ETV Bharat / state

Abdul Khaleque slams Assam Govt: GMDA ক ধমক দিবলৈ মুখ্যমন্ত্ৰীক চেলেঞ্জ সাংসদ খালেকৰ

author img

By

Published : Jun 12, 2023, 6:08 PM IST

গুৱাহাটী উন্নয়ন নিগমৰ বাবেই প্ৰাণ হেৰুৱালে গুৱাহাটীৰ ছাত্ৰী প্ৰিয়া কুমাৰীয়ে ৷ হিমন্ত বিশ্বই শৰ্মাই ডি চি সকলকহে ধমক দিব পাৰে, গুৱাহাটী উন্নয়ন নিগমক নোৱাৰে ৷ স্বাধীন দেশৰ নাগৰিক উচ্ছেদ কৰাৰ আগত সংস্থাপনৰ ব্যৱস্থা কৰাতো জৰুৰী ৷ কেইবাটাও বিষয়ত চৰকাৰক সমালোচনা সাংসদ আব্দুল খালেকৰ

Abdul Khaleque slams Assam Govt
Congress MP Abdul Khaleque slams GMDA

GMDA ধমক দিবলৈ মুখ্যমন্ত্ৰীক চেলেঞ্জ সাংসদ খালেকৰ

নলবাৰী, 12 জুন: গুৱাহাটী মহানগৰীৰ উন্নয়নক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰে বৰপেটা লোকসভা সংষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে ৷ নলবাৰীত এক অনুষ্ঠানত অংশ লৈ সোমবাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰা দেখাগ’ল সাংসদগৰাকীক ৷ কেইবাটাও বিষয়ক লৈ মন্তব্য কৰে সাংসদ খালেকে ৷

জগৰীয়া জি এম ডি এ:

কেইদিনমান পূৰ্বে গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ গণশে মন্দিৰৰ সমুখত সংঘটিত হৈছিল এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱতি লৈছিল প্ৰিয়া কুমাৰী নামৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে ৷ গুৱাহাটীত পানী যোগান প্ৰকল্পৰ কাম কৰি থকা জাইকা নামৰ নিৰ্মাণ সংস্থাটোৱে পথৰ ঠিক কাষতে খান্দি থোৱা এটা পথৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা স্পষ্ট হয় ৷ অৱশ্য়ে এই সন্দৰ্ভত অনুসন্ধান অব্যাহত আছে ৷

লগতে পঢ়ক: water pipe explosion: কমাৰ্চ-ৰাজগড় লিংক ৰোডত পুনৰ পাইপ বিস্ফোৰণ, জলমগ্ন বিস্তীৰ্ণ অঞ্চল

সাংসদ খালেকে প্ৰিয়া কুমাৰীৰ মৃত্যুত দুখ প্ৰকাশ কৰি এই ঘটনাৰ বাবে গুৱাহাটী উন্নয়ন নিগম সম্পূৰ্ণ জগৰীয়া বুলি দাবী কৰে ৷ তেওঁ কয় যে, গুৱাহাটী মহানগৰীৰ ৰাজপথত এইদৰে এগৰাকী ছাত্ৰীৰ মৃত্যু হোৱাতো দুৰ্ভাগ্যজনক ৷ এইক্ষেত্ৰত জাইকা আৰু জলব’ৰ্ডকো সমালোচনা কৰে সাংসদগৰাকীয়ে ৷

ধমক দিয়ক মুখ্যমন্ত্ৰীয়ে:

দেওবাৰে ভিডিঅ’ কনফাৰেঞ্চিংযোগে অনুষ্ঠিত এক বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰে জিলা আয়ুক্তক কেতবোৰ নিৰ্দেশনা দিয়ে ৷ বিশেষকৈ বানপ্ৰৱণ জিলাকেইখনৰ জিলা আয়ুক্তক যাৱতীয় সতৰ্কতা তথা আগতীয়া ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ এই বৈঠকতে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ জিলা আয়ুক্তক ধমক দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ গুৱাহাটী আৰু ডিব্ৰুগড়ত পথৰ কাষত খান্দি ৰখা উন্মুক্ত গাঁতৰ বাবে এগৰাকী কিশোৰী আৰু এজন লোকৰ মৃত্যু হৈছে ৷ অনতি পলমে পথৰ গাঁতসমূহ পুতি পেলাবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে ৷

সাংসদ খালেকে এই বিষয়ত মত প্ৰকাশ কৰি কয় যে, জিলা আয়ুক্তক ধমক দিয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী উন্নয়ন নিগম আৰু বিভাগীয় মন্ত্ৰীগৰাকীকো ধমক দিয়ক ৷ গুৱাহাটী উন্নয়ন নিগমক কিয় ধমক দিব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে আব্দুল খালেকে ৷ লগতে দুৰ্ঘটনাৰ ভিডিঅ’ শ্বেয়াৰ কৰা এগৰাকী বিষয়াক শাস্তিমূলক বদলি কৰা কাৰ্যক গৰিহণা দিয়ে সাংসদজনে ৷ প্ৰকৃত সত্য উদ্ঘাটন কৰা বিষয়াগৰাকীক পুৰস্কৃত কৰিব লাগে বুলিও খালেকে মত ব্যক্ত কৰে ৷

লগতে পঢ়ক: Dug holes in guwahati: APDCLয়ে গাত খান্দি ছিঙিলে টেলিকম বিভাগৰ তাঁৰ

একেদৰে শিলসাঁকো বিলৰ উচ্ছেদ সম্পৰ্কতো আব্দুল খালেকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । স্বাধীন দেশৰ নাগৰিকক উচ্ছেদ কৰাৰ পূৰ্বেই সেই লোক সকলক ক’ত সংস্থাপিত কৰিব সেইটো নিশ্চিত হ’ব লাগে বুলি উল্লেখ কৰে সাংসদজনে । আগতে সংস্থাপনৰ ব্যৱস্থা কৰি তাৰ পিচত উচ্ছেদ কৰিব লাগে বুলি মন্তব্য কৰে সাংসদ আব্দুল খালেকে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.