ETV Bharat / state

Barsha Rani Bishaya in Nalbari: নলবাৰীত অভিনেত্ৰী বৰষা ৰাণী বিষয়ালৈ ৰামচৰণ তামুলী বঁটা প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 1:02 PM IST

ৰাঘৱৰ সন্দৰ্ভত নলবাৰীত প্ৰতিক্ৰিয়া অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ । নলবাৰীত ৰামচৰণ তামুলী বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে ।

Barasha Rani Bishaya receives Ramcharan Tamuli Memorial Award  In Nalbari
বৰষা ৰাণী বিষয়া লৈ ৰামচৰণ তামুলী বঁটা

বৰষা ৰাণী বিষয়া লৈ ৰামচৰণ তামুলী বঁটা

নলবাৰী, ৫ নৱেম্বৰ: এগৰাকী শিল্পীয়ে অন্য এগৰাকী শিল্পীলৈ দেখুৱালে মহানুভৱতা । নলবাৰীত জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই দেখুৱালে মহানুভৱতাৰ নিদৰ্শন । নলবাৰী নাট্য মন্দিৰত শনিবাৰে নিশা অনুষ্ঠিত হৈছিল ৰামচৰণ তামুলী সোঁৱৰণী দ্বিতীয় বাৰ্ষিক শিল্পী বঁটা প্ৰদান অনুষ্ঠান । এই বঁটা প্ৰদান কৰা হয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক ।

বৰষা ৰাণী বিষয়াই এই অনুষ্ঠানত উপস্থিত থাকি বঁটা গ্ৰহণ কৰে । ৰামচৰণ তামুলী সোঁৱৰণী দ্বিতীয় বাৰ্ষিক শিল্পী বঁটা গ্ৰহণ কৰি বৰষা ৰাণী বিষয়াই দেখুৱালে মহানুভৱতাৰ সুন্দৰ নিদৰ্শন । দৰাচলতে বৰষা ৰাণী বিষয়াই বঁটাৰ সৈতে লাভ কৰা ২৫,০০০ টকাৰ ১০,০০০ টকা প্ৰদান কৰিলে অন্য এজন শিল্পীক । নলবাৰী বাঁহজানীৰ পুতলা নাচৰ লোক শিল্পী গোবিন্দ তালুকদাৰক অভিনেত্ৰীগৰাকীয়ে প্ৰদান কৰিলে এই বঁটাৰ সৈতে লাভ কৰা ধনৰাশিৰ কিছু অংশ ।

সেয়েহে, ক’ব পাৰি যে অভিনেত্ৰীগৰাকীৰ এনে পদক্ষেপত এগৰাকী শিল্পীৰ আন এগৰাকী শিল্পীলৈ থকা মহানুভৱতা সুন্দৰকৈ প্ৰকাশ পাইছে । ইফালে যতীন বৰাৰ ছবি ৰাঘৱক লৈ সৰ্বত্ৰে চলি থকা বিতৰ্কৰ মাজতে ৰাঘৱৰ সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয় যে, শাৰীৰিক অসুস্থতা তথা সময়ৰ বাবে বৰ্তমানলৈ ৰাঘৱ চোৱা নাই ।

ইয়াৰ উপৰিও বৰষা ৰাণী বিষয়াই কয়- দৰ্শক আমাক লৈ আবেগিক । ছবি এটা মুদ্ৰাৰ দৰে । এটা পিঠিত ছবি নিৰ্মাতা থাকে আনটো পিঠিত থাকে দৰ্শক । ছবি দৰ্শক অবিহনে অসম্পূৰ্ণ । দৰ্শকে অসমীয়া ছবি নোচোৱা নহয় আৰু সেয়া প্ৰমাণিত হয় ৰত্নাকৰ, ডাঃ বেজবৰুৱা, মিছন চাইনা বক্স অফিচ সংগ্ৰহৰ পৰা ৷ অৱশ্যে ৰাঘৱক লৈ মই বাকৰুদ্ধ ।

উল্লেখ্য যে, উক্ত বঁটা প্ৰদান অনুষ্ঠানৰ পিচতেই লাইট অফ ভিলেজ এনাৰ্জী আৰু ৰামচৰণ তামুলী ন্যাসৰ প্ৰযোজনাত অভিনৱ নাট্য গোষ্ঠীৰ নিবেদনত নাট্যকাৰ অনুপ কুমাৰ মজুমদাৰৰ ৰচিত আৰু পৰিচালিত "দীঘল হাতৰ চোলা" শীৰ্ষক নাট মঞ্চস্থ কৰা হয় । এই অনুষ্ঠানত বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: Raghav Boycott Trend : ৰাঘৱক লৈ সৃষ্টি হোৱা পৰিৱেশে ভীতিগ্ৰস্ত কৰিছে বৰষা ৰাণী বিষয়াক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.