ETV Bharat / state

Cyber Crime: চাইবাৰ অপৰাধ; নলবাৰীত উপস্থিত হাৰিয়ানা STF ৰ দল

author img

By

Published : Jul 8, 2023, 3:52 PM IST

Haryana STF Team in Nalbari Police Station
অসমত চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল

অসমত চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল ৷ অসমৰ 60 গৰাকী লোকৰ নামত চিম কাৰ্ড নিৰ্মাণ ৷ নলবাৰী আৰক্ষী থানাত উপস্থিত হাৰিয়ানাৰ স্পেছিয়েল টাস্ক ফৰ্চৰ দল ৷

নলবাৰীত হাৰিয়ানা STF ৰ দল

নলবাৰী, 8 জুলাই: অসমত চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল ৷ অসমৰ লোকৰ নামত ভুৱা নথি-পত্ৰৰে চিমকাৰ্ড বনাই ব্যৱহাৰ কৰি অপৰাধৰ জাল পেলাইছে হাৰিয়ানাৰ চাইবাৰ অপৰাধীয়ে ৷

অসমত চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল ৷ অসমৰ 60 গৰাকী লোকৰ নামত চিম কাৰ্ড নিৰ্মাণ ৷ নলবাৰী আৰক্ষী থানাত উপস্থিত হাৰিয়ানাৰ স্পেছিয়েল টাস্ক ফৰ্চ চমুকৈ STF ৰ দল ৷ অসমৰ ধুবুৰী আৰু নলবাৰী জিলাৰ প্ৰায় 60 গৰাকীকৈ লোকৰ নামত হাৰিয়ানাৰ চাইবাৰ অপৰাধী চক্ৰৰ এটি দলে ভুৱা নথি-পত্ৰৰে চিম কাৰ্ড বনাই বিত্তীয় প্ৰৱঞ্চনা চলাই আহিছিল ৷

লগতে পঢ়ক : Road Accident in Baksa: বাক্সাৰ শিমলাগুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰ বেগী বাছে মহতিয়াই নিলে বাইক আৰোহীক

উল্লেখযোগ্য যে, হাৰিয়ানাত 100 কোটিৰো অধিক বিত্তীয় প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হোৱাত, পৰৱৰ্তী সময়ত হাৰিয়ানা আৰক্ষীৰ তদন্তত পোহৰত আহিছিল এই ভয়ংকৰ তথ্য ৷ ইতিমধ্যে হাৰিয়ানাত 65 টাকৈ চাইবাৰ অপৰাধী হাৰিয়ানা আৰক্ষীৰ জালত পৰিছে ৷ ইয়াৰে 60 খনকৈ চিম কাৰ্ড অসমৰ নলবাৰী আৰু ধুবুৰী জিলাৰ কোনো লোকৰ ভুৱা নথিৰে নিৰ্মাণ কৰি বিত্তীয় প্ৰৱঞ্চনা চলোৱাৰ ভিত্তিত বিগত এসপ্তাহৰ পৰাই অসমত বাহৰ পাতিছে হাৰিয়ানাৰ স্পেচিয়েল টাস্ক ফ'ৰ্চ চমুকৈ STF ৰ এটা দলে ৷

এই সন্দৰ্ভত ধুবুৰী জিলাত তদন্ত চলাই আহি শনিবাৰে নলবাৰী সদৰ থানাত এটা হাৰিয়ানা STF ৰ ছয় জনীয়া এটা দল আহি উপস্থিত হৈ ইতিমধ্যে অব্যাহত ৰাখিছে তদন্ত ৷

উল্লেখযোগ্য যে, বিগত সময়ছোৱাত অসমত বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চাইবাৰ অপৰাধীয়ে জাল পেলাই সংঘটিত কৰি আহিছে বিভিন্ন অপৰাধমূলক ঘটনা ৷ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে ঠায়ে ঠায়ে আটক কৰিছে এনে অপৰাধীক ৷

লগতে পঢ়ক : WB Panchayat Elections 2023 : পশ্চিমবংগত ভোটদানৰ মাজত অব্যাহত আছে নিৰ্বাচনী হিংসা: ৭ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.