ETV Bharat / state

Nalbari Raas Mahotsav: ৰাস মহোৎসৱস্থলীত ফাৰ্ষ্ট ফুড খাই ছাত্ৰীৰ মৃত্যু হোৱাৰ অভিযোগ নস্যাত আয়োজক কমিটীৰ

author img

By

Published : Nov 10, 2022, 10:54 PM IST

Nalbari Raas Samiti
নলবাৰী ৰাস মহোৎসৱত ফাৰ্ষ্ট ফুড্ খাই ছাত্ৰীৰ মৃত্যুৰ অভিযোগ

প্ৰসংগ: নলবাৰী ৰাস মহোৎসৱত ফাৰ্ষ্ট ফুড্ খাই ছাত্ৰীৰ মৃত্যুৰ অভিযোগ (Teenage girl dies of food poisoning) । এই সন্দৰ্ভত নলবাৰী ৰাস মহোৎসৱ সমিতিৰ সংবাদমেল ।

নলবাৰী, ১০ নৱেম্বৰ : বুধবাৰে নিশা হঠাতে মৃত্যু হৈছিল নলবাৰী চহৰৰ এগৰাকী ছাত্ৰীৰ ৷ নলবাৰী ৰাস মহোৎসৱত ফাৰ্ষ্ট ফুড্ খাই ছাত্ৰীৰ মৃত্যু হোৱা বুলি উত্থাপিত হৈছে অভিযোগ (Teenage girl dies of food poisoning) ৷ যাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ছাত্ৰীগৰাকীৰ মৃত্যু সন্দৰ্ভত জিলাখনত সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত বৃহস্পতিবাৰে শ্ৰীশ্ৰীহৰি মন্দিৰৰ প্ৰাংগণত নলবাৰী ৰাস মহোৎসৱ (Nalbari Raas Mahotsav) সমিতিয়ে আয়োজন কৰে এক সংবাদমেলৰ ৷ এই সংবাদমেলৰ যোগেদি উক্ত ঘটনা সন্দৰ্ভত নলবাৰী ৰাস মহোৎসৱ সমিতিয়ে ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া ( Nalbari Raas Samiti reaction to death of teenager girl due to food poisoning)।

নলবাৰী ৰাস মহোৎসৱত ফাৰ্ষ্ট ফুড খাই ছাত্ৰীৰ মৃত্যুৰ অভিযোগ

উল্লেখ্য যে, চহৰখনৰ চৰকাৰী গৰ্ডণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নাজমিন আখতাৰ নামৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে ৰাসথলীলৈ আহি ৰাসথলীৰ বাহিৰত থকা অস্থায়ী ৰেষ্টুৰেন্টত খাইছিল খাদ্য ৷ যি খাদ্যৰ খোৱাৰ ফলত বিষক্ৰিয়া হৈ মৃত্যুক সাৱটি লোৱা বুলি অভিযোগ উত্থাপিত হৈছে । কিন্তু এই সন্দৰ্ভত ৰাস সমিতিৰ বিষয়-ববীয়াই সংবাদমেল আয়োজন কৰি এই বিষয়টো নস্যাৎ কৰে ।

লগতে পঢ়ক : Teenage girl dies of food poisoning: ৰাস চাবলৈ গৈ চাওমিন খাই মৃত্যুক সাৱটিলে কিশোৰীয়ে

ৰাস সমিতিৰ কাৰ্যকৰী সভাপতি মদন মালাকৰ, উপ-সভাপতি নৰেশ্বৰ কলিতা, তথ্য আৰু জনসংযোগ বিভাগৰ সহকাৰী সম্পাদক দিলজিৎ বৰ্মনে সংবাদমেলত উপস্থিত থাকি ছাত্ৰীগৰাকীৰ অকাল মৃত্যুত দুখ প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে । অৱশ্যে ছাত্ৰীগৰাকীৰ অকাল মৃত্যুত ৰাসথলীৰ ব্যৱসায়িক প্ৰতিষ্ঠান অলপো জগৰীয়া নহয় বুলিও স্পষ্টকৈ প্ৰকাশ কৰে ।

আনকি ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ খাদ্যত বিষক্ৰিয়া হ’লে আন আন বহুতো গ্ৰাহক অসুস্থ হৈ পৰিলহেঁতেন বুলিও ৰাস মহোৎসৱ সমিতিয়ে উল্লেখ কৰে । লগতে এই ক্ষেত্ৰত চিকিৎসকৰ পৰা কোনো ৰিপ’ৰ্ট লাভ কৰা নাই বুলিও উল্লেখ কৰি ছাত্ৰীগৰাকীয়ে হয়তো অন্য ৰোগত কিছু আক্ৰান্ত হৈ আছিল বুলি সংবাদমেলত উল্লেখ কৰে ৰাস মহোৎসৱ সমিতিৰ আয়োজকে ।

ছাত্ৰীগৰাকীৰ এই অকাল মৃত্যুত ৰাস সমিতিৰ কথাটো সাঙুৰি দিয়াটো দুখজনক বুলি ৰাস পৰিচালনা সমিতিয়ে মন্তব্য কৰে । আনহাতে, ৰাসথলীৰ ৰেষ্টুৰেন্টসমূহৰ খাদ্যত কোনোধৰণৰ বিষক্ৰিয়া হোৱা নাই আৰু এই ক্ষেত্ৰত খাদ্য সুৰক্ষা বিভাগে তদাৰক কৰি আছে বুলিও ৰাস মহোৎসৱ সমিতিৰ আয়োজকে সাংবাদিকৰ আগত উল্লেখ কৰে ।

লগতে পঢ়ক : Nalbari Raas Festival: লোকাৰণ্য ঐতিহ্যমণ্ডিত হৰি মন্দিৰৰ ৰাস মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.