ETV Bharat / state

Indrani Tahbildaar suicide: অসীমক লগত লৈ নিশা নলবাৰীত ইন্দ্ৰানীৰ মৃত্যুৰ অনুসন্ধান আৰক্ষীৰ

author img

By

Published : Aug 22, 2023, 1:34 PM IST

Indrani Tahbildaar suicide Case
অসীমক লগত লৈ নিশা নলবাৰীত আৰক্ষীৰ অভিযান

পোহৰলৈ আহিছে বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ ন ন তথ্য ৷ যোৱা নিশা নলবাৰীৰ বিভিন্ন স্থানত মহানগৰ আৰক্ষীৰ অভিযান ৷ আটকাধীন অসীম চক্ৰৱৰ্তীক লগত লৈ চলোৱা এই অভিযানত জব্দ এটা লেপটপ ৷

অসীমক লগত লৈ নিশা নলবাৰীত আৰক্ষীৰ অভিযান

নলবাৰী, 22 আগষ্ট: বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ ন ন তথ্য পোহৰলৈ আহিছে ৷ দ্বিবন ডেকাক গ্ৰেপ্তাৰৰ পাচত চান্দমাৰী আৰক্ষীয়ে সোমবাৰে আটক কৰিছিল আন এজন বিজেপি নেতা অসীম চক্ৰৱৰ্তীক ৷ নিশাৰ ভাগত মহানগৰ আৰক্ষীয়ে নলবাৰী সদৰ আৰক্ষী থানাত অসীম চক্ৰৱৰ্তীক হাজিৰ কৰোৱায় ৷ তাৰ পাচতে অসীম চক্ৰৱৰ্তীক লগত লৈ চান্দমাৰী আৰক্ষীয়ে নিশাৰ ভাগতে অভিযান চলাইছিল নলবাৰীৰ বিভিন্ন স্থানত ৷

সোমবাৰে নিশা অভিযান চলোৱাৰ সময়তে মহানগৰ আৰক্ষীয়ে অসীম চক্ৰৱৰ্তীৰ আত্মীয়ৰ ঘৰৰ পৰা জব্দ কৰিছে এটা লেপটপ ৷ আনহাতে নলবাৰী আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীয়ে বিজেপি নেতা ৰেখান্ত দাস আৰু অসীম চক্ৰবৰ্ত্তীৰ গৃহত পুনৰ অভিযান চলোৱাৰ সম্ভাৱনা আছে । নলবাৰীৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত চান্দমাৰী আৰক্ষী আৰু গীতানগৰ আৰক্ষীয়ে অসীম চক্ৰৱৰ্তীক সম্প্ৰতি মাৰাথন জেৰা চলাইছে নলবাৰী সদৰ থানাত ।

ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাত নিতৌ আটক হৈছে ইজনৰ পিচত সিজন বিজেপি নেতা । সোধ-পোচ কৰা হৈছে বহু বিজেপিক নেতাক ৷ সোমবাৰে দুজনকৈ বিজেপি কৰ্মীক তলব কৰিছিল চান্দমাৰী আৰক্ষীয়ে । চান্দমাৰী থানাত হাজিৰ হৈছিল বিজেপি কৰ্মী কপিল তালুকদাৰ আৰু সঞ্জীৱ শৰ্মা । ইপালে দ্বীবন ডেকাই ইন্দ্ৰনীৰ ফটো কপিল তালুকদাৰলৈ ফৰৱাৰ্ড কৰিছিল 16 আগষ্টত আৰু দ্বীবন ডেকাই ফটো প্ৰেৰণ কৰা সকলকো তদন্তৰ আওঁতালৈ অনাৰ সম্ভাৱনা আছে ।

যোৱা 18 আগষ্টত ইন্দ্ৰানী ঘটনাৰ বাবে দ্বীবন ডেকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৭ দিনৰ আৰক্ষীৰ জিম্মাত লৈছিল ৷ আৰক্ষীৰ জিম্মাত থকা দ্বীবনৰ ম’বাইল জব্দ কৰি তদন্ত ক্ষীপ্ৰ কৰিছে আৰক্ষীয়ে । ইফালে সঞ্জীৱ শৰ্মাক কিয় দ্বীবনে ফোন কৰছিল ! সেই সন্দৰ্ভত আৰক্ষীয়ে তলব কৰিছে সঞ্জীৱ শৰ্মাক । সঞ্জীৱ শৰ্মা গুৱাহাটী শিলপুখুৰীৰ এখন মোবাইল বিপণীৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Indrani Tahbildar’s Death Case : চান্দমাৰী থানাত হাজিৰ বিজেপি কৰ্মী কপিল তালুকদাৰ আৰু সঞ্জীৱ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.