ETV Bharat / state

হৰিনামৰ ধ্বনিৰে মূখৰিত বোন্দাস্থিত শ্ৰীৰাম আতা সমন্বয় ক্ষেত্ৰ

author img

By

Published : Jan 10, 2022, 1:47 PM IST

বোন্দা আঞ্চলিক জনজাতি ক্ৰীড়া আৰু সাংস্কৃতিক কেন্দ্ৰৰ খেলপথাৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 44 সংখ্যাক বাৰ্ষিক অধিৱেশন (Annual conference of srimanta Sankardev Sangha of Guwahati branch) ৷ অধিৱেশনত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sharma to be present) ।

annual-conference-of-srimanta-sankardev-sangha-in-guwahati
হৰিনামৰ ধ্বনিৰে মূখৰিত বোন্দাস্থিত শ্ৰী ৰাম আতা সমন্বয় ক্ষেত্ৰ

গুৱাহাটী,10 জানুৱাৰী : চলিত বৰ্ষৰ 8, 9 আৰু 10 জানুৱাৰীত তিনিদিনীয়া বৰ্নাঢ্য কাৰ্য্যসূচীৰে বোন্দাস্থিত বোন্দা আঞ্চলিক জনজাতি ক্ৰীড়া আৰু সাংস্কৃতিক কেন্দ্ৰৰ খেলপথাৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰী জিলা শাখাৰ 44 সংখ্যক বাৰ্ষিক অধিৱেশন(Annual conference of srimanta Sankardev Sangha of Guwahati branch) । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰ জিলা শাখাৰ 44 সংখ্যক বাৰ্ষিক অধিবেশন আৰু শিশু আই মাতৃ কল্যান সমিতিৰ ৰূপালী জয়ন্তী মহোৎসৱত (Silver Jubilee of Aai Matri Kalyan Samiti)মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিৰে এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয় ৷

হৰিনামৰ ধ্বনিৰে মূখৰিত বোন্দাস্থিত শ্ৰী ৰাম আতা সমন্বয় ক্ষেত্ৰ

অধিৱেশনৰ দ্বিতীয়দিনা পুৱা ৯ বজাত আয়তী সকলৰ নাম প্ৰসঙ্গ অনুষ্ঠিত হোৱাৰ পিছত দিনৰ ভাগত আই মাতৃ শাখাৰ সাধাৰণ পৰিষদখন অনুষ্ঠিত কৰা হয় ৷ গুৱাহাটী মহানগৰী জিলা শাখাৰ শিশু আৰু আই মাতৃ কল্যান সমিতিৰ সভানেত্ৰী সৰোজ মালীৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই মুকলি সভাত উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু আৰু আই মাতৃ কল্যান শাখা সমিতিৰ উপদেষ্টা উৰ্মিলা পাঠক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু আৰু আই মাতৃ কল্যান সমিতিৰ সহকাৰী সম্পাদিকা গুনপ্ৰভা দেৱী, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু আৰু আই মাতৃ কল্যান সমিতিৰ উপদেষ্টা মামণি চলিহাকে আদি কৰি কেইবাগৰাকীও জেষ্ঠ অতিথি ৷

ইফালে অধিৱেশনখনত শ্ৰী ৰাম আতা সমন্বয় ক্ষেত্ৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা দিহানাম প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা কেইবাটাও নামতি দলে অংশগ্ৰহণ কৰে । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰী জিলা শাখাৰ সভাপতি হিৰেন্দ্ৰ কুমাৰ ডেকাই জানিবলৈ দিয়া মতে, অধিৱেশনখনৰ অন্তিমদিনা দিনা অৰ্থাৎ ১০ জানুৱাৰীত অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ(CM Himanta Biswa Sharma to be present) লগতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱা আৰু স্থানীয় বিধায়ক অতুল বৰা ৷

লগতে পঢ়ক : টীয়কত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা অধিৱেশনৰ লাইখুটা স্থাপন

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.