Road Accident in Baksa: বাক্সাৰ শিমলাগুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰ বেগী বাছে মহতিয়াই নিলে বাইক আৰোহীক

By

Published : Jul 8, 2023, 2:28 PM IST

Updated : Jul 8, 2023, 2:52 PM IST

thumbnail

বৰপেটাৰোড, 7 জুলাই: বৰপেটাৰোডৰ শিমলাগুৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহ মাইলত শনিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ গুৱাহাটী অভিমুখে গৈ থকা এখন আলট্ৰা বাছে দুই বাইক আৰোহী মহতিয়াই নিয়ে ৷ ফলত ঘটনাস্থলীতেই বাইক আৰোহী দুই বন্ধুৰ মৃত্যু ঘটে ৷

পথ দুৰ্ঘটনাত মৃত্যু হোৱা দুই যুৱকৰ নাম মনোৱাৰ আলী আৰু আবেদ আলি বুলি জানিব পৰা গৈছে ৷ দুয়োৰে ঘৰ বৰপেটাৰোডৰ চেঙেলীয়াত ৷ AS-14 AC-0315 নম্বৰৰ আলট্ৰা বাছখনে বৰপেটাৰোডৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে তীব্ৰ বেগেৰে গুৱাহাটী অভিমুখে গৈ আছিল ৷ একে দিশৰ পৰা দুই যুৱকে AS-15-V-9739 নম্বৰ বাইকেৰে বাছখনৰ আগে আগে গৈ থকাৰ সময়ত আলট্ৰা বাছখনে পিছফালৰ পৰা বাইক আৰোহী দুয়োজনকে মহতিয়াই নিয়ে ৷ ফলত থিতাতেই নিহত হয় দুয়োজন ৷  

ঘটনাস্থলীত বাক্সাৰ শিমলাগুৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত বাছখন জব্দ কৰি থানালৈ লৈ আহে ৷ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Road Accident: জামুগুৰিহাটৰ ধলাইবিলত পথ দুৰ্ঘটনাত নিহত এজন

Last Updated : Jul 8, 2023, 2:52 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.