ETV Bharat / state

Dug holes in guwahati: APDCLয়ে গাত খান্দি ছিঙিলে টেলিকম বিভাগৰ তাঁৰ

author img

By

Published : Jun 12, 2023, 4:24 PM IST

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা নামানে নেকি জিলা আয়ুক্তই ! গুৱাহাটীৰ ৰাজপথত এতিয়াও উন্মুক্ত গাত কেইবাটাও গাত ৷ APDCLয়ে গাত খান্দি ছিঙিলে টেলিকম বিভাগৰ তাঁৰ ৷

dug holes in several parts of ghy
APDCLয়ে গাত খান্দি ছিঙিলে টেলিকম বিভাগৰ তাঁৰ

APDCLয়ে গাত খান্দি ছিঙিলে টেলিকম বিভাগৰ তাঁৰ

গুৱাহাটী, 11 জুন : ‘‘আমোলা বিষয়াৰ কৰ্মৰ বাবে চৰকাৰ কিয় দায়বদ্ধ হ’ব লাগে ! আজিৰ ভিতৰত ৰাজপথত থকা গাতবোৰ মাৰিব লাগিব ৷ কাৰ অনুমতি গাঁত খান্দিছিল ! গাত খন্দা স্থানত কিয় বিপদ সংকেত চিহ্ন বা বাঁহ বান্ধি দিয়া নাছিল ! ’’ এই দৰে জিলা আয়ুক্তক ধমক দিছিল মুখ্যমন্ত্ৰীয়ে ৷ গুৱাহাটী আৰু ডিব্ৰুগড় ঘটনাৰ পাচত মুখ্যমন্ত্ৰী সৰৱ ৷ খঙত অগ্নিশৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে ধমক দিছিল জিলা আয়ুক্তসকলক ৷ কিন্তু মুখ্যমন্ত্ৰীৰ ধমক খোৱাৰ পাচতো গা-লৰা নাই আমোলা বিষয়া সকলৰ ৷ তাৰে উদাহৰণ গুৱাহাটী ৰাজপথ ৷ প্ৰিয়া কুমাৰীৰ দুর্ভাগ্যজনক মৃত্যুৰ পিচত 24 ঘন্টাৰ ভিতৰতে মুখ্যমন্ত্ৰীয়ে মহানগৰীৰ বিভিন্ন স্থানৰ পথৰ মাজত উন্মুক্ত হৈ থকা গাঁত সমূহ শীঘ্ৰে বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক কিমান আমোলা বিষয়াই পালন কৰে ?

মাত্ৰ দুদিন পূৰ্বে পথত খান্দি ৰখা গাঁতৰ বাবে ৰাজ্যত দুজনকৈ লোকৰ মৃত্যু হৈছিল ৷ এয়া মহানগৰীৰ হাতীগাঁও আৰু বাৰোৱাৰী পথ ৷ এতিয়াও উন্মুক্ত হৈ আছে পথৰ দাঁতিৰ বৃহৎ বৃহৎ গাঁত । শেহতীয়াকৈ মহানগৰীৰ উজান বজাৰৰ পৰা গুৱাহাটী ক্লাৱলৈ যোৱা পথৰ কেইবাটাও স্থানত এ পি ডি চি এল য়ে গাঁত খান্দিছিল । তাৰ ভিতৰত কেইবাটাও গাঁত জোৰা টাপলি মাৰি বন্ধ কৰি থৈছে যদিও বৰ্তমানেও কেইবাটাও স্থানত উন্মুক্ত হৈ আছে গাঁত । বাৰোৱাৰীৰ পৰা নৱগ্ৰহ মন্দিৰলৈ যোৱা পথৰ সন্মুখতে এয়া এপি ডি চি এল য়ে খন্দা কেইবাটাও বৃহৎ গাঁত বৰ্তমানো উন্মুক্ত হৈ আছে ।

গাঁতবোৰ বন্ধ কৰাটো দূৰৰে কথা, বিভাগটোৱে ৰঙা ফিটা বান্ধি বেৰিকেড দিয়াৰ কোনো ব্যৱস্থা কৰা নাই । মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো আওকান কৰিছে বিভাগটোৱে ৷ কেৱল ৰাইজৰ দুৰ্ভোগেই নহয়, গাঁত খন্দাৰ কাৰণে টেলিকম বিভাগৰ তাঁৰ চিঙি যোৱাৰ ফলত ৰাজভৱনৰ টেলি সংযোগ ব্যৱস্থা ব্যাহত হৈছে ৷ এই মন্তব্য টেলিকম বিভাগৰ কৰ্মচাৰীৰ ৷ কথাটো হ’ল এতিয়া APDCL পুনৰ কোনো দুৰ্ভগীয়াৰ প্ৰাণ যোৱাৰ পাচতহে সাৰ পাব নেকি ? কিয়নো পথৰ দাঁতিৰ এই গাঁতবোৰ কোনো সাংকেতিক চিন নোহোৱাকৈ উন্মুক্ত হৈ থকাৰ ফলত যি কোনো মুহুৰ্তত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে ৷

লগতে পঢ়ক:Opposition Alliance: নীতিশ কুমাৰৰ সভালৈ যাব AIUDF !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.