোৰ (COVID-19 Vaccine Boosters) ৷

বনকৰ্মীলৈ ক'ৰোনাৰ বুষ্টাৰ ড'জ

মংগলবাৰৰ দিনটোত স্বাস্থ্য বিভাগৰ উদ্যোগত মিছামাৰীৰ সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ নিৰাপত্তাৰ দায়িত্বত থকা বনকৰ্মীৰ লগতে স্থানীয় ৰাইজৰ মাজত প্ৰদান কৰা হয় বুষ্টাৰ ড'জ (Sonai-Rupai Wildlife Sanctuary Foresters) ৷ চৰকাৰী স্বাস্থ্য কেন্দ্ৰসমূহত বিনামূলীয়াকৈ বুষ্টাৰ ড'জ গ্ৰহণ কৰা লোকৰ উপস্থিতি সেৰেঙা হোৱা দিশলৈ লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে বিভিন্ন স্থানত শিবিৰ অনুষ্ঠিত কৰি বুষ্টাৰ ড'জ প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ।

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মিছামাৰীৰ গৰুবন্ধা ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মীসকলে সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কলামাটিস্থিত বনাঞ্চলিক কাৰ্যালয়ত এক শিবিৰৰ আয়োজন কৰে আৰু উক্ত শিবিৰত অভয়াৰণ্যখনৰ নিৰাপত্তাৰ দায়িত্বত থকা বনকৰ্মীসকলক বুষ্টাৰ ড'জ প্ৰদান কৰা হয় । এই পৰ্যন্ত শিবিৰটোত শতাধিক লোকলৈ প্ৰদান কৰা হৈছে বিনামূলীয়া ক'ৰোনাৰ বুষ্টাৰ ড'জ ৷ ভাৰতবৰ্ষত ক'ৰোনা ভেকচিনৰ প্ৰথম পালিটো ২০২১ বৰ্ষৰ ১৬ জানুৱাৰীত মুকলি কৰা হৈছিল ।

লগতে পঢ়ক: ডিব্ৰুগড়ত পুনৰ ক'ভিড পজিটিভৰ সংখ্যা বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.