ETV Bharat / state

থাওৰাত ধৈৰ্য্য কোঁৱৰৰ সমৰ্থনত গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰ যুৱতী-মহিলাৰ

author img

By

Published : Oct 11, 2021, 5:01 PM IST

thaura by polls
থাওৰাত ধৈৰ্য্য কোঁৱৰৰ সমৰ্থনত গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰ যুৱতী-মহিলাৰ

উপ- নিবাৰ্চনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই থাওৰা বিধানসভা সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ হৈ উঠিছে তীব্ৰতৰ ৷ সমষ্টিটোত এইবাৰ মূলতঃ শাসকীয় দলৰ সুশান্ত বৰগোহাঁই আৰু ৰাইজৰ দলৰ ধৈৰ্য্য কোঁৱৰৰ মাজত ভোটৰ যুঁজখন সীমাবদ্ধ থাকিব । থাওৰাত ধৈৰ্য্য কোঁৱৰৰ সমৰ্থনত গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰায় ৩৫ গৰাকী যুৱতী-মহিলাই ৷

মৰাণ, 11 অক্টোবৰ : ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া উপ- নিবাৰ্চনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই থাওৰা বিধানসভা সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তীব্ৰlতৰ হৈ উঠিছে ৷ সমষ্টিটোত এইবাৰ মূলতঃ শাসকীয় দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰৰ মাজত ভোটৰ যুঁজখন সীমাবদ্ধ থাকিব ।

শাসকীয় দল বিজেপিৰ সমানে গাঁৱে গাঁৱে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৰাইজৰ দলে ৷ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰৰ সমৰ্থনত এদল যুৱতী-মহিলাই থাওৰা সমষ্টিৰ প্ৰতিখন গাঁৱৰ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷ নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্ব লৈছে ৰাইজৰ দলৰ শিৱসাগৰ জিলাৰ সাংগঠনিক সম্পাদিকা মূৰ্চনা চুতীয়া, শিৱসাগৰ জিলা নাৰী বলৰ প্ৰচাৰ সম্পাদিকা হিমাশ্ৰী চুতীয়া আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, ডিব্ৰুগড় জিলাৰ যুটীয়া সম্পাদক হেমন্ত কোঁৱৰে ৷

থাওৰাত ধৈৰ্য্য কোঁৱৰৰ সমৰ্থনত গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰ যুৱতী-মহিলাৰ

লগতে পঢ়ক : দেশৰ প্ৰধান চহৰসমূহৰ সৈতে এতিয়া সংযুক্ত হ’ব গুৱাহাটী

প্ৰায় ৩৫ গৰাকী যুৱতী-মহিলাই সমষ্টিৰ অন্যতম নিতাইপুখুৰী গাওঁ পঞ্চায়তৰ অধীনৰ প্ৰতিখন গাঁৱৰ ঘৰে ঘৰে গৈ ধৈৰ্য্য কোঁৱৰৰ হৈ প্ৰচাৰ চলাইছে ৷ প্ৰচাৰ সন্দৰ্ভত ৰাইজৰ দলৰ শিৱসাগৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদিকা মূৰ্চনা চুতীয়াই কয়, বিশ্বাসঘাটক সুশান্ত বৰগোহাঁইক এইবাৰ উপ-নিবাৰ্চনত উপযুক্ত শিক্ষা দিয়া হ'ব ।

বিজেপিৰ সুশান্ত বৰগোহাঁই আৰু কংগ্ৰেছৰ মনোৰঞ্জন কোঁৱৰ একেখন কাঁহিতে খোৱা মানুহ । দুইজনৰ মাজত কোনো ধৰণৰ প্ৰাৰ্থক্য নাই । গতিকে এইবাৰ বিকল্প হিচাপে থাওৰাবাসীয়ে ধৈৰ্য্য কোঁৱৰক আদৰিছে বুলি মন্তব্য প্ৰকাশ কৰে জিলা সাংগঠনিক সম্পাদিকা গৰাকীয়ে ৷

লগতে পঢ়ক : বোকাখাত আৰক্ষীৰ কঠোৰ স্থিতি, ভুলতো বাইকত দুজন নাহিব পূজা চাবলৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.