ETV Bharat / state

Man from Assam has died mysteriously abroad again : ৰে’লৰ শৌচাগাৰত ৰহস্যজনকভাৱে উদ্ধাৰ বিমান চুতীয়াৰ মৃতদেহ

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 3:35 PM IST

পুনৰ বহিঃৰাজ্যত মৃত্যু হৈছে অসমৰ এজন ব্যক্তিৰ ৷ গৃহ অভিমুখী এখন ৰে’লত ৰহস্যজনকভাৱে উদ্ধাৰ বহিঃৰাজ্যত কৰ্মৰত এজন ব্যক্তিৰ মৃতদেহ । মৃত ব্যক্তিজন হৈছে শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত মাহমৰা খনিকৰ গাঁৱৰ বিমান চুতীয়া (৪৫) ৷

Assam man mysterious death in Delhi
পুনৰ বহিঃৰাজ্যত মৃত্যু হৈছে অসমৰ এজন ব্যক্তিৰ

পুনৰ বহিঃৰাজ্যত মৃত্যু হৈছে অসমৰ এজন ব্যক্তিৰ

আমগুৰি, ২৮ আগষ্ট : পুনৰ বহিঃৰাজ্যৰ পৰা আহিছে এক খবৰ ৷ বহিঃৰাজ্যত কৰ্মৰত এগৰাকী ব্যক্তিৰ ৰহস্যজনক মৃত্যুৰ খবৰে হুৱাদুৱা লগাইছে আমগুৰিৰ খনিকৰ গাঁৱত । গৃহ অভিমুখী এখন ট্ৰেইনত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে ব্যক্তিজনৰ মৃতদেহ । মৃত ব্যক্তিজন শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত মাহমৰা খনিকৰ গাঁৱৰ বিমান চুতীয়া (৪৫) বুলি জানিব পৰা গৈছে ৷

মৃত বিমান চুতীয়াৰ আত্মীয়ই উল্লেখ কৰা অনুসৰি, কৰ্ণাটক ৰাজ্যৰ বেংগালুৰুৰ আস্তিন নামৰ এটা প্লাই উড ফেক্টৰীত মিস্ত্ৰী হিচাপে কৰ্মৰত আছিল বিমান চুতীয়া ৷ বিগত বুধবাৰে ঘৰলৈ বুলি ঘূৰি আহিছিল বিমান ৷ কিন্তু ভুলবশত বিমানে অসমৰ বিপৰীতে দিল্লীৰ ৰে’লত উঠি গুচি যায় ৷ পৰৱৰ্তী সময়ত দিল্লীত উপস্থিত হৈ চিন্তিত হৈ পৰে বিমান চুতীয়া ৷

পুনৰ শুক্ৰবাৰে এজন ব্যক্তিয়ে বিমান চুতীয়াক পুনৰ গুৱাহাটী অভিমুখী ৰে’লত উঠাই দিয়ে । শুক্ৰবাৰে নিশা প্ৰায় ১১ বজাত পত্নীৰ সৈতে ফোনযোগে কথা পাতে বিমান চুতীয়াই ৷ তেতিয়া তেওঁ গাজিয়াবাদ ৰে’ল ষ্টেচনত উপস্থিত হোৱা বুলি পৰিয়ালৰ লোকক অৱগত কৰে ৷

আনকি সেই ৰে’ল ষ্টেচনতে তেওঁ এজন অচিনাকী ব্যক্তিৰ সৈতেও কথা পাতিছিল বুলি উল্লেখ কৰে ৷ ইমানলৈকে সকলো ঠিকেই আছিল, কিন্তু আজি অৰ্থাৎ সোমবাৰে পুৱতি নিশা অহা এটা খবৰে জোকাৰি গৈছে পৰিয়ালটোক ৷

সোমবাৰে পুৱতি নিশা আমগুৰি আৰক্ষীয়ে বিমান চুতীয়াৰ পৰিয়াললৈ ফোন কৰি অৱগত কৰে যে মালদহ ষ্টেচনত উপস্থিত হোৱাৰ সময়তে ৰে’লৰ শৌচাগাৰৰ ভিতৰ উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ ৷ এই কথা ৰে’ল আৰক্ষীয়ে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকগৰাকীক অৱগত কৰে আৰু ব্যক্তিজনে শৌচাগাৰৰ ভিতৰত আত্মহত্যা কৰা বুলি উল্লেখ কৰে ৷

কিন্তু পৰিয়ালৰ লোকে সহজে মানি ল’ব পৰা নাই এই কথা ৷ ৰে’ল বিভাগৰ তৰফৰ পৰা দিয়া ফটোত মৃত বিমানৰ শৰীৰত আঘাতৰ চিন পৰিস্ফূত হৈ থকা বুলি দাবী কৰিছে পৰিয়ালৰ লোকে ৷ লগতে এয়া হত্যাকাণ্ড বুলিহে দাবী কৰি মৃত বিমানৰ আত্মীয়ই ৷

মৃত বিমান চুতীয়াৰ পৰিয়ালত পত্নী সহিতে আছে এটি পুত্ৰ আৰু কন্যা ৷ বৰ্তমান আৰ্থিকভাৱে দৈন্য পৰিয়ালটোৰ বাবে মৃতদেহ ঘৰলৈ ঘূৰাই অনাটো অসম্ভৱ হৈ পৰিছে । উপায়ন্তৰ হৈ পৰিয়ালটোৱে মুখ্যমন্ত্ৰীগৰাকীক বিমান চুতীয়াৰ মৃতদেহ ঘূৰাই অনাৰ ক্ষেত্ৰত তেওঁলোকক সহায় কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : Starving old man since 12 years: ১২ তেওঁ খোৱা নাই কোনো গোটা আহাৰ; সদায় খাই পানী কেতিয়াবা গাখীৰ; এতিয়াও সুস্থ সবল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.