ETV Bharat / state

Akhil Gogoi slams BJP : বিজেপি চৰকাৰে আহোমক বেয়া পায় : অখিল গগৈ

author img

By

Published : Jan 13, 2023, 10:35 AM IST

টাই আহোমসকলৰ প্ৰতি বিজেপি চৰকাৰে অৱহেলা কৰিছে । এই অভিযোগ অখিল গগৈৰ (Akhil Gogoi slams BJP govt)। টাই আহোমৰ পৌৰাণিক সমল সংৰক্ষণৰ বাবেও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ । টাই ভাষাৰ পুৰণি পুথি অধ্যয়ন কৰিলে অখিল গগৈয়ে ।

Akhil Gogoi slams BJP
বিজেপি চৰকাৰে আহোমক বেয়া পায়

অখিল গগৈৰ অভিযোগ, বিজেপি চৰকাৰে আহোমক বেয়া পায়

আমগুৰি,১৩ জানুৱাৰী : ৰাজ্যবাসী ভোগালীক আদৰাত ব্যস্ত (Bhogali bihu preparation)। তাৰ মাজতে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ । অখিল গগৈৰ মতে আহোম লোকসকলক বিজেপি চৰকাৰে ভাল নাপায় (Akhil Gogoi slams BJP govt)। জনজাতিকৰণৰ বিষয়টোত কোনো মীমাংসা দিব পৰা নাই বুলিও বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে নেতাগৰাকী । আমগুৰিৰ দেওধাই গাঁৱত উপস্থিত হৈ এই মন্তব্য কৰে নেতাগৰাকীয়ে ।

উল্লেখ্য যে টাই আহোমসকলৰ বিভিন্ন সমল সংৰক্ষণৰ এক পদক্ষেপ গ্ৰহণ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (Preserving various content of Tai Ahoms)। শিৱসাগৰৰ ৰুদ্ৰসিংহ উদ্যানত ইতিমধ্যে সংগ্ৰহালয় নিৰ্মাণৰো নিজাববীয়াকৈ প্ৰচেষ্টা লৈছে বিধায়কগৰাকীয়ে । যাৰ বাবে তেওঁ টাই ভাষাৰ পৌৰাণিক পুথি-পাঁজি সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে । সেই সূত্ৰে তেওঁ বৃহস্পতিবাৰে দেওধাই গাঁৱত উপস্থিত হয় । এঘৰত থকা পৌৰাণিক টাই ভাষাৰ পুথিসমূহ তেওঁ পৰ্যবেক্ষণ কৰে ।

বিধায়কগৰাকীয়ে প্ৰদীপ ফুকনৰ বাসগৃহত উপস্থিত হৈ কাঠৰ বাকচত অসংৰক্ষিত অৱস্থাত থকা আহোমৰ পৌৰাণিক পুথি-পাঁজিবিলাক অধ্যয়ন কৰে (Akhil Gogoi studied mythological books of Ahom)। দেওধাই গাঁৱৰ টাই পণ্ডিত পদ্ম চাংবুন ফুকন, টাই আহোম যুৱ পৰিষদৰ মৃদুল বাইলুং ফুকন, নৃপেন গগৈও বিধায়কগৰাকীৰ সৈতে উপস্থিত থাকে । লগতে সেইবোৰ সংৰক্ষণৰো ইচ্ছা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ।

টাই আহোমসকলৰ সমলবোৰ সংৰক্ষণ কৰাৰ ইচ্ছা প্ৰকাশ কৰি তেওঁ কয় যে অসম বুৰঞ্জীৰ বিষয়ে জানিবলৈ হ'লে প্ৰথমে টাই ভাষাৰ পুথিসমূহৰ সংৰক্ষণ অতি দৰকাৰ । কিন্তু এই ক্ষেত্ৰত চৰকাৰে অৱহেলা কৰিছে বুলি অভিযোগ কৰে । তেওঁ চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে বিজেপি চৰকাৰ বৰ্ণবাদী । আহোম লোকসকলক বিজেপি চৰকাৰে ভাল নাপায় । যাৰ বাবে তেওঁলোকৰ সমলবোৰ সংৰক্ষণত কোনো গুৰুত্ব দিয়া নাই চৰকাৰে ।

অসমত আজিৰ দিনত আহোমৰ বহু নেতা আৰু আহোমসকলৰ বৃহৎ অংশই চৰকাৰৰ বৰ্ণবাদী নীতিটোৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছে বুলিও তেওঁ দাবী কৰে । তেওঁ অভিযোগ কৰা মতে চৰকাৰখনে টাই আহোমসকলৰ উন্নয়নৰ কাৰণে বিশেষকৈ জনজাতিকৰণৰ বিষয়টোত কোনো পদক্ষেপ লোৱা নাই । টাই আহোমসকলৰ পুৰণি অসম বুৰঞ্জীখন আজিও অসংৰক্ষিত অৱস্থাত আছে ।

তেওঁৰ মতে চৰকাৰে টাই আহোমৰ পুৰণি সম্পদ, পুথি-পাঁজিবিলাক আজিও বিজ্ঞানসন্মত সংৰক্ষণৰ ব্যৱস্থা কৰা নাই । বিজেপি চৰকাৰৰ আহোম বিদ্বেষী নীতিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠে । অখিল গগৈয়ে আহোমৰ পুৰণি সম্পদ বিলাক সংৰক্ষণ কৰিবলৈ এটা সংগ্ৰহালয় আৰু আৰ্কাইভ নিৰ্মাণ কৰাৰ চেষ্টা কৰিছে বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Prisoners indefinite hunger strike: কৰিমগঞ্জ জিলা কাৰাগাৰত হাজোতীৰ আমৰণ অনশন অব্যাহত, অনশন প্রত্যাহাৰৰ আহ্বান প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.