Starving old man since 12 years: ১২ বছৰে তেওঁ খোৱা নাই কোনো গোটা আহাৰ; সদায় খাই পানী কেতিয়াবা গাখীৰ; এতিয়াও সুস্থ সবল

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 1:37 PM IST

Updated : Aug 28, 2023, 2:37 PM IST

thumbnail

জোনাই, ২৮ আগষ্ট: স্বাধীনতাৰ পূৰ্বে জন্ম গ্ৰহণ কৰা ৮৫ বছৰীয়া এজন বৃদ্ধৰ আজব কাহিনী ৷ শুনিলে আপোনাৰো চকু কঁপালত উঠিব । বিগত ১২ টা বছৰে অন্ন গ্ৰহণ নকৰাকৈ জীয়াই আছে এইগৰাকী ৮৫ বছৰীয়া বৃদ্ধ ৷ শুনি আচহুৱা যেন লাগিলেও এয়াই সত্য ।

ধেমাজি জিলাৰ জোনাই মহকুমা অন্তৰ্গত চিমেন চাপৰিৰ চমকঙৰ ২ নং নাৰায়পুৰ গাঁৱত তেওঁৰ ঘৰ । গাঁৱৰে তিনিআলিত চাহ আৰু গেলামালৰ ব্যৱসায় কৰে এইগৰাকী বৃদ্ধই ৷ ইয়াৰ উপৰিও ঘৰুৱা কাম-কাজো কৰে বৃদ্ধগৰাকীয়ে । আমি উল্লেখ কৰা ৮৫ বছৰ বৃদ্ধগৰাকীৰ নাম মনেশ্বৰ বৰা ।

আজি পৰ্যন্ত কোনো বেমাৰ আজাৰ হোৱা নাই বৃদ্ধগৰাকীৰ । সম্পূৰ্ণ সুস্থভাৱে জীয়াই আছে তেওঁ । মহামাৰী ক’ভিড-১৯ ৰ সময়তো ক’ভিডৰ টীকা লোৱা নাছিল বুলি সংবাদ মাধ্যমৰ আগত কয় মনেশ্বৰ বৰাই ৷ য’ত মানুহে এসাঁজ ভাত নোখোৱাৰ লগে লগে শৰীৰত দুৰ্বল অনুভৱ হয়, কিন্তু এইগৰাকী ৮৫ বছৰীয়া বৃদ্ধই আজি ১২ টা বছৰে ভাত নোখোৱাকৈয়ে সম্পূৰ্ণ সুস্থ হৈ আছে ।

ভাত, ৰুটী, ফল-মূল আদি নোখোৱাকৈ দিনটোত মাথোঁ একাপ গাখীৰ আৰু পানী খাই জীয়াই আছে । কি অদ্ভুত মানুহ ৷ তেওঁৰ নুমলীয়া পুত্ৰই পিতৃৰ ভাত-পানী নোখোৱা দেখি এদিন ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে লৈ যায় ৷ তাৰ পাচত চিকিৎসকে পৰীক্ষা কৰি কোনো ৰোগ ধৰিব নোৱাৰি তেওঁ সম্পূৰ্ণ সুস্থ বুলি উল্লেখ কৰে ।

বেমাৰ-আজাৰ নোহোৱা বৃদ্ধগৰাকীৰ শৰীৰত এনে কি শক্তিয়ে বিৰাজ কৰিছে, যাৰ বাবে তেওঁ বিগত ১২ টা বছৰে বিনা আহাৰে জীয়াই আছে ৷ তাকলৈ এতিয়া অঞ্চলটোৰ ৰাইজৰ মাজত উৎসুকতা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক : The deserted village of Assam: মাত্ৰ এটা পৰিয়াল থকা অসমৰ গাঁও; ক’ত আছে জানেনে ?

Last Updated : Aug 28, 2023, 2:37 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.