ETV Bharat / state

Indrani Tahbildar’s Death Case : চান্দমাৰী থানাত হাজিৰ বিজেপি কৰ্মী কপিল তালুকদাৰ আৰু সঞ্জীৱ শৰ্মা

author img

By

Published : Aug 21, 2023, 6:18 PM IST

Indrani Tahbildar’s Death Case
চান্দমাৰী থানাত হাজিৰ বিজেপি কৰ্মী কপিল তালুকদাৰ আৰু সঞ্জীৱ শৰ্মা

ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ পিচতে গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজন বিজেপি কৰ্মী ৷ সোমবাৰে চান্দমাৰী থানাত হাজিৰ বিজেপি কৰ্মী কপিল তালুকদাৰ আৰু সঞ্জীৱ শৰ্মা ৷

চান্দমাৰী থানাত হাজিৰ বিজেপি কৰ্মী কপিল তালুকদাৰ আৰু সঞ্জীৱ শৰ্মা

গুৱাহাটী, ২১ আগষ্ট : ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ পিচতে ইজনৰ পিছত সিজন বিজেপি কৰ্মীক তলব কৰিছে আৰক্ষীয়ে । সোমবাৰে দুজনকৈ বিজেপি কৰ্মীক তলব কৰে আৰক্ষীয়ে।

সোমবাৰে চান্দমাৰী থানাত হাজিৰ হয় বিজেপি কৰ্মী কপিল তালুকদাৰ আৰু সঞ্জীৱ শৰ্মা। ইন্দ্ৰাণী তহবিলদাৰৰ ফটো ভাইৰেল সন্দৰ্ভত দুয়োকে তলব কৰিছিল থানালৈ। ইন্দ্ৰাণী তহবিলদাৰৰ আপত্তিজন ফটো ভাইৰেল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দ্বীবন ডেকাই ১৬ আগষ্টত ফটোখন কপিল তালুকদাৰলৈ ফৰৱাৰ্ড কৰিছিল । যিসকল লোকলৈ দ্বীবন ডেকাই ফটোখন প্ৰেৰণ কৰিছে সকলো তদন্তৰ আওঁতালৈ অহাৰ সম্ভাৱনা আছে ।

যোৱা 18 আগষ্টত দ্বীবন ডেকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৭ দিনৰ আৰক্ষীৰ জিন্মাত লোৱাৰ লগতে দ্বীবনৰ মোবাইল ফোনটো জব্দ কৰি তদন্ত ক্ষিপ্ৰ কৰিছে আৰক্ষীয়ে। আনহাতে ইন্দ্ৰাণীৰ আত্মহত্যাৰ ঘটনাৰ প্ৰাকক্ষণত দ্বীবন ডেকাই ফোন কৰিছিল সঞ্জীৱ শৰ্মাক। দ্বীবনে ফোন কৰা বাবেই আৰক্ষীয়ে তলব কৰিছে সঞ্জীৱ শৰ্মাক। সঞ্জীৱ শৰ্মা শিলপুখুৰীৰ এখন মোবাইল বিপণীৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে। ইতিমধ্যে দুয়োজনকে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ পিছতে চান্দমাৰী আৰক্ষীয়ে তহবিলদাৰৰ সংগী অনুৰাগ চলিহাক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত লোৱাৰ পিছতে ইন্দ্ৰাণীৰ আত্মহত্যাৰ লগত নাম সাঙোৰ খোৱা দ্বীবন ডেকা, ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তীক চান্দমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । অনুৰাগ চলিহাৰ সৈতে থকা ইন্দ্ৰানী তহবিলদাৰৰ আপত্তিজনক ফটো ভাইৰেল হৈছিল। ইয়াৰ পিচতে আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছিল ইন্দ্ৰানীয়ে ।

আত্মহত্যাৰ পিচত ১৪ আগষ্টত আৰক্ষীয়ে অভিযান চলাই ডিমৌৰ পৰা গ্ৰেপ্তাৰ কৰিছিল অনুৰাগ চলিহাক । সম্প্ৰতি ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মাত আছে অনুৰাগ চলিহা । ইপিনে দ্বীবন ডেকা, ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তীও আৰক্ষীৰ জিন্মাত আছে । আনহাতে এই ঘটনাৰ লগত নাম সাঙোৰ খোৱা অভিমন্যু দাস বৰ্তমানো পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Indrani Tahbildar's Death Case : দ্বীবন ডেকা গ্ৰেপ্তাৰ হোৱাৰ পিছতে শনিবাৰে আৰু দুজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.