ETV Bharat / state

অগপক সমষ্টি এৰি দিবলৈ অনিচ্ছুক টীয়কৰ দুই মণ্ডল বিজেপি

author img

By

Published : Sep 24, 2020, 11:22 AM IST

টীয়ক সমষ্টি অগপ ক এৰি দিয়াৰ পক্ষপাতী নহয় টীয়ক বিজেপি দুই মণ্ডল
টীয়ক সমষ্টি অগপ ক এৰি দিয়াৰ পক্ষপাতী নহয় টীয়ক বিজেপি দুই মণ্ডল

21 ৰ নিৰ্বাচনত টীয়ক সমষ্টি অগপক এৰি দিব নোখোজে টীয়ক সমষ্টিৰ বিজেপিৰ দুই মণ্ডলে ৷ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি এই সিদ্ধান্ত কলিয়াপানী মণ্ডল বিজেপি আৰু চিপাহীখোলা মণ্ডল বিজেপিৰ ৷ 2016 ত মিত্ৰতাৰ প্ৰতি সন্মান জনাই অগপৰ এৰি দিয়া হৈছিল এই সমষ্টি ৷ এইবাৰ 21 ত অগপক সমষ্টিটো এৰি দিবলৈ আহ্বান টীয়ক বিজেপিৰ ৷

যোৰহাট, 24 চেপ্তেম্বৰ : সমাগত 2021 ৰ বিধানসভা নিৰ্বাচন ৷ এফালে কংগ্ৰেছৰ এআইডিইউএফ ৰ সৈতে মিত্ৰতা আনফালে বিজেপিৰ অগপৰ সৈতে মিত্ৰতা ৷ সকলো ফালে নিৰ্বাচনী প্ৰস্তুতি তুংগত উঠাৰ মাজতে এইবাৰ টীয়ক সমষ্টি অগপক এৰি নিদিয়াৰ সিদ্ধান্ত যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ বিজেপিৰ দুই মণ্ডলৰ ৷ বুধবাৰে এখন কাৰ্যনিৰ্বাহক সভাত কলিয়াপানী মণ্ডল বিজেপি আৰু চিপাহীখোলা মণ্ডল বিজেপিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰি উৰ্ধতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে ৷

21 ত অগপক টিয়ক সমষ্টিটো এৰি দিবলৈ আহ্বান টীয়ক বিজেপিৰ

এই কাৰ্যনিৰ্বাহক সভাত সকলোৰে সৰ্বসন্মতিক্ৰমে কেইবাটাও গুৰুত্বপূৰ্ণ দলীয় সিদ্ধান্ত গ্ৰহণ কৰে ৷ বিজেপিৰ কৰ্মকৰ্তা সকলে কয় যে ২০১৬ ৰ নিৰ্বাচনত আঞ্চলিক দল অগপৰ সৈতে মিত্ৰজোঁট বান্ধি বিজেপিয়ে টীয়ক সমষ্টিটো মিত্ৰতাৰ প্ৰতি সন্মান জনায় অগপক এৰি দিছিল ৷ বৰ্তমান বিজেপি দল সাংগঠনিক দিশৰ ফালৰ পৰাই হওক বা উন্নয়ন ফালৰ পৰাই হওক সকলো ফালৰ পৰাই অধিক সক্ৰিয় হৈ উঠিছে । সেয়ে এইবাৰ মিত্ৰতাৰ প্ৰতি অগপই সন্মান প্ৰদৰ্শন কৰি সমষ্টিটো বিজেপিক এৰি দিবলৈ আহ্বান জনোৱাৰ লগতে বিজেপি দলৰ উৰ্ধতম মহলক উক্ত দাবী গুৰুতৰভাবে বিবেচনা কৰিবলৈ আহ্বান জনায়।
লগতে পঢ়ক: গড়কাপ্তানি পথে জ্বলা-কলা খুৱাইছে টীয়কবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.