ETV Bharat / state

গড়কাপ্তানি পথে জ্বলা-কলা খুৱাইছে টীয়কবাসীক

author img

By

Published : Sep 20, 2020, 12:23 PM IST

যোৰহাটৰ টীয়কৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চৰাইমৰীয়া-বামুনপুখুৰী তুলসীজান সংযোগী পথৰ দুৰাৱস্থা ৷ আধাৰশিলা স্থাপন কৰিয়েই বিধায়কে দায়িত্ব সামৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

Poor condition of PWD road in Teok
গড়কাপ্তানি পথে জ্বলা-কলা খুৱাইছে টীয়কবাসীক

টীয়ক, 20 ছেপ্তেম্বৰ: যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ 4 নং বামুণ পুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চৰাইমৰীয়া-বামুনপুখুৰী তুলসীজান সংযোগী পথটোৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক ৷

ৰাইজৰ অভিযোগ অনুসৰি, বিগত বৰ্ষৰ ২২ জানুৱাৰীত টীয়ক সমষ্টিৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাই ঢাক-ঢোল বজাই পথটোৰ আধাৰশিলা স্থাপন কৰিছিল ৷ গড়কাপ্তানি বিভাগৰ যোৰহাট গ্ৰাম্য পথ সংমণ্ডলৰ দ্বাৰা SOPD(G) আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলগীয়া পথটোৰ আধাৰশিলা স্থাপনতে দায়িত্ব সামৰিলে বিধায়িকা ৰেনুপমা ৰাজখোৱাই ৷

গড়কাপ্তানি পথে জ্বলা-কলা খুৱাইছে টীয়কবাসীক

বিধায়িকা গৰাকীৰ অমনোযোগিতাৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ অকৰ্মণ্যতাৰ বাবে আজি পৰ্যন্ত পথটো নিৰ্মাণৰ কাম নবঢ়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ আধাৰশিলা স্থাপনৰ পাছতে কেইগাড়ীমান মাটি আৰু শিলগুটি পেলায়েই দ্বায়িত্ব সামৰাৰ পাচত আধৰুৱা হৈ ৰয় পথ নিৰ্মাণৰ কাম ৷

ইয়াৰ ফলস্বৰূপে এজাক বৰষুণতে পথটো ঠায়ে ঠায়ে একাঠু দ গাঁত, বোকাময় হৈ গো-বাটলৈ ৰূপান্তৰিত হৈছে ৷ সেয়েহে সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰিলে বিধায়িকা গৰাকীক বেলটৰ যোগেদি ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ দিয়ে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক: লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনা ; নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.