ETV Bharat / state

গৰুৰ চোৰাং বেপাৰ কৰি আৰক্ষীৰ জালত বিজেপি নেতা চত্ৰধৰ গগৈ

author img

By

Published : Jan 24, 2022, 9:36 PM IST

Cattle smuggling
আৰক্ষীৰ জালত বিজেপি নেতা চত্ৰধৰ গগৈ

গৰুৰ চোৰাং বেপাৰ কৰি আৰক্ষীৰ জালত পৰিল বিজেপি নেতা চত্ৰধৰ গগৈ (BJP leader arrested in Sivasagar)৷ গেৰুৱা বসন পিন্ধি গো-সুৰক্ষা আইনক ভৰিৰে মোহাৰি পেলোৱা চত্ৰধৰ চোৰাং গৰুৰ বৃহৎ চিণ্ডিকেটৰ মূল নায়ক বুলি অভিযোগ উত্থাপিত হৈছে ৷ ৰাজনৈতিক ক্ষমতাৰে বিগত সময়ত আৰক্ষীৰ পৰা সাৰি অহা বুলিও অভিযোগ উত্থাপিত হৈছে বিজেপি নেতা তথা গৰুৰ চোৰাং বেপাৰী চত্ৰধৰ গগৈৰ বিৰুদ্ধে ৷

শিৱসাগৰ, 24 জানুৱাৰী: স্বয়ং বিজেপি কৰ্মীৰ ওচৰতেই অসুৰক্ষিত গো-ধন (Cattle Preservation Act) ৷ নিজ দলৰ চৰকাৰকেই ভেঙুচালি কৰিলে বিজেপি নেতাই ৷ গেৰুৱা বসন পৰিধান কৰি জনমানসত নেতাগিৰি চলাই গোপনে গৰুৰ চোৰাং বেহা চলাই অহা এটা গৰু বেপাৰীক সোমবাৰে পুৱতি নিশা আৰক্ষীয়ে কৰায়ত্ব কৰে (BJP leader arrested in Sivasagar) ৷ ৰাজনৈতিক শক্তিৰে মহীয়ান হৈ নিজ দলৰ চৰকাৰে প্ৰৱৰ্তন কৰা গো-সুৰক্ষা আইনক ভৰিৰে মোহাৰি পেলোৱা আটকাধীন গৰুবেপাৰীটোৰ নাম চত্ৰধৰ গগৈ ৷

বিজেপি বিধায়ক সুশান্ত বৰগোঁহাইৰ লগতে বিজেপি নেতাৰ ঘনিষ্ঠ চত্ৰধৰ চোৰাং গৰু সৰৱৰাহকাৰী চক্ৰৰ মাষ্টাৰ মাইণ্ড ৷ বিজেপি নেতা থকা গৰু বেপাৰী চত্ৰধৰ গগৈসহ দুটা চোৰাং গৰু সৰৱৰাহকাৰীকো আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ত কৰে (Cattle smuggler arrested in Sivasagar) ৷ অসম আৰক্ষীৰ কঠোৰ তালাচীক বুঢ়া আঙুলি দেখুৱাই ৰাজমাইৰ পশু বজাৰৰ নথিৰে নামনি আৰু মধ্য অসমৰ বিভিন্ন প্ৰান্তলৈ গোধনৰ চোৰাং সৰৱৰাহ অব্যাহত ৰাখিছিল কুখ্যাত গো-মাফিয়া চত্ৰধৰ গগৈয়ে ৷

শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত ডিব্ৰুগড়ত আত্মগোপন কৰি থকাৰ অৱস্থাত গো-মাফিয়া চত্ৰধৰ গগৈক কৰায়ত্ত কৰিবলৈ সক্ষম হয় (Allegation of cattle smuggling against BJP leader)৷ পৰৱৰ্তী সময়ত চত্ৰধৰ গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত চত্ৰৰ অন্যতম বিশ্বস্ত সহযোগী নিত্যাধৰ গগৈকো আৰক্ষীয়ে নিজৰ জিম্মাত ল’বলৈ সক্ষম হয় ৷

উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতেই নগৰৰ সমীপৰ দৰিকাপাৰত সংঘটিত এক দুৰ্ঘটনাগ্ৰস্ত কন্টেইনাৰৰ পৰা শিৱসাগৰ আৰক্ষীয়ে চোৰাংভাৱে কঢ়িয়াই অনা ৫৪ টা গৰু উদ্ধাৰ কৰিছিল ৷ ইয়াৰ পাঁচটা দিনৰ পিছতেই যোৱা ১৫ জানুৱাৰীৰ নিশা শিৱসাগৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি AS ২৩ BC ১৬৩৮ আৰু ML ১০ C ২১১৪ নম্বৰৰ দুখন ট্ৰাকৰ পৰা চোৰাংভাৱে কঢ়িয়াই অনা ৪৪ টাকৈ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে জুলফিকৰ আলি, বাবুল বাছৰ নামৰ দুজনক আটক কৰিছিল ৷ কিন্তু গৰু সৰবৰাহকাৰী চক্ৰটোৰ মূল নায়ক ৰহস্যজনকভাৱে অন্ধকাৰতেই থাকি গৈছিল ৷ কিন্তু শেহতীয়াকৈ বিগত সপ্তাহত একেই পদ্ধতিৰে ৰাজমাইৰ পশু বজাৰৰ পৰা বিজেপি নেতা চত্ৰ আৰু সহযোগী নিত্যাৰ নেতৃত্বত সৰৱৰাহ কৰা প্ৰায় ৫০ টা গৰুসহ দুখন গাড়ী জব্দ কৰাৰ পিছতেই উদ্ধাৰ হোৱা নথিৰ ভিত্তিত এই গো-ধনৰ সৰৱৰাহৰ অভিকেন্দ্ৰ শিৱসাগৰৰ ৰাজমাই বজাৰ বুলি স্পষ্ট হৈছিল ৷

আৰক্ষীৰ জালত বিজেপি নেতা চত্ৰধৰ গগৈ

লগে লগেই এইসমূহ তথ্যৰ ভিত্তিত সোমবাৰে পুৱতি নিশা ডিব্ৰুগড়ৰ পৰা চত্ৰধৰক আটক কৰে আৰক্ষীয়ে ৷ অভিযানকাৰী আৰক্ষীৰ দলটোৱে চত্ৰধৰৰ গ্ৰেপ্তাৰৰ কথা গোপনে ৰাখি কৌশলেৰে চত্ৰধৰৰ ম’বাইল ফোনৰ হতুৱাই নিত্যা গগৈক শিৱসাগৰলৈ মতাই আনি জালত পেলাবলৈ সক্ষম হয় ৷ শিৱসাগৰ সদৰ আৰক্ষী থানাত পূৰ্বতে ৰুজু হৈ থকা ২৬/২০২২ নম্বৰৰ গোচৰটোৰ ভিত্তিত চত্ৰধৰ গগৈ আৰু নিত্যাধৰ গগৈক গ্ৰেপ্তাৰ কৰাৰ কথা আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

আনহাতে, আৰক্ষীৰ প্ৰাথমিক জেৰাত পোহৰলৈ অহা কেতবোৰ তথ্যই সৃষ্টি কৰিছে আন এক চাঞ্চল্যৰ ৷ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত পালেঙীৰ নিৱাসী মুকুত চেতিয়াৰ নামত থকা মাটি-বাৰীৰ কাগজ-পত্ৰৰ ভিত্তিত চত্ৰধৰ গগৈ বাহিনীয়ে ৰাজমাইৰ পশু বজাৰৰ আৱন্টন লাভ কৰিছিল ৷ চৰকাৰীভাৱে ৰাজমাইৰ পশু বজাৰ মুকুট চেতিয়াৰ নামত আৱন্টন আছে যদিও আঁৰৰ পৰা সকলো পৰিচালিত কৰিছিল চত্ৰ বাহিনীয়ে ৷ যাৰবাবে তিনিমাহৰ পূৰ্বে এনে প্ৰক্ৰিয়াৰে গোধন সৰৱৰাহ কৰাৰ গোচৰত যোৰাবাট আৰক্ষীয়ে জব্দ কৰিছিল গৰু ৷

সহায়কাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত মুকুট চেতিয়াক গ্ৰেপ্তাৰ কৰিছিল যদিও ৰহস্যজনকভাৱে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিছিল খলনায়ক চত্ৰ বাহিনীয়ে ৷ প্ৰতিবাৰেই ৰাজনৈতিক প্ৰভাৱ খটুৱাই সাৰি যোৱা নেত্ৰ বাহিনীক আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পিছতেই এতিয়া হাহাকাৰ লাগিছে উজনিৰ গৰু চিণ্ডিকেট চক্ৰৰ মাজত ৷ খবৰ অনুসৰি থাওৰা সমষ্টিৰ বিজেপিৰ বিধায়কগৰাকীৰ অতি ঘনিষ্ঠ সংগী হিচাবে পৰিচিত চত্ৰধৰ গগৈ আৰু নিত্যাধৰ গগৈৰ গ্ৰেপ্তাৰে এক প্ৰকাৰৰ ভূমিকম্পৰ সৃষ্টি কৰিছে চোৰাং ব্যৱসায়ী চক্ৰৰ মাজত ৷

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাক কিয় মুক্ত হত্যাৰ মহানায়ক আখ্যা দিলে লুৰীণজ্যেতি গগৈয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.