ETV Bharat / city

হিমন্ত বিশ্ব শৰ্মাক কিয় মুক্ত হত্যাৰ মহানায়ক আখ্যা দিলে লুৰীণজ্যেতি গগৈয়ে ?

author img

By

Published : Jan 23, 2022, 10:12 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মুক্তহত্যাৰ মহানায়ক আখ্যা লুৰীণজ্যেতি গগৈৰ (CM Himanta running open killings says Lurinjyoti Gogoi) ৷ জি এম চি এইচত গুলিবিদ্ধ ছাত্ৰনেতাৰ স্বাস্থ্যৰ বুজ ল’লে লুৰীণ সহ অসম জাতীয় পৰিষদে ৷

cm-himanta-running-open-killings-says-lurinjyoti-gogoi
হিমন্ত বিশ্ব শৰ্মা মুক্তহত্যাৰ মহানায়ক : লুৰীণজ্যেতি গগৈ

গুৱাহাটী, ২৩ জানুৱাৰী : ''মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত অসমত মুক্তহত্যাৰ পৰিৱেশৰ সূচনা হৈছে (CM Himanta running open killing says Lurinjyoti Gogoi) ৷ প্ৰফুল্ল মহন্ত চৰকাৰৰ দিনত চলা গুপ্ত হত্যাৰ (Secret killings during Prafulla Mahanta government) আৰ্হিত এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰক্ষীৰ জৰিয়তে অসমত মুক্ত হত্যা আৰম্ভ কৰিছে ৷ এই বিস্ফোৰক অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ (AJP chief Lurinjyoti Gogoi) ৷

দেওবাৰে, দুপৰীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নগাঁৱৰ গুলিবিদ্ধ ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ স্বাস্থ্যৰ বুজ ল’বলৈ যোৱা গগৈয়ে কৰিলে এই মন্তব্য ৷ তেওঁ পুনৰ কয় যে, অসমত ভয় আৰু ত্ৰাসৰ এটা পৰিৱেশ বৰ্তাই ৰখাৰ বাবেই এনেদৰে চৰকাৰে সামান্য কথাতে নিৰীহ লোকক গুলিওৱাৰ কৌশল অৱলম্বন কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত আৰক্ষী বিষয়াসকলক মাতি আনি ‘এনকাউন্টাৰৰ বিশেষ পেটাৰ্ণ' চলোৱাৰ নিৰ্দেশ দিয়াৰ পিছৰে পৰা এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷

CM Himanta running open killings says Lurinjyoti Gogoi
গুলিবিদ্ধ ছাত্ৰনেতাৰ স্বাস্থ্যৰ বুজ ল’লে লুৰীণজ্যেতি গগৈয়ে

ইয়াৰোপৰি গগৈয়ে কয় যে, আৰক্ষীয়ে বিশেষকৈ ছাত্ৰ আৰু যুৱকসকলক যে টাৰ্গেট কৰি লৈছে সেই কথা ইতিমধ্যে পৰিষ্কাৰ হৈ পৰিছে ৷

ডিব্ৰুগড়ত ছাত্ৰনেতাক বিনা দোষত প্ৰহাৰ কৰি জেললৈ নিক্ষেপ কৰাৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন ঠাইত এনেদৰে ছাত্ৰ-যুৱক আৰক্ষীৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ঘটনা ঘটিয়ে আছে বুলি উল্লেখ কৰি গগৈয়ে কয় যে, মূলতঃ প্ৰতিবাদী সত্বাসমূহক নিঃশেষ কৰি চৰকাৰৰ জন বিৰোধী কাৰ্যৰ যাতে বিৰোধিতা কৰিবলৈ কোনেও সাহস কৰিব নোৱাৰে, তাৰ কৌশল হিচাপে আৰক্ষীৰ দ্বাৰা এনে ত্ৰাসৰ ৰাজত্ব চলোৱা হৈছে ৷

ইফালে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মুক্তহত্যাৰ মহানায়ক আখ্যা দি লুৰীণজ্যোতি গগৈয়ে লগতে কয়, ''মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসমত এতিয়া পুলিচৰাজ চলি আছে ৷ এনেকুৱা ঘটনাৰ আশংকা আমি আগতেই ব্যক্ত কৰিছিলো ৷ আমি কৈছিলো যে, দোষীক শাস্তি দিব আদালতে ৷ আইনী বিধি-ব্যৱস্থাক নস্যাৎ কৰি আৰক্ষীৰ জৰিয়তে এনকাউন্টাৰেৰে শাস্তি দিয়াৰ এই প্ৰৱণতাৰ পৰিণতি অতি ভয়াৱহ ৷ আজি আমি চকুৰ আগত তাৰ প্ৰমাণ পালো ৷”

CM Himanta running open killings says Lurinjyoti Gogoi
গুলিবিদ্ধ ছাত্ৰনেতাৰ স্বাস্থ্যৰ বুজ ল’লে লুৰীণজ্যেতি গগৈয়ে
উল্লেখযোগ্য যে, দেওবাৰে দুপৰীয়া লুৰীণজ্যোতি গগৈৰ নেতৃত্বত জাতীয় পৰিষদৰ এটা প্ৰতিনিধি দলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ গৈ কীৰ্তিকমল ভূঞাৰ স্বাস্থ্যৰ বুজ লয় ৷

প্ৰতিনিধি দলটোত আছিল দলৰ সম্পাদক অমৃৎ খাটনিয়াৰ, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান, যুটীয়া সম্পাদক অমিতাভ বৰঠাকুৰ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শিশিৰ কলিতা আদি নেতা ৷ আহত ছাত্ৰনেতাজনৰ ক’ভিড হোৱা বুলি হাস্পতাল কৰ্তৃপক্ষই দাবী কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰতিনিধি দলটোৱে চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাক সাক্ষাৎ কৰে আৰু ছাত্ৰনেতাজনৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে কোনো ত্ৰুটি নহয় তাৰ প্ৰতি সচেষ্ট হ'বলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : জাতীয় সংগঠন নহয়; এইবাৰ খোদ বিজেপি কৰ্মকৰ্তাৰ বিৰুদ্ধে চান্দা সংগ্ৰহৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.