ETV Bharat / state

Tribute programme in Nalbari: ৩০ অক্টোবৰৰ শ্বহীদলৈ নলবাৰী আছুৰ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Oct 30, 2022, 10:37 PM IST

Nalbari AASU tribute to 30 Octber martyrs
Tribute programme in Nalbari: ৩০ অক্টোবৰৰ শ্বহীদলৈ নলবাৰী আছুৰ শ্ৰদ্ধাঞ্জলি

৩০ অক্টোবৰৰ বোমা বিস্ফোৰণত নিহতসকললৈ আজি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যৰে নলবাৰী শ্বহীদ ভৱনৰ বাকৰিত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ(Tribute programme in Nalbari) ৷

নলবাৰী, ৩০ অক্টোবৰ: আজি অভিশপ্ত ৩০ অক্টোবৰ । অসমৰ ইতিহাসৰ বাবে এটা ক'লা দিন (30 oct black day for Assam) । ২০০৮ চনত আজিৰ দিনটোতেই মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছিল বোমা বিস্ফোৰণৰ ঘটনা(Serial bomb blast in Assam) । আজি ধাৰাবাহিক বোমা বিস্ফোৰণে অতিক্ৰম কৰিলে ১৪ বছৰ (Serial bomb blast in Assam) ।আৰু এই বোমা বিস্ফোৰণত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে শ্বহীদ ভৱন বাকৰিত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত "একাঁ‌জলি শ্ৰদ্ধাঞ্জলি" শীৰ্ষক এক অনুষ্ঠান ৰূপায়ণ কৰা হয়(Tribute programme in Nalbari) ।

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি বন্তি প্ৰজ্বলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অভিৱৰ্তন গোস্বামী,শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা,ছাত্ৰ নেতা অক্ষয় ডেকাকে ধৰি,প্ৰাক্তন ছাত্ৰ নেতা তথা উপস্থিত সংবাদ মাধ্যমৰ লোকসকলে(All Assam students union) । আনহাতে সংবাদ মাধ্যমৰ আগত ছাত্ৰ নেতা অভিৱৰ্তন গোস্বামীয়ে বোমা বিস্ফোৰণত নিহত তথা আহত লোকসকলৰ পৰিয়ালে আজিকোপতি যথোচিত সাহায্য তথা সংস্থাপন নোপোৱাৰ অভিযোগ কৰি চৰকাৰক এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ লগতে গণতান্দ্ৰিক দেশ এখনত সন্ত্ৰাসবাদক কঠোৰ হাতেৰে দমন কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়(Nalbari AASU) ।

Tribute programme in Nalbari: ৩০ অক্টোবৰৰ শ্বহীদলৈ নলবাৰী আছুৰ শ্ৰদ্ধাঞ্জলি

উল্লেখ্য যে, ২০০৮ চনৰ আজিৰ দিনটো অৰ্থাৎ ৩০ অক্টোবৰৰ দিনটোত গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত হৈছিল ভয়াৱহ বোমা বিস্ফোৰণৰ ঘটনা । সেই দিনটোতে ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছিল সমগ্ৰ অসম । একালৰ বড়ো উগ্ৰপন্থী সংগঠন এন ডি এফ বিয়ে গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু বঙাইগাঁও জিলাৰ মুঠ ৯ টা স্থানত ধাৰাবাহিক বোমা বিস্ফোৰণ ঘটাইছিল(30 oct blasts)। এই বিস্ফোৰণত মুঠ ৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছিল ৪৭০ জন লোক ।

কিন্তু দুৰ্ভাগ্যৰ বিষয় যে মৰ্মান্তিক ঘটনাটো সংঘটিত হোৱাৰ ১৪ টা বছৰ উকলাৰ পাছতো চৰকাৰী কোনোধৰণৰ সহায়-সাহাৰ্য লাভ কৰিবলৈ সক্ষম নহ'ল দুৰ্ভগীয়া পৰিয়ালবোৰে ৷

লগতে পঢ়ক: Three thieves arrested in Sonari: খেদি খেদি আৰক্ষীয়ে ধৰিলে চোৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.