ETV Bharat / state

Sexual Harresment case in Sivasagar : শিৱসাগৰৰ নামতিত ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনা

author img

By

Published : Mar 5, 2023, 11:34 AM IST

শিৱসাগৰৰ নামতিত ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনা । দীৰ্ঘদিন ধৰি বাবুল আলি নামৰ এজন লোকে চলাই আহিছিল শাৰীৰিক মানসিক নিৰ্যাতন । ১৪ দিন উকলি যোৱাৰ পাচটো বাবুল আলিক কৰায়ত্ত কৰাত ব্যৰ্থ নামতি আৰক্ষী (Physically mentally abused of teenagers) ৷

Molestation of minor in Sivasagar
১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন

১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন

আমগুৰি, 5 মাৰ্চ : ৰাজ্যত পুনৰ কিশোৰী নিৰ্যাতনৰ ঘটনা ৷ শিৱসাগৰ জিলাৰ নামতিত সংঘটিত হৈছে এই লজ্জাজনক ঘটনাটো ৷ এগৰাকী 13 বছৰীয়া কিশোৰীক বাবুল আলি নামৰ এজন লোকে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছে ভুক্তভোগীৰ লগতে ভুক্তভোগী পৰিয়ালটোৱে ৷ ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ পৰিয়ালে নাজিৰা মহকুমা আৰক্ষী বিষয়া আৰু নামতি আৰক্ষীক অভিযোগ দিয়াৰ পিচতো ন্যায় লাভ কৰা নাই বুলি আৰক্ষীৰ বিৰুদ্ধে অভিযোগৰ আঙুলি উঠা দেখিবলৈ পোৱা গৈছে (Molestation of minor in Sivasagar) ৷

ঘটনা সন্দৰ্ভত জানিবলৈ পোৱা অনুসৰি নামতি চাৰিআলিৰ ব্যৱসায়ী বাবুল আলিয়ে সমীপৰে এগৰাকী কিশোৰীক এবছৰ ধৰি শাৰীৰিকভাৱে নিৰ্যাতন চলাই অহাৰ খবৰ পোহৰলৈ আহিছে । ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে নামতি আৰক্ষীক অভিযোগ দিয়াৰ পিচতো অভিযুক্তক ৰক্ষণাবেক্ষণৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষাৰ বিৰুদ্ধে । বাবুল আলি নামৰ ব্যৱসায়ীটোৱে ১৩ বছৰীয়া কিশোৰীগৰাকীক দীৰ্ঘদিনৰ পৰা শাৰীৰিক, মানসিক নিৰ্যাতন চলাই আহিছিল ।

কিশোৰীগৰাকীৰ গোপন মুহূৰ্তৰ ছবি অতি কৌশলেৰে সংগ্ৰহ কৰি ভাইৰেল কৰাৰ ভাবুকি কিশোৰীগৰাকীক প্ৰদান কৰি আহিছিল বাবুল আলিয়ে ।নিচাযুক্ত দ্ৰব্য খুৱাই ডিঙিত ছুৰী ৰাখি কিশোৰীগৰাকীক ভাবুকি দিয়াৰো চাঞ্চল্যকৰ অভিযোগ উঠিছে অভিযুক্তৰ বিৰুদ্ধে । কিশোৰীগৰাকী টিউচনলৈ যোৱা অৱস্থাত বাবুল আলিয়ে জোৰ-জবৰদস্তি গাড়ীত উঠোৱাৰ চেষ্টা কৰা, ফোন কৰি ধমকি দিয়া, গালি-গালাজ পৰা, নিচাযুক্ত দ্ৰব্য খোৱাকে ধৰি শাৰীৰিক-মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল বিগত প্ৰায় এটা বছৰে ।

লগতে পঢ়ক : Powerloom gamochas ban in Assam: অসমত নিষিদ্ধ হ'ল বহিঃৰাজ্যৰ পাৱাৰলুমৰ বস্ত্ৰ; উৎফুল্লিত ৰাজ্যৰ শিপিনী

ঘটনা সন্দৰ্ভত কিশোৰীৰ পৰিয়ালে নাজিৰা মহকুমা আৰক্ষী বিষয়া আৰু নামতি আৰক্ষীক অভিযোগ দিয়াৰ পিচতো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দিছে । ১৪ দিন পূৰ্বে অভিযোগ দিয়াৰ পিচতো নামতি আৰক্ষীয়ে অভিযুক্ত ব্যৱসায়ী বাবুল আলিক গ্ৰেপ্তাৰ কৰিব নোৱৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে । যি সময়ত ৰাজ্য চৰকাৰে বাল্যবিবাহক লৈ বিশেষ তৎপৰ হোৱা পৰিলক্ষিত হৈছে, তেনে সময়তে কিশোৰীক নিৰ্যাতন চলোৱা এটা অভিযুক্তক ১৪ দিনে কৰায়ত্ত তথা গ্ৰেপ্তাৰ কৰিব নোৱৰাটো নামতি আৰক্ষীৰে নহয় অসম আৰক্ষীৰ বাবেও এক লজ্জাজনক বিষয় ( Anti child marriage drive in Assam)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.