ETV Bharat / state

স্বচ্ছ ভাৰতক অংগুষ্ঠ : নলবাৰীত কৰ্দযময় 31নং ৰাষ্ট্ৰীয় ঘাইপথ

author img

By

Published : Oct 17, 2019, 7:19 PM IST

নলবাৰী পৌৰসভাৰ অদ্ভুত কাণ্ড ৷ কামৰূপ-নলবাৰী সীমান্তত ডাম্পিং গ্ৰাউণ্ডত পৰিণত কৰিলে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথক ৷ দুৰ্গন্ধময় পৰিৱেশত দুৰ্ভোগ ভুগিছে ৰাইজে ৷

স্বচ্ছ ভাৰতক অংগুষ্ঠ : নলবাৰীত কৰ্দযময় 31নং ৰাষ্ট্ৰীয় ঘাইপথ

নলবাৰী,17 অক্টোবৰ: যিসময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে সাগৰৰ তীৰত পৰি থকা প্লাষ্টিক আৱৰ্জনা নিজ হাতেৰে বুটলি দেশৰ জনসাধাৰণক প্লাষ্টিক বৰ্জনৰ আহ্বান জনাই এখন স্বচ্ছ দেশ গঢ়ি তোলাত ব্ৰতী হৈছে সেইসময়তে নলবাৰী পৌৰসভাই চহৰখনত সংঘটিত কৰিছে এক টোঘলকী কাণ্ড ৷ চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দি কামৰূপ-নলবাৰী সীমান্তৰ সদাব্যস্ত 31নং ৰাষ্ট্ৰীয় ঘাইপথক পেলনীয়া আৱৰ্জনা পেলোৱাৰ এক ডাম্পিং গ্ৰাউণ্ডত পৰিণত কৰিলে নলবাৰী পৌৰসভাই ৷ তথ্য অনুসৰি কামৰূপ গ্ৰাম্যৰ ৰঙিয়া আৰু নলবাৰী জিলাৰ সীমান্তৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথত পৌৰসভাই বহুদিন পৰাই চহৰখনৰ গেলা পচা আৱৰ্জনাৰ লগতে মৃত জীৱ-জন্তু পেলোৱা ডামপিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰি আহিছে যাৰ ফলত 31নং ঘাইপথৰ সেই পথচোৱাত এতিয়া গেলা দুৰ্গন্ধত সাধাৰণ ৰাইজে অতিক্ৰম কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ চৰম মইমতালিৰে পৌৰসভাই সম্পাদন কৰা কাৰ্যৰ ফলত এতিয়া নাকত ৰুমাল লৈ পথচোৱা অতিক্ৰম কৰিব লগা হৈছে সাধাৰণ ৰাইজে ৷

স্বচ্ছ ভাৰতক অংগুষ্ঠ : নলবাৰীত কৰ্দযময় 31নং ৰাষ্ট্ৰীয় ঘাইপথ

উল্লেখযোগ্য যে,যি সময়ত ভাৰতবৰ্ষত স্বচ্ছ ভাৰত মিছনৰ দৰে অভিযান কাৰ্যকৰী কৰা হৈছে,কলি পৰিৱেশত জাৱৰ-জোথৰ পেলোৱাৰ পৰা বাৰণ কৰিছে তেনেস্থলত নলবাৰী পৌৰসভাৰ এই কাণ্ডৰ দ্বাৰা কি সূচাব বিচাৰিছে তাক লৈ এতিয়া নলবাৰীৰ সচেতন মহলত প্ৰশ্নৰ অৱতাৰণা হৈছে ৷ যি সময়ত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশক প্লাষ্টিক মুক্ত কৰি এখন স্বচ্ছ ভাৰতবৰ্ষ হিচাপে গঢ়ি তুলিব বিচাৰিছে,তেওঁৰ এই সপোন কেৱল সপোন হৈয়ে ৰ'ব নেকি? এই বিষয়টো তথা 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ডাম্পিং গ্ৰাউণ্ড আতৰাই ঘাইপথটো আৰু ইয়াৰ চৌপাশ পৰিস্কাৰ কৰি তোলাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত নলবাৰী পৌৰসভাই কি ব্যৱস্থা গ্ৰহণ কৰে আগন্তুক সময়ত সেয়াহে লক্ষণীয় হ'ব ৷

Intro:স্বচ্ছ ভাৰতৰ নামত এয়া ,নাকত ৰুমাল অবিহনে যাৱ নোৱাৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰূপ-নলবাৰী সীমান্তৰে।


Body:এয়া কামৰূপ গ্ৰাম্য আৰু নলবাৰী জিলাৰ সীমান্ত ।আৰু এই স্থানতে ৰঙিয়া পৌৰ সভাই পেলাই Dumping ground..!৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰে গুৱাহাটীৰ পৰা নলবাৰীলৈ আহোতে প্ৰতিজন লোকে নাকত ৰুমাল লৈ প্ৰবেশ কৰিৱ লাগে নলবাৰীত।কাৰণ ৰঙিয়া পৌৰ সভাৰ অদ্ভুত কাণ্ড।চাওক কিদৰে চহৰৰ গেলা পচা,আবৰ্জনা আনকি মৃত জীৱ জন্তুও পেলাই থৈছে এই স্থান তে।ফলত দুৰ্গন্ধ ময় পৰিবেশ বহু দুৰলৈ ।৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰে দুৰ্গন্ধ ই সাধৰণ ৰাইজ অতিক্ৰম কৰিব নোৱাৰা অৱস্থা এই পথৰে।নিজৰ মই মতালিৰে জাৱৰ জোথৰ পেলোৱাৰ ফলত সাধৰণ ৰাইজৰ নানান অসুবিধা এইছোৱা পথ পাৰ হ ওতে।উল্লেখযোগ্য যে যিটো সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে সাগৰ তীৰৰ প্লাষ্টিক বুটলি প্লাষ্টিক বৰ্জনৰ আহ্বান জনাই ।স্বচ্ছ ভাৰতৰ সপোন ৰছিছে তেনে সময়ত ৰঙিয়া পৌৰ সভাৰ এই কাণ্ড ই কি সূচাইছে।প্ৰধানমন্ত্ৰী মোদীৰ সপোনৰ প্লাষ্টিক মুক্ত আৰু স্বচ্ছ ভাৰত এই সকল কৰ্মচাৰীৰ বাবে সপোন সপোন হৈয়ে ৰব নেকি। পৰবৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰিব পৌৰ সভাই সেয়া লক্ষণীয় হব!


Conclusion:বাইট পথচাৰী কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.