বোকাখাত আৰক্ষীৰ কঠোৰ স্থিতি, ভুলতো বাইকত দুজন নাহিব পূজা চাবলৈ !

author img

By

Published : Oct 11, 2021, 4:14 PM IST

Updated : Oct 11, 2021, 4:30 PM IST

Section 144 imposed in Golaghat

দুৰ্গা পূজাৰ উপলক্ষে অধিক কঠোৰ হৈছে বোকাখাত যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী ৷ ইতিমধ্যে বোকাখাতত 70 খন দুচকীয়া বাহন জব্দ কৰিছে বোকাখাত আৰক্ষীয়ে ৷ এতিয়াৰ পৰা মাহিলা আৰু শিশুৰ বাহিৰে দুজন লোক উঠিব নোৱাৰিব দুচকীয়া বাহনত ৷

বোকাখাত, 11 অক্টোবৰ : দুৰ্গাপূজাৰ উপলক্ষে অধিক সতৰ্কতা অৱলম্বন কৰিছে বোকাখাত আৰক্ষীয়ে ৷ ইতিমধ্যে গোলাঘাট জিলা প্ৰশাসনৰ ফালৰ পৰা জিলাখনত 144 ধাৰা জাৰি কৰিছে ৷ সেই অনুসৰি অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বোকাখাত যান-বাহন আৰক্ষীয়ে ৷

দুচকীয়া বাহনত দুজন উঠা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে বোকাখাত আৰক্ষী

144 ধাৰা অনুসৰি দুচকীয়া বাহনত মহিলা আৰু 15 বছৰৰ তলৰ শিশুৰ বাহিৰে দুজন উঠাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, যি সকলে জাৰি কৰা বিধি উলংঘন কৰিছে সেই সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ইতিমধ্যে দুজন উঠি অহা প্ৰায় ৭০ খন দুচকীয়া বাহন জব্দ কৰিছে বোকাখাত যান-বাহন আৰক্ষীয়ে ৷

ইয়াৰে কুৰিৰো অধিক বাইক আৰোহীক জৰিমণা বিহাৰ লগতে একাংশ বিৰুদ্ধে যান-বাহন আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষীৰ সূত্ৰই ৷ তদুপৰি, ক'ভিড প্ৰট'কলৰ ওপৰত ভিত্তি কৰি মাস্ক পৰিধান কৰা আৰু জন সমাগম তথা সামাজিক দূৰত্ব পালন কৰা ক্ষেত্ৰতো বোকাখাত আৰক্ষীয়ে বিশেষভাৱে নজৰ ৰাখিছে ৷ লগতে পূজাৰ এই সময়ছোৱাত কোনো ধৰণৰ যাতে কূটাঘাত সংঘটিত নহয় তাৰ ওপৰতো সতৰ্কতা অৱলম্বন কৰা হৈছে বুলি জানিবলৈ দিছে বোকাখাত আৰক্ষীয়ে ৷

লগতে পঢ়ক: আজি মহাষষ্ঠী : উথপথপ পূজা মণ্ডপসমূহ

Last Updated :Oct 11, 2021, 4:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.