কাটিহাৰৰ পৰা গুৱাহাটীলৈ সম্পূৰ্ণ হ’ল ৰে’লপথৰ বৈদ্যুতিকৰণ

author img

By

Published : Oct 11, 2021, 3:53 PM IST

Updated : Oct 11, 2021, 7:15 PM IST

Boost to Rail Electrification over High Density Network in North East Region

উত্তৰ-পূৱ ৰে’লৱেয়ে কাটিহাৰৰ পৰা গুৱাহাটী পৰ্যন্ত সম্পূৰ্ণ ৰে’লপথ বৈদ্যুতিকৰণ কৰাৰ ফলত এতিয়া যিকোনোধৰণৰ যাত্ৰীবাহী ৰে’লৰ লগতে সামগ্ৰী কঢ়িওৱা ৰে’ল অতি কম সময়তে চলাচল সম্ভৱ হৈ উঠিছে ৷

নিউজ ডেস্ক, 11 অক্টোবৰ : ভাৰতীয় ৰে’লৰ বৈদ্যুতিকৰণৰ পৰিকল্পনাই এতিয়া দেশৰ সকলো গুৰুত্বপূৰ্ণ চহৰক সংযুক্ত কৰিব গুৱাহাটীৰ মহানগৰীৰ সৈতে ৷ উত্তৰ-পূৱ ৰে’লৱেই কাটিহাৰৰ পৰা গুৱাহাটী পৰ্যন্ত সম্পূৰ্ণ ৰে’লপথ বৈদ্যুতিকৰণ কৰাৰ ফলত এতিয়া যিকোনো ধৰণৰ যাত্ৰীবাহী ৰে’লৰ লগতে সামগ্ৰী কঢ়িওৱা ৰে’ল অতি কম সময়তে চলাচল সম্ভৱ হৈ উঠিছে ৷

ইয়াৰ উপৰিও মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড আৰু চিক্কিমলৈ অতিৰিক্ত ৰাজধানী এক্সপ্ৰেছ ৰে’ল চলাচল কৰিব ৷ নিৰৱচ্ছিন্ন ৰে’ল পৰিচালনাৰ ফলত, নিউ জলপাইগুৰি, নিউ কোচবিহাৰত ট্ৰেক্সন পৰিৱৰ্তন এতিয়া আঁতৰ কৰা হ'ব, যাৰ ফলত ৰে’লসমূহৰ গতিশীলতা বৃদ্ধি হ'ব । ইয়াৰ ফলত গুৱাহাটীৰ পৰা কাটিহাৰ/মালদা টাউনৰ মাজৰ দূৰত্ব মাত্ৰ 2 ঘন্টাত সম্পূৰ্ণ কৰিব পৰা যাব যিহেতু ৰে’লসমূহৰ গতিবেগ বৃদ্ধি পাব ৷

সেউজ যাতায়াতৰ ক্ষেত্ৰত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ ই অন্য এক মাইলৰ খুঁটি ৷ NF ৰে’লৱেই 2023-24ৰ ভিতৰত ব্ৰডগজ নেটৱৰ্ক সম্পূৰ্ণ কৰাৰ চেষ্টা কৰি আছে যাৰ পৰিণামস্বৰূপে কম ইন্ধন ব্যৱহাৰ হোৱাৰ উপৰিও মূল্যবান ৰাপ্তানিকৃত বৈদেশিক সামগ্ৰীমূহ সুৰক্ষিত হৈ থাকিব ৷

বৰ্তমানলৈকে NF ৰে’লৱেই মুঠ 649 Route Kilometre (RKM)/ 1294 Tonne Kilometre পথ বৈদ্যুতিকৰণৰ কাম সমাপ্ত কৰিছে ৷ আনহাতে,High-Density নেটৱৰ্কৰ চূড়ান্ত পৰ্যায়ৰ 107 RKM/273 TKM পথৰ কামৰ পৰ্যৱেক্ষণ সম্প্ৰতি যোৱা 7 অক্টোবৰৰ পৰা 9 অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰে NF সংমণ্ডলৰ Commission of Railway Safetyএ ৷

গুৱাহাটীলৈ ৰে’লপথ বৈদ্যুতিকৰণে HSD তেলৰ ক্ষেত্ৰত হোৱা বৈদেশিক বিনিময়ৰ পৰিমাণ বছৰি প্ৰায় 300 কোটিলৈ হ্ৰাস পাব ৷ 10-15% লৈকে লাইন ক্ষমতা বৃদ্ধিৰ ফলত NF ৰে'লৱেৰ বহুতো শাখাত সংপৃক্ততাৰ স্তৰ হ্ৰাস হ'ব আৰু অধিক কোচিং ৰে’ল চলাব পাৰিব ৷

লগতে পঢ়ক : অবিশ্বাস্য : 60 বছৰে কৰ্পূৰ আৰু ধূপ কাঠিৰ ধোঁৱা খাই জীয়াই থকা এগৰাকী 75 বৰ্ষীয় মহিলা

Last Updated :Oct 11, 2021, 7:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.