ETV Bharat / state

AASU on Constituency Delimitation: সমষ্টিৰ পুনৰ নিৰ্ধাৰণ অসমীয়া মানুহৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে প্ৰয়োজনীয়: শংকৰজ্যোতি

author img

By

Published : Jan 6, 2023, 10:34 PM IST

অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰতি সমৰ্থন সদৌ অসম ছাত্ৰ সন্থাৰ (AASU on Constituency Delimitation) ৷ 2001 চনৰ লোকপিয়ল অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ আহ্বান আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাৰ ৷ অসমত জনবিন্যাস সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰযোজনীয় বুলি মন্তব্য আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ৷

AASU supports Constituency Delimitation
অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰতি সমৰ্থন সদৌ অসম ছাত্ৰসন্থাৰ

তেজপুৰ, ৬ জানুৱাৰী : সমষ্টিৰ পুনৰ নিৰ্ধাৰণ অসমীয়া মানুহৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে অতি প্ৰয়োজনীয় (Constituency Delimitation in Assam) ৷ কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই পূৰ্বৰে পৰাই দাবী কৰি আহিছিল । এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ । শুকুৰবাৰে সন্ধিয়া তেজপুৰৰ শ্বহীদ বাকৰিত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ ত্রয়োদশ বাৰ্ষিক অধিবেশনত উপস্থিত হৈ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে এই মন্তব্য কৰে (Sonitpur AASU annual conference) ৷

তেওঁ কয় যে, অসমত অসমীয়া মানুহৰ বাবে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ অতি গুৰুত্বপূৰ্ণ (AASU on Constituency Delimitation)। ছাত্ৰ সন্থাই ১৯৮৬ চনৰে পৰা সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ দাবী জনায় আহিছিল ৷ পৰৱৰ্তী পৰ্যায়ত কা আন্দোলনৰ সময়ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত ৬ নং দফাৰ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰোতে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বাবে ইয়াৰ মডেলেটি কিদৰে প্ৰস্তুত কৰিব সেই বিষয়েও উল্লেখ কৰা হৈছিল । অসমত জনবিন্যাস যথেষ্ট পৰিমাণে সলনি হৈছে ৷ যাৰ কাৰণে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ অতি প্ৰয়োজনীয় বুলি বৰুৱাই লগতে কয় (Sankarjyoti Barua on Constituency Delimitation)।

আনহাতে, অসম চুক্তিৰ আধাৰত আজি অসমে যথেষ্ট পৰিমাণে সুবিধা লাভ কৰিছে বুলি উল্লেখ কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ অসমত উদ্যোগ স্থাপন, কেন্দ্ৰীয় বিশ্ববিদ্যালয় গঢ়ি উঠিছে যদিও অসম চুক্তিৰ আধাৰত যোৱা ৩৭ বছৰে শাসনৰ গাদীত থকা কোনো এখন চৰকাৰেও এন আৰ চিৰ প্ৰতি গুৰুত্ব নিদিলে বুলি তেওঁ খেদ প্ৰকাশ কৰে ৷ চৰকাৰৰ অৱহেলাৰ বাবে অসমত এন আৰ চিখন শুদ্ধ ৰূপত প্ৰকাশ নোহোৱাটো চৰকাৰৰ চৰম বিফলতা বুলিও তেওঁ কয় (NRC in Assam) ।

সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই কয় যে, ২০০১ চনৰ লোকপিয়ল অনুসৰি সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হোৱাটো উচিত ৷ কাৰণ ১৯৭৪ চনত অসমত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হৈছিল ৷ ১৯৭১ চনত বাংলাদেশ বিভাজন হোৱাৰ সময়তে অসমত পৰৱৰ্তী সময়ৰ বাবে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হয় ৷ গতিকে বৰ্তমান অসমত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হোৱাটো প্ৰয়োজন বুলি তেওঁ কয় ।

উল্লেখ্য যে, অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ বাবে ইতিমধ্যে ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্দেশনা জাৰি কৰিছে ৷ অতি শীঘ্ৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম আৰম্ভ হ’ব আৰু 2024 ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই কাম সমাপ্ত হ’ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে জনাইছে ৷ কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক লৈ কোনো কোনো বিৰোধী নেতাই বিষোদগাৰ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: Raijor Dal Reaction on Delimitation: বিশেষ জনগোষ্ঠীক লক্ষ্য কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.