ETV Bharat / state

চৰাইদেউত আবিৰ্ভাৱ Munna Bhai MBBS ৰ

author img

By

Published : Jul 27, 2021, 8:55 PM IST

Updated : Jul 27, 2021, 9:06 PM IST

চৰাইদেউ জিলাৰ সোণাৰিত আটক এজন ভুৱা চিকিৎসক । আটকাধীন চিকিৎসকজনে দীৰ্ঘদিন ধৰি সোণাৰিৰ নাফুক চাহ বাগিচাত চিকিৎসা সেৱা আগবঢ়াই আছিল । গুৱাহাটীৰ এজন চিকিৎসকে ই-মেইলযোগে দিয়া এজাহাৰৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে আটক কৰে ভুৱা চিকিৎসকজনক ৷

fake doctor arrested in charaideu
চৰাইদেউত আবিৰ্ভাৱ Munna Bhai MBBS

শিৱসাগৰ, 27 জুলাই : ৰাজ্যত অব্যাহত আছে কাল কৰ’ণাৰ ত্ৰাস ৷ নিয়ন্ত্ৰিত হোৱা নাই ক’ভিড পৰিস্থিতি ৷ সম্মুখৰ পৰা কাল কৰ’ণাৰ হকে যুঁজ দি আছে চিকিৎসকসকলে ৷ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সন্মুখৰ সেনানী হৈ বিগত দুটা বছৰে যুঁজ দি আহিছে চিকিৎসক সকলে ৷

ইয়াৰ মাজতে ৰাজ্যত আবিৰ্ভাৱ হৈছে Munna Bhai MBBS ৷ এইবাৰ পিছে মুন্না ভাই (Munna Bhai) সোমাল ৰঙাঘৰত ৷ মঙলবাৰে চৰাইদেউ থানাৰ আতিথ্য লাভ কৰিলে ভূৱা চিকিৎসকগৰাকীয়ে ৷ আটকাধীন ভূৱা চিকিৎসকগৰাকীৰ প্ৰকৃত নাম হৈছে গকুল বৰুৱা ৷

গকুল বৰুৱা নামৰ চিকিৎসকজনে দীৰ্ঘদিন ধৰি সোণাৰিৰ নাফুক চাহ বাগিচাত চিকিৎসা সেৱা আগবঢ়াই আছিল । গুৱাহাটীৰ এজন চিকিৎসকে ই-মেইলযোগে সোমবাৰে দিয়া এক এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে চিকিৎসকজনক ৷ ভূৱা চিকিৎসকজনৰ নথিপত্ৰ আৰু অসম চিকিৎসা পঞ্জীয়ন পৰিষদৰ ৰেকৰ্ড প্ৰমাণিত কৰাৰ পিছত ব্যক্তিগৰাকীৰ পঞ্জীয়ন নম্বৰ ভূৱা প্ৰমাণিত হয় ৷

চৰাইদেউত আবিৰ্ভাৱ Munna Bhai MBBS ৰ

সকলো প্ৰমাণপত্ৰ ইতিমধ্যে চৰাইদেউ আৰক্ষীয়ে ভূৱা বুলি তথ্য লাভ কৰিছে । ইতিমধ্যে আৰক্ষীয়ে অসম চিকিৎসা পৰিষদ আইন 1999-ৰ 147/21 ইউ/420/468/471/336 IPC R/W ৰ অধীনত ব্যক্তিগৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে ৷ চৰাইদেউৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে প্ৰকাশ কৰা অনুসৰি আটকাধীন চিকিৎসকজনৰ পঞ্জীয়ন নম্বৰ কৃষ্ণকান্ত কোঁৱৰ নামৰ অন্য এজন চিকিৎসকৰহে ৷ এই কথা নিজ মুখে স্বীকাৰ কৰিছে আটকাধীন চিকিৎসকজনে ৷

ইফালে কৃষ্ণকান্ত কোঁৱৰে বৰ্তমান গুজৰাটত চাকৰি কৰি আছে ৷ এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ উক্ত ঘটনাৰ তদন্তৰ খাতিৰত আওতালৈ অনা হ’ব কৃষ্ণকান্ত কোঁৱৰ নামৰ ব্যক্তিগৰাকীকো ৷ এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে চৰাইদেউৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক: সীমা বিবাদৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমতে আগবাঢ়িব অসম

Last Updated :Jul 27, 2021, 9:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.