Prisoners indefinite hunger strike: কৰিমগঞ্জ জিলা কাৰাগাৰত হাজোতীৰ আমৰণ অনশন অব্যাহত, অনশন প্রত্যাহাৰৰ আহ্বান প্ৰশাসনৰ

author img

By

Published : Jan 13, 2023, 8:40 AM IST

strike in karimganj district jail

কৰিমগঞ্জ জিলা কাৰাগাৰত কাৰাৰুদ্ধ বহুকেইগৰাকী হাজোতীক শীঘ্ৰেই মুকলি কৰি দিয়া আৰু কাৰাগাৰৰ ভিতৰৰ বিভিন্নটা সমস্যা সমাধানৰ দাবীৰে ১০ জানুৱাৰীৰ পৰা আমৰণ অনশনত বঢ়িছে কাৰাগাৰখনৰ ১২২গৰাকী হাজোতী (Prisoners sit for indefinite hunger strike) ৷ বৃহস্পতিবাৰে বিয়লি প্ৰশাসনৰ হৈ কৰিমগঞ্জৰ এগৰাকী অতিৰিক্ত উপায়ুক্তই কাৰাগাৰ অধীক্ষকৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে হাজোতীসকলক তেওঁলোকৰ অনশন উঠাই লোৱাৰ বাবে জনালে আহ্বান ।

কৰিমগঞ্জ, 13 জানুৱাৰী : কৰিমগঞ্জ জিলা কাৰাগাৰত ১০ জানুৱাৰী অৰ্থাৎ সোমবাৰৰ পুৱাৰে পৰা আমৰণ অনশনত বহিছে কাৰাগাৰখনৰ ১২২গৰাকী হাজোতী (Prisoners sit for indefinite hunger strike) । বৃহস্পতিবাৰলৈকে অৰ্থাৎ তৃতীয় দিন পৰ্যন্ত আমৰণ অনশনত অব্যাহত ৰাখিছে হাজোতীসকলে । এন ডি পি এছ এক্টৰ গোচৰত অভিযুক্ত এইসকল হাজোতীক বহুদিনৰ পৰা কাৰাগাৰত বন্দী কৰি ৰখা বুলি হাজোতীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।

বিগত তিনি-চাৰি বছৰ ধৰি এই অভিযুক্তসকলৰ জামিন আদালতে আজি পৰ্যন্ত মঞ্জুৰ কৰা নাই । তাৰোপৰি ইয়াৰে অধিক সংখ্যক হাজোতীৰ ক্ষেত্ৰত আৰক্ষীৰ সাক্ষ্যই গ্ৰহণ কৰা নাই আদালতে । আৰক্ষীয়ে আদালতত সাক্ষ্যদান নকৰাৰ বাবেই আজিপৰ্যন্ত তেওঁলোকৰ জামিন মঞ্জুৰ হোৱা নাই বুলি অভিযোগ কৰে অন্নশনৰত হাজোতীসকলে । বিষয়টোৰ সন্দৰ্ভত হাজোতীসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে আৰক্ষীয়ে তেওঁলোকক দোষী সাব্যস্ত কৰিব পৰা নাই । সেয়েহে তেওঁলোকে আদালতলৈ গৈ দিব পৰা নাই সাক্ষ্যদান ।

'জামিন মঞ্জুৰ কৰক, নহ’লে আমাৰ বিচাৰ কৰি দোষী সাব্যস্ত কৰক' অনশনস্থলীত উপস্থিত জিলাখনৰ অতিৰিক্ত উপায়ুক্তগৰাকীক উদ্দ্যেশ্যি এই আহ্বান জনালে হাজোতীসকলে । হাজোতীসকলক মুক্তিৰ এই দাবীৰে বিগত ১০ জানুৱাৰীৰ পুৱা ছয় বজাৰ পৰা কাৰাগাৰৰ ভিতৰতে আমৰণ অনশনত বহে এইসকল হাজোতীয়ে । সংবাদ মাধ্যমৰ সমুখত বিষয়টো সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি হাজোতীসকলে কয় যে, যদি তেওঁলোক দোষী তেন্তে তেওঁলোকক শাস্তি প্ৰদান কৰক । আদালতত ইয়াৰ ওপৰত বিচাৰ হওঁক । কিন্তু আৰক্ষীয়ে তেওঁলোকক আদালতত হাজিৰ কৰাই আহিছে যদিও কোনো শুনানি গ্রহণ নকৰাৰ অভিযাগ উত্থাপন কৰে (Prisoners strike in karimganj district jail) ৷

কোনো ন্যায় বিচাৰ নকৰাকৈ এনেদৰে অমানৱীয়ভাৱে তেওঁলোকক কাৰাগাৰত বন্দী কৰি ৰখাৰ বিৰোধিতাৰ বাবেই তেওঁলোকে আমৰণ অনশনত বঢ়িব লগা হ’ল বুলি উল্লেখ কৰি উচিত ন্যায় নোপোৱা পৰ্যন্ত অনশন অব্যাহত ৰাখিব বুলি হাজোতীসকলে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

ইফালে অনশন অব্যাহত ৰখাৰ মাজতে বুধবাৰৰ নিশা দুজন হাজোতীৰ স্বাস্থ্যৰ অৱস্থা কিছু বেয়া হোৱাত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বৃহস্পতিবাৰ পৰ্যন্ত আৰু সাত-আঠগৰাকী প্ৰতিবাদকাৰীৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটাত কাৰাগাৰৰ ভিতৰতে চিকিৎসা প্রদানৰ ব্যৱস্থা কৰা হয় । ইয়াৰ পাছতেই জিলা প্ৰশাসনৰ হৈ বৃহস্পতিবাৰে বিয়লি কাৰাগাৰত উপস্থিত হয়গৈ অতিৰিক্ত উপায়ুক্ত ৰিন্টু বড়ো ।

অতিৰিক্ত উপায়ুক্তগৰাকীয়ে কাৰাগাৰ অধীক্ষকৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে হাজোতীসকলক তেওঁলোকৰ অনশন উঠাই লোৱাৰ বাবে আহ্বান জনায় । ইয়াৰ বিপৰীতে হাজোতীসকল তেওঁলোকৰ দাবীত অটল হৈ আছে (Hunger strike in Karimganj District Jail) । আনফালে, অনশনৰত হাজোতীসকলৰ আত্মীয়ই কাৰাগাৰৰ বাহিৰত অৱস্থান কৰাৰ লগতে তেওঁলোকক লৈ অধিক চিন্তিত হৈ পৰিছে ।

উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰা এখন আৱেদনত হাজোতীসকলে জামিন লাভৰ পৰা বঞ্চিত হোৱাৰ কথা উল্লেখ কৰি বিষয়টোক লৈ বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনাইছে ।

লগতে হাজোতীসকলক অমানৱীয়ভাৱে কাৰাগাৰত কাৰাৰুদ্ধ কৰি ৰখা হৈছে বুলি আবেদনখনত উল্লেখ কৰিছে । লগতে কাৰাগাৰৰ ভিতৰক ৫০০ৰো অধিক কয়দীক ১৭৫জন থাকিব পৰা এটা কুঠৰীতে ৰখা হৈছে বুলি উল্লেখ কৰে হাজোতীসকলে । এই আবেদনৰ প্ৰতিলিপি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ, ৰাজ্যিক মানৱ অধিকাৰ আয়োগ আৰু জিলা আইনী সেৱা কৰ্তৃপক্ষলৈকো প্ৰেৰণ কৰা বুলি অনশনৰত হাজোতীসকলে জনালে ।

অৱশ্যে, এই আমৰণ অনশনৰ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে কৰিমগঞ্জ জিলা কাৰাগাৰৰ অধীক্ষক মৃণ্ময় ডাউকা আৰু উপায়ুক্ত মৃদুল যাদৱে ৷

লগতে পঢ়ক: Recruitment Scam in KAAC: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বন বিভাগত নিযুক্তি কেলেংকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.