ETV Bharat / state

Ghograpar Police station case: ঘগ্ৰাপাৰ কাণ্ডৰ কিশোৰী পলুৱাই নিয়া যুৱকক জেললৈ নিক্ষেপ

author img

By

Published : Jul 13, 2023, 10:12 AM IST

নলবাৰীৰ ঘগ্ৰাপাৰ কাণ্ডৰ জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ বিতৰ্কিত বিমান ৰয়ৰ পাচত এইবাৰ নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কিশোৰীগৰাকীক পলুৱাই নিয়া মফিকুল আলীক ৷

Ghograpar Police station case
ঘগ্ৰাপাৰ কাণ্ডৰ কিশোৰী পলোৱাই নিয়া যুৱকক জেললৈ নিক্ষেপ

নলবাৰী, 13 জুলাই: নলবাৰীৰ ঘগ্ৰাপাৰ কাণ্ডই লৈছে নতুন মোৰ । ঘগ্ৰাপাৰ থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিমান ৰয়ৰ পাচত এইবাৰ নলবাৰী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে কিশোৰীগৰাকীক পলুৱাই নিয়া যুৱকজনৰ বিৰুদ্ধে ৷ প্ৰথমাৱস্থাত নলবাৰী আৰক্ষীয়ে কিশোৰীগৰাকীৰ প্ৰেমিক মফিকুল আলী নাবালক বুলি কোনো ধৰণৰ গোচৰ ৰুজু নকৰাকৈ ঘৰলৈ যাবলৈ দিছিল । এই ঘটনাই প্ৰায় 20 দিন অতিক্ৰম কৰাৰ পাচত মঙলবাৰে নলবাৰী আৰক্ষীয়ে মঙলবাৰে যুৱকজনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই জেললৈ প্ৰেৰণ কৰে ৷

ঘগ্ৰাপাৰ থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিমান ৰয়ৰ বিৰুদ্ধে থানাৰ ভিতৰত এগৰাকী নাবালিকাৰ আপত্তিজনক ফটো তোলা অভিযোগ উত্থাপন হৈছিল । এই ঘটনা পোহৰলৈ অহাৰ পাছতে পলায়ন অৱস্থাত থাকে বিমান ৰয় ৷ ঘগ্ৰাপাৰ আৰক্ষীৰ কাণ্ডই লজ্জানত কৰে অসম আৰক্ষীক ।খোদ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই ঘটনাক খেদ প্ৰকাশ কৰাৰ লগতে নিজে ঘটনাৰ সমগ্ৰ দিশ পৰ্যবেক্ষণ কৰে ৷ তেওঁ ঘগ্ৰাপাৰ আৰক্ষী থানাত উপস্থিত হৈ সমগ্ৰ বিষয়টো বুজ লয় ৷

সমান্তৰালভাৱে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে বিমান ৰয়ক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে তেওঁক পলাতক ঘোষণা কৰে । বিমান ৰয়ৰ সন্ধান দিওঁতালৈ উপযুক্ত পুৰস্কাৰো ঘোষণা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ ইফালে আৰক্ষী উপ-মহাপৰিদৰ্শক ব্ৰজেনজিৎ সিনহাইয়ো সেইদিনা নিশা নলবাৰী আৰক্ষী থানাত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণ কৰে ।

অৱশেষত 9 দিনৰ মূৰত ৰে’লৱে আৰক্ষীয়ে গুৱাহাটীৰ সমীপৱৰ্তী পানীখাইতি ৰে’ল ষ্টেচনৰ পৰা মূমূৰ্ষ অৱস্থাত গ্ৰেপ্তাৰ কৰে ঘগ্ৰাপাৰ থানাৰ পলাতক তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ক ৷ নলবাৰী আৰক্ষীয়ে বিমান ৰয়ক আদালতত হাজিৰ কৰি চাৰিদিনৰ বাবে নিজ জিম্মাত লয় ৷ আৰক্ষী জিম্মা ম্যাদ উকলি যোৱাৰ পাচত সোমবাৰে তেওঁক পুনৰ আদালতত হাজিৰ কৰা হয় ৷ সম্প্ৰতি আদালতে তেওঁক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

ইফালে মঙলবাৰে নলবাৰী আৰক্ষীয়ে ভুক্তভোগী কিশোৰীগৰাকীৰ প্ৰেমিক মফিকুল আলীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই জেললৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: Biman Roy Case: ঘগ্ৰাপাৰ কাণ্ড; 14 দিনৰ ন্যায়িক জিম্মালৈ অভিযুক্ত বিমান ৰয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.