ETV Bharat / state

চামগুৰি আৰক্ষীৰ জালত Munna Bhai MBBS

author img

By

Published : Jun 24, 2021, 10:56 PM IST

ক'ভিডৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দি চিকিৎসক সকলে জনসাধাৰণৰ জীৱন ৰক্ষা কৰি অহাৰ মাজতে ৰাজ্যত ইজনৰ পাছত সিজনকৈ আৰক্ষীৰ জালত পৰিছে ভুৱা চিকিৎসক ৷ এইবাৰ চামগুৰি আৰক্ষী আৰু শালনা আৰক্ষীৰ যুটিয়া অভিযানত জালত পৰিল এজন ভুৱা চিকিৎসক ৷

fraud-doctor-arrested-at-samoguri
চামগুৰি আৰক্ষীৰ জালত ভুৱা চিকিৎস

চামগুৰি,24 জুন : ৰাজ্যত অব্যাহত আছে ক'ভিডৰ ভয়াৱহ পৰিস্থিতি ৷ ইয়াৰ মাজতে ক'ভিডৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দি জনসাধাৰণৰ জীৱন ৰক্ষা কৰিছে চিকিৎসক সকলে ৷ কিন্তু এই ভয়াৱহ সময়ৰ মাজতে চামগুৰি আৰক্ষীৰ জালত পৰিছে সাধাৰণ ৰাইজৰ জীৱনেৰে খেলা কৰা এজন ভুৱা চিকিৎসক ৷ সম্প্ৰতি চামগুৰি আৰক্ষী থানাৰ লক-আপত আছে মুন্নাভাই এম.বি.বি.এছ (Munna Bhai MBBS)ৰূপী এই গৰাকী চিকিৎসক ৷

উল্লেখ্য যে, এক গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত চামগুৰি আৰক্ষী আৰু শালনা আৰক্ষীৰ যুটিয়াভাৱে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসক গৰাকীক ৷ ধৃত ভুৱা চিকিৎসক গৰাকীৰ শিৱসাগৰৰ নাজিৰাৰ নিবাসী ৰাজু হাতীকাকতি বুলি জানিব পৰা গৈছে ৷ শালনা চাহ বাগিছাৰ চিকিৎসালয়ত এমাহ পূৰ্বৰে পৰা কৰ্মৰত হৈ আছিল ভুৱা চিকিৎসক গৰাকী ৷

চামগুৰি আৰক্ষীৰ জালত ভুৱা চিকিৎস

প্ৰাপ্ত তথ্য অনুসৰি,বিভিন্ন অনুজ্ঞাপত্ৰ জালিয়াতি কৰি বাগিছা কৰ্তৃপক্ষক ব্যক্তিগত চিকিৎসক হিচাপে পৰিচিয় দিছিল ধৃত ৰাজু হাতীকাকতিয়ে ৷ গুৱাহাটীৰ পৰা অহা চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ ৰাষ্ট্ৰীয় স্বীকৃতি বৰ্ড (NABH)ৰ এটা দলে তদন্ত কৰি ধৃত ৰাজু হাতীকাকতিৰ অনুজ্ঞাপত্ৰ সমূহ ভুৱা বুলি জানিবলৈ দিয়ে ৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতে শালনা চাহ বাগিছাত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ সাধাৰণ জনতাৰ জীৱনৰে খেলা কৰা ভুৱা চিকিৎস গৰাকীক উচিত শাস্তি প্ৰদানৰ দাবী ৰাইজৰ ৷

উল্লেখ্য যে, ৰাজ্যত অব্যাহত থকা ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ আৰক্ষীৰ জালত পৰিছে কেইবা গৰাকীও ভুৱা চিকিৎসক ৷ বিগত 17 জুনত মাজুলীত আৰক্ষীৰ জালত পৰিছিল উত্তৰ প্ৰদেশৰ উত্তম কুছৱাহাই নামৰ এজন ভুৱা চিকিৎসক । সৰল মানুহৰ অজ্ঞতাৰ সুযোগ লৈ নিজকে চিকিৎসক বুলি পৰিচয় দি মাজুলীৰ জেংৰাইমুখ থানাৰ নিচেই সমীপৰ লখিমী গাঁৱত চিকিৎসা সেৱা আগবঢ়াই গৈছিল এই গৰাকী ভুৱা চিকিৎসকে ৷

একেদৰে বিগত 15 জুনত ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিছিল ইয়াকুব আলি নামৰ এজন ভুৱা চিকিৎসক ৷ ইয়াকুব আলি নামৰ ভুৱা চিকিৎসকজনে ডিব্ৰুগড় জিলাৰ হাটিআলি চাহ বাগিচাত ৰোগীক চিকিৎসা কৰি আহিছিল ৷ ডাঃ ইয়াকুব আলি নামৰ এজন প্ৰকৃত চিকিৎসকৰ নামত প্ৰায় 12 বছৰ ধৰি ভুৱা চিকিৎসা সেৱা আগবঢ়াই গৈছিল ভুৱা চিকিৎসক ইয়াকুব আলিয়ে ৷ চিৰাং জিলাৰ কাজলগাঁও চিভিল হাস্পতালত কৰ্মৰত চিকিৎসক ডাঃ ইয়াকুব আলিৰ পৰিচয় পত্ৰ আৰু প্ৰমান পত্ৰ নকল কৰি হাটিআলি চাহ বাগিচাত কৰ্মৰত হৈ আছিল দেৰগাঁৱৰ ইয়াকুব আলি ।

লগতে পঢ়কঃ ২৬ জুনত প্ৰকাশ পাব ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.