ETV Bharat / state

Platinum Jubilee of Nalbari College : মহাৰজত জয়ন্তী উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ নলবাৰী মহাবিদ্যালয়ৰ

author img

By

Published : Jan 10, 2022, 3:47 PM IST

Nalbari College prepares to celebrate platinum Jubilee
মহাৰজত জয়ন্তী উদযাপনৰ বাবে পূৰ্ণ প্ৰস্তুতি নলবাৰী মহাবিদ্যালয়ৰ

নলবাৰী মহাবিদ্যালয়ে অনুষ্ঠিত কৰিবলৈ লৈছে মহাৰজত জয়ন্তী (Nalbari College prepares to celebrate platinum Jubilee) ৷ সেই সন্দৰ্ভত মত বিনিময়ৰ উদ্দেশ্যৰে মহাবিদ্যালয় কৰ্তৃপক্ষই দেওবাৰে সম্বোধন কৰে এখন সংবাদমেল ৷

নলবাৰী, 10 জানুৱাৰী : নলবাৰী মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল 75 বছৰ পূৰ্ণ ৷ যাৰ বাবে মহাবিদ্যালয়ত চলিছে মহাৰজত জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি ৷ প্ৰায় 22 লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে এই অনুষ্ঠানটোক লৈ ৷ যথেষ্ট উৎসুক হৈ আছে মহাবিদ্যালয় কৰ্তৃপক্ষ ৷

21-22 জানুৱাৰীত দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হ'ব বহু উৎকণ্ঠিত মহাৰজত জয়ন্তী (Nalbari College prepares to celebrate platinum Jubilee) ৰ মুখ্য অনুষ্ঠান ৷ 22 জানুৱাৰীৰ মুকলি সভাত 580 পৃষ্ঠাৰ বৃহৎ কলেবৰৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব ৷ অনুষ্ঠানৰ মুকলি সভাত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

দেওবাৰে মহাবিদ্যালয়খনৰ সভাগৃহত অনুষ্ঠিত কৰা এক সংবাদমেলত মহাৰজত জয়ন্তীৰ কাৰ্যসূচী সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয় ৷ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ড৹ দীপক গোস্বামী আৰু অধ্যক্ষ ড৹ কমল নয়ন পাটোৱাৰীয়ে এই বিষয়ত বিতং ব্যাখ্যা আগবঢ়ায় ৷

সংবাদমেলত কাৰ্যকৰী সভাপতি-অধ্যাপক ভবেন্দ্ৰ নাথ ভট্টাচাৰ্য, যুটীয়া সম্পাদক অনন্ত ৰাজবংশী, অৰূপ বৰপূজাৰীকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকি মতামত দাঙি ধৰে ৷ কাৰ্যসূচী অনুসৰি, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মহাবিদ্যালয়ৰ মুকলি সভাত উপস্থিত থাকিব আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

21 জানুবাৰীৰ পৰা দুদিনীয়াকৈ হ’ব লগা এই মহাৰজত জয়ন্তীৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে নলবাৰী জিলাৰ মাজমজিয়াত অৱস্থিত ঐতিহ্যমণ্ডিত নলবাৰী মহাবিদ্যালয় ৷

লগতে পঢ়ক: হৰিনামৰ ধ্বনিৰে মূখৰিত বোন্দাস্থিত শ্ৰীৰাম আতা সমন্বয় ক্ষেত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.