ETV Bharat / state

Nalbari College Maharajat Jayanti: গুৰুক সন্মান কৰা শিষ্য জ্ঞানী: চন্দ্ৰমোহন পাটোৱাৰী

author img

By

Published : Oct 23, 2022, 10:50 PM IST

Maharajat Jayanti celebrated in Nalbari college
Nalbari College Maharajat Jayanti: গুৰুক সন্মান কৰা শিষ্য জ্ঞানী- চন্দ্ৰমোহন পাটোৱাৰী

ঐতিহ্যমণ্ডিত নলবাৰী কলেজৰ মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠানৰ আজি মুকলি সভাত স্মাৰক গ্ৰন্থ উন্মোচনকৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah)কয় যে মহাবিদ্যালয় খনৰ আন্তঃগাঠনি উন্নয়ন হলেহে মহাৰজত জয়ন্তীৰ সফলতা হ’ব ।

নলবাৰী, 23 অক্টোবৰ: দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে নলবাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল মহাৰজত জয়ন্তী (Maharajat Jayanti celebrated in Nalbari college )। দেওবাৰে সামৰণি পৰে মহাৰজত জয়ন্তীৰ অনুষ্ঠান ৷ আজি অন্তিম দিনৰ মুকলি সভাৰ কাৰ্যসূচীত "স্মাৰক গ্ৰন্থ" উন্মোচন কৰা হয় ৷

গুৰুক সন্মান কৰা শিষ্য জ্ঞানী- চন্দ্ৰমোহন পাটোৱাৰী

ঐতিহ্যমণ্ডিত নলবাৰী কলেজৰ মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠানৰ আজি মুকলি সভাত স্মাৰক গ্ৰন্থ উন্মোচনখন কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah)কয় যে মহাবিদ্যালয় খনৰ আন্তঃগাঠনি উন্নয়ন হলেহে মহাৰজত জয়ন্তীৰ সফলতা হ’ব ।

নলবাৰী মহাবিদ্যালয় নলবাৰীৰ দাপোণ বুলি উন্মোচনী ভাষণত উল্লেখ কৰি স্মাৰক গ্ৰন্থ খন এখন দীঘলীয়া ভাল দলিল হব বুলিও কয় । লগতে মন্ত্ৰীগৰাকীয়ে কয় মহাবিদ্যালয়খন শৈক্ষিক দিশত বহুত উন্নত ৷

সাংবাদিক অসীম কাজিয়ে আঁ‌ত ধৰা সভাখনৰ সভাপতিত্ব কৰে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি অধ্যাপক অবনী কুমাৰ ভাগৱতীয়ে । নামনি অসমৰ উচ্চ শিক্ষাৰ অন্যতম পুৰনি শিক্ষানুষ্ঠান নলবাৰী কলেজে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা মহাৰজত জয়ন্তীৰ আজি সামৰণি পৰে । এই উপলক্ষে আজি পুৱাৰ ভাগত মহাবিদ্যালয়ৰ এনচিচি আৰু এনএচএচৰ গোটৰ উদ্যোগত স্বচ্ছতা অভিযান কাৰ্যসূচী উদ্বোধন কৰে প্ৰাক্তন ছাত্ৰ তথা নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকাই ।

গছপুলি ৰোপন কাৰ্যসূচীত উপস্থিত থাকে হিৰণ্য কুমাৰ শৰ্মা, বিপিন কলিতা, গংগাধৰ বৰ্মন,ভুপেন দাস আৰু দিপালী দেৱীয়ে । ইয়াৰ পিছতে মহাৰজত জয়ন্তীৰ সভাপতি অধ্যাপক অৱনী কুমাৰ ভাগৱতীৰ সভাপতিত্বত স্মাৰক গ্ৰন্থ উন্মোচনী আৰু মুকলি সভা অনুষ্ঠিত হয়। আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে কাৰ্যকৰী সভাপতি ভবেন্দ্ৰ নাথ ভট্টাচাৰ্যই । সভা উদ্বোধন কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা নলবাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ড৹ দীপক কুমাৰ শৰ্মাই ।

সভা উদ্বোধন কৰি শৰ্মাই ভাষণ প্ৰসংগত নলবাৰী কলেজত অধ্যয়ন কৰা স্মৃতি ৰোমন্থন কৰি কয় ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ সম্বন্ধ জীৱনজোৰা। শিক্ষা আহৰণ এক জীৱনজোৰা প্ৰক্ৰিয়া বুলি অভিহিত কৰি বিদ্যাক জীৱনৰ অংগ হিচাপে লবলৈ নলবাৰী কলেজে শিকাইছিল বুলি মত ব্যক্ত কৰে ।

সভাত অতিথি হিচাপে উপস্থিত থাকি সাংসদ দিলীপ শইকীয়াই ভাষণ প্ৰসংগত কয় যে শিক্ষা , সাহিত্য-সংস্কৃতিয়ে এখন সমাজ বা এটা জাতি শক্তিশালী কৰে । নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমল নয়ন পাটোৱাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা আৰু প্ৰাক্তন অধ্যক্ষ তথা উদযাপন সমিতিৰ সম্পাদক ড৹ দীপক গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভাষণ প্ৰসংগত কয় যে শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰিব লাগিব ।

শিক্ষাৰ লগত জ্ঞানৰ সম্পৰ্ক নাথাকিলে সেই শিক্ষা সফল নহয় । গুৰুক সন্মান কৰিলেহে সেই শিষ্য জ্ঞানী বুলি মন্ত্ৰী পাটোৱাৰীয়ে মন্তব্য কৰে । আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি হিমাংশু মৰল আৰু এবিভিপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাজেশ দাসে সাম্প্ৰতিক শিক্ষা ব্যৱস্থাৰ ওপৰত ভাষণ প্ৰদান কৰে ৷

লগতে পঢ়ক: Tezpur Sahitya Sabha: ভাষা এটাৰ ওপৰত আইনৰ আক্ৰমণ চলি থাকিলে ভাষাৰ বিলুপ্তি ত্বৰান্বিত হয়: শংকৰ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.