ETV Bharat / state

Nalbari Raas Festival: লোকাৰণ্য ঐতিহ্যমণ্ডিত হৰি মন্দিৰৰ ৰাস মহোৎসৱ

author img

By

Published : Nov 10, 2022, 8:38 AM IST

Updated : Nov 10, 2022, 12:59 PM IST

Nalbari Raas Festival
লোকে লোকাৰণ্য ঐতিহ্যমণ্ডিত হৰি মন্দিৰৰ ৰাস মহোৎসৱ

শৰৎ কালৰ স্নিগ্ধ জোনাক নিশা যমুনাৰ বালিত ভগৱান শ্ৰীকৃষ্ণৰ যি ৰাসলীলা সেয়া মৃন্ময় মূৰ্তিৰে প্ৰদৰ্শিত নলবাৰীৰ ৰাসত ৷ তৃতীয় দিনাও হেজাৰ হেজাৰ লোকৰ ভিৰ । কৃষ্ণ ভকতিৰে বিলীন নলবাৰীৰ ঐতিহ্যমণ্ডিত হৰি মন্দিৰৰ ৰাস মহোৎসৱ(Sri Sri Hari Mandir Raas Mahotsav) ।

নলবাৰী, 10 নৱেম্বৰ:

শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন

ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰসিদ্ধ প্ৰভু শ্ৰীকৃষ্ণৰ আৰাধনাৰ থলী পবিত্ৰ শ্ৰীশ্ৰী হৰি মন্দিৰৰ উদ্যোগত উদযাপিত নলবাৰী ৰাস মহোৎসৱত বুধবাৰে সন্ধিয়া হেজাৰ হেজাৰ ভক্ত তথা ৰাইজৰ সমাগম পৰিলক্ষিত হয়(Nalbari Raas mahotsav 2022) । নাগাৰা নাম, দিহা নামেৰে মুখৰিত হৈ পৰে নলবাৰীৰ ৰাস মহোৎসৱ । নলবাৰীৰ স্বাভিমানৰ প্ৰতীক ঐতিহ্যমণ্ডিত নলবাৰীৰ ৰাস মহোৎসৱ । উজনি নামনিৰ প্ৰতিটো প্ৰান্তৰ পৰাই এই ৰাসথলীত ৰাস উপভোগ কৰিবলৈ আহে হেজাৰ হেজাৰ লোক ।

লোকে লোকাৰণ্য ঐতিহ্যমণ্ডিত হৰি মন্দিৰৰ ৰাস মহোৎসৱ

বিগত দুটা বছৰ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে কেৱল আধ্যত্মিকতাৰে অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছিল নলবাৰীৰ ৰাস । এইবেলি ক’ভিড পৰিস্থিতি শাম কটাত ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত হৈছে নলবাৰীৰ শ্ৰীশ্ৰী ৰাস মহোৎসৱ । উল্লেখ্য যে, ৭ নৱেম্বৰৰ পৰা অহা ১৯ নৱেম্বৰলৈকে ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত পবিত্ৰ হৰি মন্দিৰৰ ৰাস মহোৎসৱত এইবেলি পোন প্ৰথমবাৰৰ বাবে অসম গ্ৰন্থমেলাও অনুষ্ঠিত হয় ।

নামনি অসমৰ এইখন ৰাসত এইবেলি ১৪ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ জীৱন্ত ৰাসৰো আয়োজন কৰা হৈছে । জীৱন্ত ৰাসখন উদ্বোধন কৰিব বলীউডৰ মোহময়ী অভিনেত্ৰী হেমা মালিনীয়ে(Dream girl Hema Malini) । অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । আনহাতে ১৫ নৱেম্বৰত নলবাৰীৰ ৰাস উপভোগ কৰিবলৈ আহিব বলীউডৰ কমেডী অভিনেতা গোৱৰ্ধন আশ্ৰানী ।

নলবাৰীৰ ৰাসত এইবেলি বাণিজ্য মেলা, গ্ৰন্থমেলা, দক্ষতা বিকাশ কৰ্মীকে আদি কৰি মিনা বজাৰৰ লগতে পাঁচখনকৈ অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠীয়ে নাট প্ৰদৰ্শন কৰিব(Trade fair at Nalbari raas festival) । মঙলবাৰে বিয়লি শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত অনুষ্ঠিত হোৱা অসম বাণিজ্য উন্নয়ন সংস্থাৰ “বাণিজ্য মেলা”খন উদ্ধোধন কৰে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বড়াই (Minister Bimol Bora inaugurated Trade fair) ৷

ইয়াৰ পিছতেই অসম দক্ষতা বিকাশ অভিযানৰ উদ্যোগত “দক্ষতা কৰ্মী প্ৰদৰ্শনী”খন উদ্ধোধন কৰে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ আত্মসহায়ক গোটৰ মেলা উদ্ধোধন কৰে বড়োলেণ্ড পৰিষদীয় বিধানসভাৰ অধ্যক্ষ কাতিৰাম বড়োৱে ৷

লগতে পঢ়ক : Asrani in Nalbari Raas Festival: নলবাৰী ৰাসলৈ আহিব কমেডী কিং আছৰানী

Last Updated :Nov 10, 2022, 12:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.