ETV Bharat / state

Opposition Alliance: নীতিশ কুমাৰৰ সভালৈ যাব AIUDF !

author img

By

Published : Jun 8, 2023, 7:10 PM IST

নীতিশ কুমাৰৰ বিৰোধীৰ সন্মিলনলৈ যাব AIUDF ৷ কংগ্ৰেছৰ বিজেপি বিৰোধী মিত্ৰতাৰ পথাৰত কাঁইট পুতিছে বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF য়ে (AIUDF alliance news) ৷ কিন্তু কেনেকৈ, সবিশেষ পঢ়ক...

Opposition Alliance
alliance with Congress in Assam

গুৱাহাটী, ৮ জুন: পিচফালৰ দুৱাৰেৰে অসমত বিৰোধীৰ মিত্ৰতাৰ অংশীদাৰ হ’ব বদৰুদ্দিন আজমলৰ AIUDF ! ধাৰে নাকাটি গাদীৰে কংগ্ৰেছক কোবাইছে আজমলে৷ আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনক লৈ অসমৰ বিৰোধীৰ ঐক্যত নিজকে জড়িত কৰাৰ বাবে AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলৰ শিয়াল বুধি (AIUDF game plan for alliance) ৷

কংগ্ৰেছ, ৰাইজৰ দল আৰু অজাপকে ধৰি ১১ টা ৰাজনৈতিক শক্তিৰ সন্মিলিত শক্তিৰ বাবে আজিৰ তাৰিখত মিত্ৰতাৰ ক্ষেত্ৰত AIUDF এক অস্পৃশ্য দল৷ বিৰোধীত থাকিলেও সাম্প্ৰদায়িক আৰু বিজেপিৰ 'বি টীম' অভিধাৰে আখ্যায়িত আজমলৰ দল ৷ সেয়ে মিত্ৰতাত জুই-পানী নিষেধ AIUDF ৰে এঘাৰ বিৰোধী শক্তিৰ (APCC rejects AIUDF for alliance) ৷

মিত্ৰহীনভাৱে লোকসভা নিৰ্বাচনক লৈ বিমোৰত পৰা AIUDF মিত্ৰতাৰ বাবে ব্যাকুল হৈ পৰিছে ৷ কংগ্ৰেছে আতৰাই পঠিয়ালেও কিন্তু মিত্ৰতা প্ৰস্তাৱ AIUDF য়ে আগবঢ়ায়েই আছে ৷ সেয়ে অসমত বিৰোধীৰ বাবে AIUDF ৰে জুই-পানী নিষেধ হোৱা স্বত্বেও ৰাষ্ট্ৰীয় পৰ্যায়ত বিৰোধীৰ ঐক্যত যোগ দি আওপকীয়াকৈ হ’লেও কংগ্ৰেছৰ সমৰ্থিত মিত্ৰ শক্তিৰ অংশীদাৰ হোৱাৰ পৰিকল্পনা বদৰুদ্দিন আজমলৰ ৷ পৰিকল্পনা অনুসৰিয়েই এতিয়া আজমলৰ AIUDF ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ অংশীদাৰ হ’বলৈ আগবাঢ়িছে ৷ যিটো কথাই অসমত লোকসভাৰ বাবে কংগ্ৰেছৰ মিত্ৰতাক লৈ আহুকালৰ সৃষ্টি কৰিছে (AIUDF excluded from opposition unity in Assam) ৷

মিত্ৰতাক লৈ কি পৰিকল্পনা AIUDF ৰ ?

AIUDF এ অসমত বাৰে বাৰে বিজেপি বিৰোধী সন্মিলিত শক্তিৰে যুক্ত হোৱাৰ চেষ্টা কৰি আহিছে যদিও প্ৰত্যাখিত হৈ আহিছে ৷ আনহাতে, এইবাৰ লোকসভাত ধুবুৰীত আজমলৰ বিৰুদ্ধে অধিষ্ঠান বিৰোধী ঢৌ বেছি দেখা গৈছে ৷ সেয়ে মিত্ৰতা অবিহনে জয়লাভৰ বাবে আজমলক কংগ্ৰেছৰ সৈতে মিত্ৰতা অপৰিহাৰ্য হৈ পৰিছে ৷ অসমত কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহে প্ৰত্যাখান কৰাৰ পিচত AIUDF য়ে এতিয়া কৌশলী স্থিতি গ্ৰহণ কৰিছে ৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত ২০২৪ ৰ বাবে দেশজোৰা এক বিৰোধী ঐক্যৰ বাবে ধাৰাবাহিক প্ৰচেষ্টা অব্যাহত আছে ৷ শেহতীয়াভাৱে AIUDF য়ে ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও ৰাজনৈতিক দলক সাক্ষাৎ কৰিছে (AIUDF members met Nitish Kumar) ৷

লগতে পঢ়ক: Lok Sabha Election 2024: লোকসভাত আসনৰ অংক মিলিব নে অসমৰ বিৰোধী ঐক্যৰ ?

আজমলৰ নেতৃত্বত AIUDF য়ে সাক্ষাৎ কৰিছে নীতিশ কুমাৰ, এনচিপিৰ শাৰদ পাৱাৰকে ধৰি আৰজেডিৰ নেতৃবৃন্দক ৷ ইয়াৰ উদ্দেশ্য, নীতিশ কুমাৰৰ বিজেপি বিৰোধী মিত্ৰ শক্তিত চামিল হোৱা ৷ আংশিকভাৱে উদ্দেশ্যত সফলো হৈছে AIUDF ৷ অতি কম দিনৰ ভিতৰতে নীতিশ কুমাৰে বিহাৰৰ পাটনাত বিজেপি বিৰোধী শক্তি সমূহৰ এক সন্মিলন অনুষ্ঠিত কৰিবৰ বাবে আয়োজন চলাই আছে ৷ এই মহাসন্মিলনলৈ আমন্ত্ৰণ পাইছে বুলি সদৰী কৰিছে AIUDFৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে ৷

নীতিশ কুমাৰ আহ্বায়িত বিৰোধীৰ মিত্ৰতাৰ অংশীদাৰ ৰূপে কংগ্ৰেছ থকাৰ পথ প্ৰায় প্ৰশস্ত ৷ সেইটো হ’লে ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ কংগ্ৰেছৰ মিত্ৰ দলত পৰিণত হ’ব AIUDF দল ৷ তেতিয়া ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ অসমৰ মিত্ৰতাৰ প্ৰসংগত নিশ্চয়েই চাপ থাকিব ৷ য’ত নিশ্চই স্থান পাব AIUDF য়ে ৷ ইয়াতেই AIUDF য়ে বিপযৰ্য়ত পেলাইছে কংগ্ৰেছক ৷ অসমত কংগ্ৰেছৰ বিজেপি বিৰোধী মিত্ৰতাৰ পথাৰত কাঁইট পুতিছে AIUDF য়ে ৷ কংগ্ৰেছৰ তৰফৰ পৰা ইতিমধ্যেই কোৱা হৈছে যে AIUDF এটা বিশ্বাসঘাতক আৰু বেপাৰীৰ দল ৷ সমান্তৰালভাৱে ১১কংগ্ৰেছ বিৰোধী শক্তিৰ প্ৰধান দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদেও সাম্প্ৰদায়িক আখ্যাৰে AIUDF ৰ সৈতে মিত্ৰতাত নবহে বুলি স্পষ্টকৈ কৈ দিছে ৷

“যদি বেকাকৈয়ো AIUDF বিজেপি বিৰোধী মিত্ৰতাত প্ৰৱেশ কৰে তেন্তে সেই মিত্ৰতাত আমি নাই ৷” বুলি স্পষ্ট কৰি দিছে অখিল গগৈয়ে ৷ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে শেহতীয়াকৈ স্পষ্ট ৰূপত কৈছে, “মিত্ৰতাৰ মৌলিক কথাটোৱেই হৈছে আমি কোনো সাম্প্ৰদায়িক শক্তিৰ সৈতে নাথাকো AIUDF ক বাদ দিহে মিত্ৰতা ৷"

এতিয়া যদিহে AIUDF য়ে নীতিশ কুমাৰ আয়োজিত মহাসন্মিলনত অংশগ্ৰহণ কৰে তেন্তে কংগ্ৰেছে কি ভূমিকা পালন কৰিব ? বেঁকাকৈ AIUDF থাকিলেও ৰাইজৰ দল নাথাকে ৷ অজাপৰো স্পষ্ট মত AIIDF থাকিলে নাথাকে তেওঁলোকো ৷ গতিকে প্ৰশ্ন উঠিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসমত AIUDF বিহীন বিজেপি বিৰোধী মিত্ৰতা প্ৰায় সম্পূৰ্ণ কৰিব লোৱাৰ সময়তে আউল লগাব নেকি বদৰুদ্দিন আজমলে ? আজমলৰ AIUDF থকা ৰাষ্ট্ৰীয় মিত্ৰজোঁটত কংগ্ৰেছ থাকিলেই ৰাইজৰ দল আৰু অজাপই প্ৰশ্ন তুলিব কংগ্ৰেছলৈ ৷

লগতে পঢ়ক: Debabrata Saikia in Morigaon: অসমত কংগ্ৰেছে ভবা নাই যে এআইইউডিএফ নাথাকিলে বিৰোধীৰ শক্তি দুৰ্বল হ’ব- দেৱব্ৰত শইকীয়া

কাজেই এক কথাত ক’ব পাৰি AIUDF য়ে জানি-বুজি কৌশলেৰে অসমত কংগ্ৰেছৰ বিজেপি বিৰোধী মিত্ৰতাৰ বাটত জেং পুতিলে নেকি ? উত্তৰৰ বাবে ৰ’ব লাগিব নীতিশ কুমাৰে বিহাৰৰ পাটনাত আহ্বান কৰা বিৰোধীৰ মহাসন্মিলনৰ সময়লৈ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.