ETV Bharat / state

পথ দুৰ্ঘটনাত থিতাতে নিহত যুৱক

author img

By

Published : Sep 24, 2020, 12:27 PM IST

শিৱসাগৰত বৃহস্পতিবাৰে পুৱা সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা ৷ এখন তীব্ৰ বেগী মেজিকে বিপৰীত দিশৰ পৰা অহা বাইকত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় এগৰাকী যুৱক ৷ বাইকত অহা আন গৰাকী যুৱকৰ চিকিৎসালয়ত মৃত্যু ঘটে ৷

Road Accident in Sivsagar spot dead two people assam etv bharat news
পথ দুৰ্ঘটনা

শিৱসাগৰ,24 চেপ্তেম্বৰ: শিৱসাগৰ জিলাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । বাইক আৰু মেজিকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত দুৰ্ঘটনাটোত মৃত্যুবৰণ কৰে দুগৰাকী যুৱকে ।

বৃহস্পতিবাৰে পুৱা প্ৰায় 10 মান বজাত এখন বাজাজ বাইক লৈ চৰগুৱাৰ 19 বছৰীয়া তন্ময় দাস নামৰ যুৱকগৰাকীয়ে শুকান পুখুৰীৰ মাধৱজ্যোতি চেতিয়াৰ সৈতে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এ এছ 04 বিচি 8665 নম্বৰৰ এখন মেজিক বাহনৰ সৈতে সংঘৰ্ষ হোৱাত থিতাতে নিহত হয় এগৰাকী যুৱক ৷ আনগৰাকী যুৱকক সংকটজনক অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও যুৱকগৰাকীয়ে মৃত্যুক সাৱটি লয় ৷ ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে মেজিকখনৰ চালকজনে পলায়ন কৰে ৷

লগতে চাওকঃ অগপক সমষ্টি এৰি দিবলৈ অনিচ্ছুক টীয়কৰ দুই মণ্ডল বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.