ETV Bharat / state

water pipe explosion: কমাৰ্চ-ৰাজগড় লিংক ৰোডত পুনৰ পাইপ বিস্ফোৰণ, জলমগ্ন বিস্তীৰ্ণ অঞ্চল

author img

By

Published : Jun 12, 2023, 3:42 PM IST

Updated : Jun 12, 2023, 5:08 PM IST

মহানগৰীত খাৰঘুলি কাণ্ডৰ পুনৰাবৃত্তি ৷ এইবাৰ কমাৰ্চ-ৰাজগড় লিংক ৰোডত পাইপ ফুটি জলবিস্ফোৰণ সংঘটিত হৈছে ৷

zoo-road-water-pipe-explosion
কমাৰ্চ-ৰাজগড় লিংক ৰোডত পুনৰ পাইপ বিস্ফোৰণ

গুৱাহাটীত পুনৰ জলবিস্ফোৰণ

গুৱাহাটী, 12 জুন : মহানগৰীত পুনৰ খাৰঘুলি কাণ্ডৰ পুনৰাবৃত্তি ৷ এইবাৰ কমাৰ্চ-ৰাজগড় লিংক ৰোডত জলবোৰ্ডৰ পাইপ ফুটি জলবিস্ফোৰণ সংঘটিত হৈছে ৷ সোমবাৰে বিয়লি কমাৰ্চ পইণ্ট, জু-ৰোড লিংক ৰোডত পানীৰ পাইপ বিস্ফোৰণ হয় ৷ ফলত জলমগ্ন হয় বিস্তীৰ্ণ অঞ্চল ৷ শেহতীয়াকৈ মহানগৰীত সংঘটিত হোৱা এই চতুৰ্থটো ঘটনা ৷

আবেলি প্ৰায় ৩ বজাত জলবোৰ্ডৰ জু-তিনিআলিত পানী পৰিবাহী পাইপ ফাটি আকস্মিকভাৱে কেইবামহলীয়া ঘৰৰ ওপৰলৈ পানীৰ ফোঁৱৰা উঠে ৷ এই ভয়ংকৰ ঘটনাত ঘটনাত লগে লগে জলমগ্ন হয় জু-তিনিআলিৰ এক বিস্তীৰ্ণ অঞ্চল। ক্ষন্তেকতে পানীত ধুব যায় বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বহু সংখ্যক লোকৰ বাসগূহ ৷ সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই এই জলবিস্ফোৰণত ৷ ক্ষতিগ্ৰস্ত হয় কেইবাখনো বাহন ৷ মানুহৰ ঘৰৰ তলৰ মহলাৰ শুৱনি কোঠাত একঁকাল পৰ্যন্ত ডুব গৈছে ৷

ঘটনাস্থলীত সৃষ্টি হোৱা হাহাকাৰৰ মাজতে উপস্থিত হয় মহানগৰ উন্নয়ণ মন্ত্ৰী অশোক সিংহাল আৰু জিলা উপায়ুক্ত তথা জলবোৰ্ডৰ অধ্যক্ষ পল্লৱ গোপাল ঝা ৷ ঘটনাস্থলীত উপস্থিত হৈয়েই জনৰোষত পৰাৰ ভয়ত ক্ষন্তেক সময়ৰ পিছতে তাৰ পৰা আঁতৰি যায় মন্ত্ৰীগৰাকী ৷ সন্ধিয়া ৭ বজাত এই প্ৰসংগত জৰুৰী পৰ্যালোচনা সভা আয়োজন কৰা হ’ব বুলি ঘোষণা কৰে মন্ত্ৰী সিংহালে ৷ আনহাতে পল্লৱ গোপাল ঝাই এই প্ৰসংগত তদন্ত কৰা হ’ব বুলি মন্তব্য কৰে ৷

ঘটনাস্থলীত এতিয়াও ব্যাপক উত্তেজনা অব্যাহত আছেঃ উল্লেখ্য যে, যোৱা ২৬ মে’ত খাৰঘূলীত জলবোৰ্ডৰ প্ৰকাণ্ড পাইপ ফাটি এগৰাকী মহিলাৰ মৃত্য ঘটাৰ লগতে বিস্তৰ ক্ষতি হৈছিল ৷ সেই ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই ৷ আজি আকৌ সংঘটিত হ’ল আকৌ অনুৰূপ ঘটনা ৷

এই ঘটনাৰ পিছত গুৱাহাটীৰ জলবোৰ্ডৰ পাইপৰ নিৰাপত্তাক লৈ আকৌ প্ৰশ্ন উত্থাপন হৈছে যে সঁচাকৈয়ে জলবোৰ্ডৰ ওচৰত জনজীৱন আৰু জনসম্পত্তি কোন নিৰাপদ ? উচিত তদন্তৰে দোষীক শাস্তি দি জনতাক পানীৰ পাইপৰ পৰা যে জনসাধাৰণ নিৰাপদ সেই আশ্বাস দিব পাৰিবনে চৰকাৰে ?

লগতে পঢ়ক: Fertiliser Jihad : ৰাসায়নিক সাৰ ব্যৱহাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ নতুন অস্ত্ৰ 'সাৰ জিহাদ'

Last Updated : Jun 12, 2023, 5:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.